ETV Bharat / state

বানত বিনষ্ট শ শ হেক্টৰ ভূমিৰ বৰোধান : চকুলো টুকিছে কৃষকে - ASSAM FLOOD 2024

Flood in Morigaon: কপালৰ ঘাম মাটিত পেলাই কৰা বৰোধানৰ খেতি এতিয়া পানীৰ তলত ৷ পথাৰতে মেলিছে গজালি ৷ খবৰ লোৱাৰ আহৰি নাই বিয়াগোম কৃষি বিভাগৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:49 PM IST

Flood in Morigaon
বানত বিনষ্ট শ শ হেক্টৰ ভূমিৰ বৰোধান (ETV Bharat Assam)

মৰিগাঁও, 3 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ সোমবাৰে মৰিগাঁও জিলাৰো ন ন অঞ্চল প্লাৱিত হোৱা দেখা যায় । বছৰৰ প্ৰথমটো বানৰ কৱলত পৰা জিলাখনৰ হাজাৰ, হাজাৰ হেক্টৰ বৰোধান পানীৰ তলত থকা দেখা গৈছে ।

কেবাদিনো ধৰি পানীৰ তলত থকাৰ ফলত পথাৰতে হেঁপাহৰ সোণগুটিৰ গজালি মেলিছে ৷ মৰণক শৰণ দি বাঢ়নী পানীৰ মাজতে বৰোধান চপোৱাৰ চেষ্টা কৰিছে শ্ৰমজীৱী চহা, কৃষক, ৰোৱনী-দাৱনীয়ে । ওখ ঠাইত শিবিৰ পাতিছে বানাক্ৰান্ত কৃষক পৰিয়ালে ।

ইমানৰ পিচতো জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে বানাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইপালে ওখ ঠাইলৈ ঢাপলি মেলিছে চহা কৃষক পৰিয়ালসমূহে । চাৰণ বিলৰ মথাউৰিৰ ওপৰৰে পানী বাগৰাৰ ফলত বহু ঠাইত যোগাযোগ বিচ্ছিন্ন হোৱাও দেখা গৈছে । বৰো খেতিয়কৰ অৱস্থাও পানীত হাঁহ নচৰাৰ দৰে হৈছে । হাজাৰ-হাজাৰ হেক্টৰ বৰোধান পৰিছে বানৰ কবলত ৷ ফলত ভীষণ লোকচানৰ সন্মুখীন হৈচে মৰিগাঁৱৰ মৰাকলং, চাৰণপাৰকে ধৰি বহু অঞ্চলৰ হাজাৰ হাজাৰ বৰো খেতিয়ক ।

বাঢ়নী পানীৰ মাজতে জিলাখনৰ বৰো খেতিয়কসকলে সংগ্ৰহ কৰিছে হেঁপাহৰ সোণগুটি । দেওবাৰে মৰিগাঁও মৰাকলং আৰু বঘৰা, ঔজাৰি, চাৰণবিল অঞ্চলত কলং আৰু কপিলীৰ বাঢ়নী পানীত ডুব যায় অঞ্চলটোত হাজাৰ-হাজাৰ বিঘা পকা বৰোধান ।

ফাগুন-চ'ত মাহৰ পৰা বহু কষ্ট স্বীকাৰ কৰি, মহাজনৰ পৰা ধাৰ-ঋণ লৈ বৰো খেতি কৰা খেতিয়কসকলে এতিয়া মূৰে-কপালে হাত দিবলগীয়া অৱস্থাত পৰিছে । যিয়ে পাৰে ওখ ঠাইলৈ ডাঙৰী কঢ়িয়াই আনিছে যদিও ৰেমলৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথাৰতে গজালি মেলাৰ বাবে লোকচানৰ সন্মুখীন হৈছে বৰো ধানৰ খেতিয়কসকল ।

লগতে পঢ়ক: ৰাজ্যত অপৰিৱৰ্তিত বান‌ পৰিস্থিতি, ৫.৩৫ লক্ষাধিক লোক বানৰ কৱলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.