লামডিং, 20 মে’ : পোহৰলৈ আহিছে ৰাজ্যৰ ৰে’লৱে বিভাগৰ উদ্বেগজনক তথ্য ৷ ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ লগতে চোৰাং ব্যৱসায়ৰ বিৰদ্ধে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও প্ৰশাসনৰ চকুত ধূলি ছটিয়াই একাংশ সৰবৰাহকাৰীয়ে সৰবহাৰ অব্যাহত আছে ৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এনে সৰবৰাহকাৰীৰ সহজ লক্ষ্য হৈছে ৰে’লপথ ৷
প্ৰায় সংখ্যক চোৰাং বেহাৰ লগতে প্ৰৱঞ্চনাৰ ঘটনা অত্যধিক মাত্ৰাত ৰে’লযোগে সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে ৷ দেওবাৰে লামডিঙত এন এফ ৰে’লৱে সুৰক্ষা বাহিনীৰ (আৰ পি এফ) ৰ আই জি কে অৰুল জোঠীয়ে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ মন্তব্য প্ৰদান কৰে ।
এই সংবাদমেলত তেওঁ ৰে’লত ৰে’ল যাত্ৰীৰ সুৰক্ষাৰ সজাগতাৰ উপৰিও চলিত বছৰটোত ৰে’ল সুৰক্ষা বাহিনীৱে ট্ৰেইনত নিষিদ্ধ সামগ্ৰীৰ উদ্ধাৰ কৰাৰ লগতে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা বহু লোককো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
তেওঁ কয় যে 2023-24 বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে’লৱে 11 কোটি 47 লাখ গাঞ্জা, ব্ৰাউন ছুগাৰ, ড্ৰাগছ, হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই ক্ষেত্ৰত সকলোতকৈ শীৰ্ষ স্থানত আছে অসমৰ লামডিং ৷ বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত এতিয়ালৈকে 280 গৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হৈছে ৷ বিগত বৰ্ষত ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা আছিল 45 ৰ পৰা 50 জন ৷ এইবৰ্ষত ৰে’লৱে বিভাগ পূৰ্বতকৈ অধিক সতৰ্ক হৈছে বুলি তেওঁ কয় ৷
লগতে এইবৰ্ষত ৰে’লৰ পৰা 281 গৰাকী শিশু উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে 70 শতাংশই কন্যা শিশু ৷ ইয়াৰোপৰি ৰে’ল আৰক্ষীয়ে ৰে’লত যাত্ৰীক নিচাসক্ত কৰি ভিন্ন অপৰাধ সংঘটিত কৰা কেইবাটাও গেঙক আটক কৰিবলৈ সক্ষম হৈছে বুলি সংবাদমেলখনত উল্লেখ কৰে আই জি কে অৰুল জোঠীয়ে ৷
আনহাতে ৰে’লৰ পাৰ্ছেল দবাত গোপনে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ ঘটনা ৰোধ কৰিবলৈ অতি সোনকালে ৰে’ল বিভাগে বিভিন্ন ষ্টেচনৰ পাৰ্ছেল কাৰ্যালয়তে স্ক্ৰীনিং মেচিনৰ জৰিয়তে স্ক্ৰীনিং কৰাৰ পাচতহে পঠোৱাৰ ব্যৱস্থা কৰিব বুলি অৱগত কৰে এন এফ ৰে’লৱে সুৰক্ষা বাহিনীৰ (আৰ পি এফ) ৰ IG গৰাকীয়ে । এনে স্ক্ৰীণিঙৰ জৰিয়তে সঠিকভাৱে পাৰ্ছেলসমূহ পৰীক্ষা কৰিব পৰা যাব ৷