ETV Bharat / state

কোটিটকীয়া হাউলীৰ ৰাসৰ লটাৰীৰ অনুমতি বিচাৰি মুখ্য সচিবক পত্ৰ - HOWLY RAAS COMMITTEE

বহুচৰ্চিত হাউলীৰ ৰাসৰ লটাৰী খেলখন অনুষ্ঠিত হ'ব পাৰে ৷ অপেক্ষা এতিয়া চৰকাৰৰ সেউজ সংকেতলৈ ৷

Howly Raas Lottery
কোটিটকীয়া হাউলীৰ ৰাসৰ লটাৰীৰ অনুমতি বিচাৰি মুখ্য সচিবক পত্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 4:12 PM IST

হায়দৰাবাদ: ৯৭ টা বছৰ গৰকা হাউলীৰ ঐতিহাসিক ৰাসৰ সময়ত প্ৰতিবছৰে হোৱা বহুচৰ্চিত কোটিটকীয়া লটাৰী খেলখন এইবাৰ হ'বনে বাৰু ? কিয়নো ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলো ধৰণৰ লটাৰী খেল বন্ধ কৰিবলৈ চৰকাৰক নিৰ্দেশনা দিছে ৷ অৱশ্যে হাউলীৰ ৰাসৰ লটাৰীত টিকট এটা কিনি নিজৰ ভাগ্য পৰীক্ষা কৰিম বুলি আগ্ৰহেৰে ৰৈ থকাসকলৰ বাবে এটা আশাৰ খবৰ আছে ৷ খবৰটো হ'ল যে এইবাৰো হাউলীৰ ৰাসৰ লটাৰী খেলখন আগৰ দৰেই হোৱাৰ সম্ভাৱনা আছে ৷

হাউলী ৰাস সমিতিৰ সভাপতি তথা সদ্য অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হেমেন দাসে ই টিভি ভাৰতৰ আগত ব্যক্ত কৰিছে এই কথা ৷ দাসে ই টিভি ভাৰতক কয়- "আমি ইতিমধ্যে উচ্চ ন্যায়ালয়ত এই বিষয়ে আৱেদন জনাইছিলো ৷ কিয়নো হাউলীৰ ৰাসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা এই লটাৰী খেলখনে ইতিমধ্যে প্ৰায় ২৫ টা বছৰ অতিক্ৰম কৰিছে ৷ ন্যায়ালয়ে আমাক কৈছে যে কেৱল অবৈধ লটাৰী বন্ধৰহে নিৰ্দেশ দিয়া হৈছে ৷ যদি ৰাজ্য চৰকাৰে কোনো লটাৰী বৈধ বুলি ভাবে আৰু অনুমতি দিয়ে তেন্তে তেনে লটাৰী অনুষ্ঠিত কৰাত বাধা নাই ৷ গতিকে আমি হাউলী ৰাস সমিতিয়ে আজি (সোমবাৰ) আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰক আৱেদন জনাইছো যাতে এইবাৰো লটাৰীখন অনুষ্ঠিত কৰাত আমাক অনুমতি দিয়ে আৰু আমি আশা কৰিম চৰকাৰে নিশ্চয় সোনকালেই আমাক অনুমতি দিব ৷"

উল্লেখ্য যে সোমবাৰে চৰকাৰৰ অনুমতি বিচাৰি হাউলী ৰাস সমিতিয়ে ৰাজ্যৰ মুখ্য সচিবৰ হাতত এক আৱেদন দাখিল কৰে ৷ হাউলীৰ এই বিশেষ লটাৰী খেলখনৰ প্ৰতি সমগ্ৰ অসমবাসীৰেই দৃষ্টি নিৱদ্ধ থাকে ৷ কিয়নো এইখন লটাৰীত উপহাৰ হিচাপে থাকে ৰেঞ্জ ৰ'ভাৰ, মাৰ্চিডিজ, অ'ডি, ফৰ্চুনাৰ, ইন'ভা, স্ক'ডা আদিকে ধৰি কোটি টকা মূল্যৰ কেৱল গাড়ী ৷

সভাপতি দাসে আৰু কয়- "যোৱা বছৰকেইটাত এই লটাৰীৰ পৰা ৰাহি হোৱা মুঠ ছয় কোটি ছয় লাখ টকা বৃহত্তৰ হাউলী অঞ্চলৰ মানৱ সম্পদ উন্নয়ন, সত্ৰ-নামঘৰ-মন্দিৰ আদিৰ উন্নয়ন, খেলৰ প্ৰশিক্ষণ, সংগীতৰ প্ৰশিক্ষণ আদিত ব্যয় কৰি অহা হৈছে ৷" গতিকে স্বাভাৱিকতে এতিয়া অপেক্ষা চৰকাৰৰ অনুমতিলৈ ৷

লগতে পঢ়ক: ৰাজ্যত সকলো ধৰণৰ লটাৰী বন্ধ কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.