ETV Bharat / state

আবিৰৰ ৰঙেৰে ৰঙীণ বৰপেটা সত্ৰ - DOUL MAHOTSAV OF BARPETA SATRA - DOUL MAHOTSAV OF BARPETA SATRA

Daul Mahotsav of Barpeta Satra: সমাগত ৰঙৰ উৎসৱ হোলী । হোলী মানেই যেন বৰপেটা সত্ৰ । কিদৰে বৰপেটা সত্ৰত উদযাপন কৰা হয় শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ? সেই সন্দৰ্ভত এক প্ৰতিবেদন ।

Daul Mahotsav of Barpeta Satra
আবিৰেৰে ৰঙীণ বৰপেটা সত্ৰ
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 7:54 PM IST

Updated : Mar 23, 2024, 8:46 PM IST

আবিৰেৰে ৰঙীণ বৰপেটা সত্ৰ

বৰপেটা, ২৩ মাৰ্চ: বসন্তৰ আগমনত জীপাল হৃদয় । মনৰ ৰংবোৰ উৰিছে আবিৰ হৈ, সৰাপাতে লিখা চিঠিবোৰত সপোন বিয়পিছে আবিৰ হৈ । ফাগুনে আজুৰি নাঙঠ কৰা আঁহতজুপিয়ে সেউজীয়া চোলা পিন্ধিবলৈ লওতেই দেহে মনে আবিৰ সানিবলৈ আহিছে ৰঙৰ উছৱ । পছোৱাৰ বা-লাগি নামিছে বসন্ত । ৰংবোৰ যেন ভগাই লোৱাৰ সময় এয়া । আবিৰৰ উৎসৱলৈ মাজত মাত্ৰ কেইটিমান মূহুৰ্ত্ব । গুঞ্জৰিছে মধুকৰ, বিয়পিছে আবিৰৰ সুবাস । হোলী মানেই বৰপেটা সত্ৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰাচীন ভাৰতৰ বসন্ত ঋতুত উদযাপিত উৎসৱসমূহৰ ভিতৰত অন্যতম হ'ল মদনোৎসৱ ৷ বসন্ত ঋতুত এই উৎসৱ অনুষ্ঠিত হয় বাবে ইয়াক বসন্ত উৎসৱ বুলিও কোৱা হয় ৷ বসন্ত উৎসৱৰে গুৰুত্বপূৰ্ণ অংগ হ'ল ফাকুৱা তথা হোলী উৎসৱ । ভাৰতৰ ঠাই ভেদে ইয়াক হোলীৰ উপৰিও ফল্গু উৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায় । ষষ্ঠদশ শতিকাৰ মাজভাগত ফল্গু উৎসৱৰ মধ্যমণি হৈ পৰে ভগৱান শ্ৰীকৃষ্ণ ৷ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ মহাপুৰুষ জনাই বৈকুণ্ঠৰ আৰ্হিত সাত খলপীয়া দৌল সাজি এই উৎসৱ পাতিছিল । বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিতে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত পাতনি মেলিছিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ।

নক্ষত্ৰ গণনা অনুসৰি বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া অথবা পাঁচদিনীয়াকৈ পালন কৰা হয় ৷ বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ তিনিদিনীয়াকৈ পালিত হ'লে প্ৰথম দিনা গোন্ধ সভা বা বহ্নুৎসৱ, দ্বিতীয় দিনা ভৰদৌল আৰু তৃতীয় দিনা ফাকুৱা তথা সুঁৱেৰী উৎসৱ উদযাপন কৰা হয় ৷ চাৰিদিনীয়াকৈ পালন কৰিলে ভৰদৌল দুদিন আৰু পাঁচদিনীয়াকৈ পালন কৰিলে ভৰদৌল তিনিদিনীয়াকৈ পালন কৰা হয় ৷ বহ্নুৎসৱৰ দিনাখন সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক বাহিৰলৈ উলিয়াই অনা হয় ৷

দুয়োজনা গোসাঁইক পূৱ দুৱাৰ আৰু ঘাই দুৱাৰেৰে সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি বৰ শৰাইত ৰাখি মহাস্নান পৰ্ব সম্পন্ন কৰা হয় ৷ পূজাৰীৰ মহাস্নান, গায়ন-বায়নৰ খোল-তাল, ঘোষাৰ সুৰ আৰু ঢুলীয়াৰ ঢোলৰ ছন্দত বৰপেটা সত্ৰত বিৰাজ কৰে অবৰ্ণনীয় উৎসৱমুখৰ পৰিৱেশে । দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইৰ মহাস্নান সম্পন্ন হোৱাৰ পাছত সন্ধিয়া দুয়োজনা গোসাঁইক সত্ৰৰ টুপৰ চোতালত ভক্তসকলে বিৰিয়া, ইকৰা আদিৰে সজা মেজি পুওৱা হয় । তাৰ পাছত নিৰ্দিষ্ট ক্ষণলৈ যোগমোহন গৃহত ৰখা হয় ৷ ইয়াৰ পিচত গণনাৰ সময় অনুসৰি দৌলগৃহৰ চাৰিও পিনে সাতপাক ঘুৰাই দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলগৃহত আৰোহণ কৰা হয় ৷

ভৰদৌলৰ দিনা পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত দৌল গৃহৰ সন্মুখতে থকা যোগমোহন গৃহত আইসকলৰ প্ৰসংগ ,ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল বাদন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ দৌলগৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দি সেৱা জনোৱাৰ পিছত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে দৌলগৃহত দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক ফাকুগুৰিৰে সেৱা জনায় ৷ অন্তিম দিনাখন ফাকুৱা অৰ্থাৎ সুঁৱেৰী ৷ সুঁৱেৰী দিনাও ৰঙে ৰঙে একাকাৰ হৈ পৰে সত্ৰনগৰী বৰপেটা ৷

সত্ৰৰ আকাশত উৰে নানৰঙী আবিৰ । আকাশ-বতাহ মুখৰিত হয় হোলী গীতৰ সুৰত । আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰেৰে ৷ বৰপেটাৰ প্ৰাণৰ উছৱ, মনৰ উছৱ, ৰঙৰ উছৱ দেউলৰ আনন্দ উলাহত মতলীয়া হৈ পৰা প্ৰতিজনৰ কন্ঠৰ পৰা নিগৰিত হয় হোলীগীতৰ অমিয়া সুৰ ৷ আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলীগীতৰ সুৰত বৈকুন্ঠপুৰীত পৰিনত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷ বিয়লি দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন বায়ন, বুঢ়াসত্ৰীয়া প্ৰমুখ্যে হেজাৰ হেজাৰ ভক্তই বৰপেটা সত্ৰত দক্ষিণ দিশত অৱস্থিত কলবাৰী সত্ৰলৈ হেকেটা মাহ খুৱাবলৈ লৈ যায় ।

দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইৰ সৈতে বাৰাদি সত্ৰৰ গোসাইকো দোলাত তুলি কলবাৰী সত্ৰলৈ লৈ যোৱা হয় ৷ ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোসাইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ গোঁসাই উভতি আহি বৰপেটা সত্ৰৰ দালানৰ সমুখ পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত হয় বাঁহ ভঙা কাৰ্য ।

ঘৰ এৰি ঘুনুচাৰ ওচৰলৈ যোৱাৰ অভিমান । ঠেহপাতি লক্ষ্মী দেৱীয়ে ভেটে বাট । কিংবদন্তি অনুসৰি ঘৰ এৰি ঘুনুচাৰ ওচৰলৈ যোৱাৰ অভিমানতে লক্ষ্মী দেৱীৰ হৈ তেওঁৰ ভক্তসকলে কলীয়া গোঁসাইক বাঁহ ভেটি ধৰি পুনৰ প্ৰৱেশত বাধা প্ৰদান কৰে । অৱশ্যে গোসাঁইৰ ফৈদৰ ভক্তসকলে বাঁহ ভাঙি প্ৰৱেশ কৰে । এনেদৰে প্ৰৱেশৰ পাচতে ভক্তসকলে গোঁসাইক সত্ৰৰ মূলগৃহৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰাই মনিকূট গৃহত প্ৰৱেশ কৰে ৷ গোঁসাই মনিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰে সত্ৰনগৰী বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ ৷ উল্লেখ্য যে এইবাৰ বৰপেটা সত্ৰত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়াকৈ পালন কৰা হ'ব দৌল মহোৎসৱ ।

এয়াই বসন্তৰ আনন্দ, এয়াই হোলীৰ আমেজ । আধ্যাত্মিকতাৰ মাজেৰে আনন্দময় পৰিৱেশৰ আমেজ ল'বলৈ আপুনিও আহিব এপাক বৰপেটাৰ দৌল মহোৎসৱলৈ । ৰঙীণ হ'ব মন, ৰঙীণ কৰিব পাৰিব জীৱন ।

লগতে পঢ়ক: হোলী খেলাৰ সময়ত চকু-কাণ-মুখত ৰং সোমালে তাৎক্ষণিকভাৱে গ্ৰহণ কৰক এই ব্যৱস্থা - Holi Health Care

Last Updated : Mar 23, 2024, 8:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.