ETV Bharat / state

এবাৰ ভাঙিছে-আকৌ‌ নিৰ্মাণ কৰিছে : গুৱাহাটীত পদসেতু কাৰ বাবে ? - Foot Bridge in Guwahati

Foot Bridge in Guwahati: গুৱাহাটীত নিৰ্মাণ কৰা পদসেতু(Foot bridge) বোৰ আচলতে কাৰ বাবে ? এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন । মহানগৰীত যাতায়ত সুচল কৰা আৰু পথচাৰীৰ সহায়ৰ বাবে পদসেতু নিৰ্মাণ কৰা‌ হৈছেনে ? নে একাংশ ঠিকাদাৰক ধনী কৰা আৰু বিভাগীয় মন্ত্ৰীক কমিছন লোৱাত সহায় কৰাৰ বাবে বাৰে বাৰে নিৰ্মাণ কৰি বাৰে বাৰে ভাঙি থকা হৈছে এই পদসেতুসমূহ ?

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:44 PM IST

How successful has the state govt been in constructing foot bridges in Guwahati?
গুৱাহাটীত পদসেতু কাৰ বাবে (ETV Bharat Assam)

গুৱাহাটী,২০ জুলাই: গুৱাহাটী মহানগৰী উন্নীতকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বহু পদক্ষেপ । নিৰ্মাণ কৰা হৈছে উৰণসেতু তথা পদসেতু(Foot bridge) । পিচে নিৰ্মাণৰ মাত্ৰ কেইবছৰমানৰ পাচতেই বিকল হৈ পৰে পদসেতুৰ এস্ককেলেটৰ বা পুৰণিবোৰ ভাঙি নতুনকৈ নিৰ্মাণ কৰা হয় পদসেতুবোৰ । যাৰ ফলত সমস্যাত পৰে মহানগৰবাসী ।

গুৱাহাটীত ২০০৮ চনত নিৰ্মাণ আৰম্ভ কৰা পদসেতুবোৰ ৰাইজৰ সদব্যৱহাৰত অহা নাই । তদুপৰি অতি নিম্ন মানৰ এই পদসেতুবোৰ নিৰ্মাণ কৰাৰ বাবে কিছুবছৰ পিচতে বন্ধ হৈ পৰে ।

ভঙা হ'ল ভৰলুমুখত নিৰ্মাণ কৰা পদসেতু

শেহতীয়াভাৱে আজিৰ পৰা ১৩ বছৰ পূৰ্বে ভৰলুমুখত নিৰ্মাণ কৰা পদসেতুখন লোক নিৰ্মাণ বিভাগে ভাঙিবলৈ আৰম্ভ কৰিছে । ২০১১ চনত ৫০ লাখ টকা ব্যয় কৰি চৰকাৰে তৰুণৰাম ফুকন উদ্যান আৰু শংকৰদেৱ উদ্যানক সংযোগ কৰি এই পদ সেতুখন নিৰ্মাণ কৰিছিল ।

কোনো যানজঁট নোহোৱা ঠাইত এনে পদসেতুখন নিৰ্মাণ কৰাক লৈ ৰাইজে আপত্তি কৰিছিল । পদসেতুখন নিৰ্মাণ কৰা হ'ল ঠিকেই, কিন্তু এইখন‌ কোনো পথচাৰীয়ে ব্যৱহাৰ কৰা দেখা নগ'ল । পদসেতুখন পিচলৈ অসামাজিক কামৰ আড্ডা হৈ পৰিল । এতিয়া চৰকাৰে এইখন ভাঙিবলৈ আৰম্ভ কৰিছে ।

দুবাৰকৈ ভঙা হ'ল মালিগাঁৱৰ পদসেতু

২০১৩ চনত নিৰ্মাণ কৰা হৈছিল মালিগাঁও চাৰিআলিত এখন পদসেতু । ৫০ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল পদসেতুখন । কিন্তু পদসেতুখন অতি নিম্নমানৰ আছিল । নিৰ্মাণৰ তিনিবছৰ পিচতে সেতুখনৰ এটা অংশ খহি পৰে ।

তাৰ পিচতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই পদসেতুখন ভাঙি নতুনকৈ ৭০ লাখ টকা খৰচ কৰি ২০১৮ চনত লিফ্টযুক্ত নতুন পদসেতু নিৰ্মাণ কৰে । পিচলৈ চোৱাচিতাৰ অভাৱত পদসেতুখন‌ জহিখহি পৰিবলৈ আৰম্ভ কৰে । শেষত মালিগাঁৱত উৰণসেতু নিৰ্মাণৰ কাৰণে ২০২১ চনত এই সেতুখন ভাঙি পেলোৱা হয় ।

বন্ধ হৈছে ২০১৩ চনত নিৰ্মাণ কৰা লাচিত নগৰৰ পদসেতু

লাচিত নগৰৰ জি এছ ৰোডত ২০১১ চনত ৫০ লাখ টকাৰে এখন পদসেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা‌ হৈছিল । গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সেতুখন নিৰ্মাণ কৰিছিল । তিনিবছৰ পিচত অৰ্থাৎ ২০১৩ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল । কিন্তু মেৰামতিৰ অভাৱত এই পদসেতুখনৰে অহা-যোৱা বন্ধ হৈ পৰে ।

যোৱা এবছৰ ধৰি বাহ বান্ধি পদসেতুখনত প্ৰৱেশ বন্ধ কৰি থোৱা আছে । পথচাৰীসকলক পথৰ মাজেৰে পাৰ হোৱাৰ ব্যৱস্থা কৰা হৈছে ।

২০০৮ চনত গুৱাহাটীত নিৰ্মাণ কৰা প্ৰথমখন পদসেতু ভালুকৰ সাঙীত পৰিণত

গুৱাহাটীৰ প্ৰথমখন পদসেতু নিৰ্মাণ কৰা হৈছিল ২০০৮ চনত । শুক্ৰেশ্বৰ দেৱালয় আৰু পাণবজাৰৰ শৰৎ চন্দ্ৰ গোস্বামী পথৰ সংযোগ কৰি এই পদসেতুখন নিৰ্মাণ কৰা হৈছিল । পদসেতুখনৰ নিৰ্মাণৰ ছমাহ নৌহওঁতেই ভালুকৰ সাঙীত পৰিণত হৈছিল । গুৱাহাটীৰ অতিকৈ ব্যস্ততম পাণবজাৰত দেৱালয়লৈ দৈনিক পূজা-পাৰ্বণৰ বাবে অহা হেজাৰ হেজাৰ ভক্তৰ সুবিধাৰ বাবে এই পদসেতুখন নির্মাণ কৰা হৈছিল ।

২০০৮ চনৰ ১০ জুনত আধাৰশিলা স্থাপন কৰা এই সেতুখনৰ নির্মাণকাৰ্যৰ তদাৰক কৰিছিল গড়কাপ্টানি বিভাগে । পদসেতুখনৰ নক্সা প্রস্তুত কৰিছিল অভিযন্তা জে এ এন খাটনিয়াৰে । শৰৎ চন্দ্র গোস্বামী পথৰ দিশত সেতুখন নির্মাণ কৰাৰ বাবে উপযুক্ত স্থান বিচাৰি অভিযন্তা খাটনিয়াৰে পদসেতুখনৰ নক্সা পাঁচবাৰ পৰিৱৰ্তন কৰাৰ পিচতহে চূড়ান্ত ৰূপ দিবলৈ সক্ষম হৈছিল ।

কিন্তু নির্মাণ সম্পূর্ণ হোৱা পিচত সেতুখনৰ কাৰিকৰী বিসংগতি ৰৈ গৈছিল । পিচত ২০২১ চনত পুৰণিখন ভাঙি নতুনকৈ এইখন নিৰ্মাণ কৰা হয় । শুক্ৰেশ্বৰ দেৱালয়লৈ অহাসকলে পদসেতুখনৰ ওপৰেৰে বেছি দুৰত্ব অতিক্রম তথা সময় খৰচ কৰিবলগীয়া হোৱাৰ বাবে সেতুখন বহু পথচাৰীয়ে ব্যবহাৰ নকৰে ।

বর্তমান সেতুখনেৰে যি দুই-চাৰি লোক পাৰ হয়, সেয়া একমাত্র শুক্রেশ্বৰলৈ অহা ভক্তহে । ইয়াৰ বাহিৰে অঞ্চলটোৰ সাধাৰণ পদযাত্রীসকলে সেতুখন ব্যৱহাৰ কৰা দেখা নাযায়, তাৰ পৰিৱর্তে পথচাৰী বিপদসংকুলতাৰে সেতুখনৰ তলেৰে পাৰ হোৱা দেখা যায় ।

গুৱাহাটীত সাতখন এস্ককেলেটৰ পদসেতু অকাৰ্যক্ষম

গুৱাহাটীত উৰণসেতু আৰু পদসেতু নিৰ্মাণতে গুৰুত্ব দি অহা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ‌ পিচতে ২০২১-২২ চনত গুৱাহাটীত আঠখন এস্ককেলেটৰযুক্ত পদসেতু নিৰ্মাণ কৰা হৈছিল । ইয়াৰে জি এছ ৰোডত ৪ খন, এম জি ৰোডত এখন, কামাখ্যা গেটত এখন, বৰিপাৰা আৰু আদাবাৰী দুখন এস্ককেলেটৰযুক্ত পদসেতু নিৰ্মাণ কৰা হৈছিল । কিন্তু ইয়াৰে অধিকাংশৰে এস্ককেলেটৰ বিকল হৈ আছে । এনেদৰেই গুৱাহাটীত চলিছে পদসেতু(Foot bridge)ৰ নিৰ্মাণ আৰু চোৱাচিতা ।

লগতে পঢ়ক: Maligaon Foot Bridge : দুবছৰে পদদলংখন চোৱাচিতা কৰা নাই উন্নয়ন প্ৰাধিকৰণে

দেওবাৰে মহানগৰীৰ পদপথত মুকলি হ’ব 2খনকৈ উৰণীয়া সেঁতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.