ETV Bharat / state

বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত বোৱা গামোচাবোৰ কিদৰে চিনাক্ত কৰিব ? - Powerloom Gamocha - POWERLOOM GAMOCHA

ৰঙালী বিহুৰ প্ৰাকক্ষণত বজাৰ ভৰি পৰিছে বহিঃৰাজ্যৰ যন্ত্ৰচালিত বা পাৱাৰলুমৰ গামোচাৰে । একাংশ অসাধু ব্যৱসায়ীয়ে মুনাফা লাভৰ স্বাৰ্থত বজাৰত উভৈনদী কৰিছে বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত বোৱা গামোচা । সাধাৰণ ৰাইজে বহিঃৰাজ্যৰ গামোচাবোৰ কিদৰে চিনাক্ত কৰিব সেই বিষয়ে এক প্ৰতিবেদন ।

Ban on powerloom gamocha
বহি:ৰাজ্যৰ যন্ত্ৰচালিত গামোচা
author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 8:32 PM IST

বহিঃৰাজ্যৰ যন্ত্ৰচালিত গামোচা

গুৱাহাটী,৩ এপ্ৰিল: চৰকাৰে বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত বোৱা গামোচা নিষিদ্ধ কৰিলেও বজাৰত উভৈনদী হৈছে এনে গলবস্ত্ৰ । সাধাৰণতে ৰ যন্ত্ৰচালিত শালত বোৱা গামোচা তাঁতশালত প্ৰস্তুত কৰা গামোচা ক্ৰেতাসকলে সহজে চিনাক্ত কৰিব নোৱাৰে । এই সন্দৰ্ভত ব্যৱসায়ী সকলে উল্লেখ কৰা মতে, থলুৱা গামোচাত পুতলৰ দাগ থাকে । আনহাতে, যন্ত্ৰচালিতত শালত বোৱা গামোচাত পুতলৰ দাগ নাথাকে । তদুপৰি গামোচাবোৰ চুই চালেই ধৰিব পাৰি কোনবোৰ যন্ত্ৰচালিত আৰু কোনবোৰ থলুৱা শিপিনীয়ে তৈয়াৰ কৰা ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে, এই বিষয় সন্দৰ্ভত হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উপ সঞ্চালক ড৹ জয়ন্ত দেৱ শৰ্মাই উল্লেখ কৰা অনুসৰি হস্ততাঁতত বোৱা স্থানীয় গামোচাসমূহ হাতেৰে চুই চালে সদায় খহতা খহতা যেন লাগে। কিয়নো শিপিনীগৰাকীয়ে কাপোৰখন বই থাকোতে প্রতিটো খেপত দোৰপতিত (শ্লেত) যোৰ সমানকৈ নিদিয়ে। সেয়েহে প্রতি ইঞ্চিত থকা কাপোৰখনৰ বাণী সূতাৰ (পথালি সূতা) সংখ্যা সমান নহয় । কিন্তু বিদ্যুৎচালিত শালত বোৱা গামোচাত বাণী সূতাৰ সংখ্যা সমান থাকে আৰু কাপোৰ মিহি হয় । হস্ততাঁতত গামোচা বোৱনৰ সময়ত ব্যৱহৃত পুতলটো শিপিনীয়ে হাতেৰে পৰ্যায় ক্রমে সলনি কৰি থাকিব লাগে বাবে কাপোৰখনৰ পাৰিটো অলপ ফটা বা ছিঙা হয় । গামোচাখনৰ পাৰিটোৰ নিৰ্দিষ্ট অন্তৰে অন্তৰে ফুটা থকাওঁ দেখা যাব ।

আনহাতে, বিদ্যুৎচালিত শালৰ পুতলটো বেলেগ ধৰণৰ । ই বোৱন কাৰ্যৰ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈ একে পৰ্যায়ত লগোৱা থাকে। সেইবাবে পাৰিটো সমান আৰু মিহি হয় । কোনো ফুটা বা বিন্ধোৱা চিন নেথাকে । তাতশাল আৰু অৰ্দ্ধ স্বয়ংক্রিয় তাঁতশালত বোৱা সাধাৰণ গামোচাবোৰতো পাৰিত ফুটা ফুটা নেথাকে । এইক্ষেত্ৰত সূক্ষ্ম পৰ্যবেক্ষণৰ অতি প্ৰয়োজন । হস্ততাঁতত বোৱা গামোচাৰ চানেকিবোৰ কাপোৰখনত লিপিত খাই থকা দেখা যায় । কিন্তু বিদ্যুৎচালিত শালত বোৱা গামোচাত চানেকিবোৰ উঠা উঠা যেন হৈ থাকে বুলিও কয় । কাৰণ বিদ্যুৎচালিত শালত বোৱা গামোচাত চানেকি প্রস্তুতত সদায় ডাঠ ৰঙীন এক্রাইলিক সূতা ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । তেওঁ কয়,"আমাৰ স্থানীয় শিপিনীয়ে কিন্তু ফুলাম গামোচাত ৰঙীণ কপাহী সূতা দুই-তিনিডালমান লৈ তাক প্ৰস্তুত কৰে । সাধাৰণতে বেচিভাগ থলুৱা শিপিনীয়ে হস্ততাঁতত গামোচা বওতে চানেকিবোৰ কাপোৰখনৰ দুয়োটা মূৰে পাৰিটো এৰি আৰম্ভ কৰা দেখা যায় । কিন্তু বিদ্যুৎচালিত শালত তৈয়াৰী গামোচাত এয়া সম্ভৱ নহয় । তাত একেবাৰে পাৰিৰ মূৰৰ পৰা চানেকি প্রস্তুত হয় ।"

উপ সঞ্চালক ড৹ জয়ন্ত দেৱ শৰ্মাই পুনৰ কয় যে বিদ্যুৎচালিত শালত দীঘৰ সূতাবোৰ অধিক টান খুৱাইহে গামোচাখন বোৱা হয় । সেয়েহে কাপোৰখন বোৱাৰ পাচত কোচ নেখায় । হস্ততাঁতত গামোচা ববলৈ হ'লে তেনে নহ'লেও হয় বুলি তেওঁ কয় । শিপিনীগৰাকীৰ অসাৱধানতাৰ বাবে হস্ততাঁতত বোৱা গামোচাখনৰ চানেকিবোৰত সৰু সৰু ভুল কিছু পৰিমাণে ৰৈ যায় । কিন্তু বিদ্যুৎচালিত শালত তৈয়াৰী চানেকিত সাধাৰনতে ভুল নাথাকে ।

লগতে পঢ়ক:ৰঙালী বিহুৰ বজাৰত পাৱাৰলুমৰ গামোচাৰ প্ৰয়োভৰ: গ্ৰাহকেও বিচাৰে কম দামৰ গামোচাহে - Powerloom Gamocha

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.