গুৱাহাটী, ২ মে' : ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টিত ৭ মে'ত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্রতিন্দ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে মুঠ ৪৭গৰাকী প্ৰাৰ্থী । এই প্ৰাৰ্থীসকলৰ ভিতৰত আঠগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধমূলক গোচৰ । ইয়াৰে ভিতৰত সাতগৰাকীৰ বিৰুদ্ধে আছে আকৌ গুৰুতৰ অপৰাধৰ গোচৰ । আনহাতে, প্ৰাৰ্থীসকলৰ ভিতৰত কোটিপতি প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৫ গৰাকী । সকলোতকৈ ধনৱন্ত প্ৰাৰ্থী হৈছে ধুবুৰীৰ এআইইউডিএফৰ প্রার্থী বদৰুদ্দিন আজমল । তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫৫,০৭,১৬,৬৪৮ টকা ।
আনহাতে, একেবাৰে দুখীয়া প্ৰাৰ্থীগৰাকী হৈছে কোকৰাঝাৰৰ নির্দলীয় প্রার্থী তৃপ্তিনা ৰাভা । তেওঁৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ হৈছে ২৫,৫২১ টকা । প্ৰাৰ্থীসকলে শপতনামাত দিয়া তথ্য অনুসৰি, তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক ঋণগ্রস্ত প্রার্থী হৈছে বৰপেটাৰ নিৰ্দলীয় প্রার্থী দুলু আহমেদ । তেওঁৰ ঋণৰ পৰিমাণ হৈছে ১১,৮৬,২০,৩৯৩ টকা । বৰপেটা সমষ্টিৰ নিৰ্দলীয় প্রার্থী দুলু আহমেদৰ বিৰুদ্ধে ৰুজু হৈ আছে সৰ্বাধিক পোন্ধৰটাকৈ গোচৰ ।
গোচৰৰ ক্ষেত্রত দ্বিতীয় স্থানত আছে গুৱাহাটীৰ একম সনাতন ভাৰত দলৰ প্রার্থী অমিতাভ শৰ্মা । তেওঁৰ বিৰুদ্ধে আছে পাঁচটাকৈ অপৰাধমূলক গোচৰ । সেইদৰে ধুবুৰীৰ এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে দুটা গোচৰ আছে । আনহাতে, ধুবুৰীৰ নিৰ্দলীয় প্রার্থী ফাৰুক খানৰ বিৰুদ্ধে আছে দুটা গোচৰ । ধুবুৰীৰে নিৰ্দলীয় প্রার্থী শুকুৰ আলীৰ বিৰুদ্ধে এটা গোচৰ আছে । সেইদৰে বৰপেটা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে আছে এটা গোচৰ ।
ইফালে ধুবুৰীৰ নিৰ্দলীয় প্ৰাৰ্থী অলকেশ ৰায়ৰ বিৰুদ্ধে এটা গোচৰ আছে । কোকৰাঝাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈ আছে । মুঠ আঠগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ । তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ ভিতৰত সর্বাধিক ধনী প্রার্থী হিচাপে এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল বিবেচিত হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বৰপেটাৰ নিৰ্দলীয় প্রার্থী দুলু আহমেদ । দুলু আহমেদৰ আছে ৬৩,৫৭,১২,৭৬৫ টকাৰ সা-সম্পত্তি । ধনী প্ৰাৰ্থীৰ তালিকাত ২৫,২৯,৬৩,৮৮৮ টকাৰ সা-সম্পত্তিৰে তৃতীয় স্থানত আছে ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন । কোকৰাঝাৰত প্ৰতিন্দ্বন্দ্বিতা কৰা বিপিএফ প্রার্থী খাম্ফা বৰগয়াৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২৪,৮৪,৮০,৪৭৭ টকা ।
আনহাতে, গুৱাহাটীৰ একম সনাতন ভাৰত দলৰ প্ৰাৰ্থী অমিতাভ শর্মাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩,৮৮,৮২,০৫০ টকা । বৰপেটাৰ অগপ প্ৰাৰ্থী বিধায়ক ফণীভূষণ চৌধুৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩,২৮,০৬,৬০৬ টকা । বৰপেটাৰ নিৰ্দলীয় প্রার্থী জগন্নাথ ৰয়ৰ সম্পত্তিৰ পৰিমাণ হৈছে ২,৫৩,১৯,৪৭৬ টকা । ইফালে গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২,৩৭,৪৪,৪৮১ টকা । সেইদৰে কোকাৰাঝাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সম্পত্তিৰ পৰিমাণ হৈছে ২,২৮,৬৫,৭৯৭ টকা । আনহাতে, গুৱাহাটী সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৬১,৮৯,৭৫১ টকা ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৪৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৫ গৰাকী প্ৰাৰ্থী কোটিপতি । আনহাতে, শিক্ষাগত অৰ্হতাৰ দিশত তৃতীয় পৰ্যায়ৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে অষ্টম শ্রেণী উত্তীৰ্ণ ছয়গৰাকী, দশম শ্ৰেণী উত্তীৰ্ণ চাৰিগৰাকী, দ্বাদশ শ্রেণী উত্তীৰ্ণ আঠগৰাকী, স্নাতক ডিগ্ৰীধাৰী ১৯ গৰাকী, স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৬ গৰাকী আৰু স্নাতক ডিপ্ল'মাধাৰী ৪ গৰাকী প্রার্থী । সেইদৰে সকলোতকৈ ধৰুৱা প্ৰাৰ্থী হিচাপে বৰপেটা সমষ্টিৰ দুলু আহমেদৰ পাছতেই দ্বিতীয় স্থানত আছে বিপিএফৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী । তেওঁৰ ৭,৬১,৭৪,০৮৫ টকাৰ দেনা আছে । সেইদৰে তৃতীয় স্থানত থকা ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ঋণৰ পৰিমাণ হৈছে ৪,৩৬,৪৬,৪৮১ টকা ।
লগতে পঢ়ক :লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নোটা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা - Lok Sabha Election 2024