ETV Bharat / state

কিদৰে আইএ এছ বিষয়া ইন্দ্রেশ্বৰ কলিতাই গঢ়িছিল সম্পত্তিৰ পাহাৰ - Corrupt IAS officer

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 1:46 PM IST

Corrupt IAS officer: পেটৰ ভোকত এটকাৰ কাৰণে হামৰাও কাঢ়ি থকা এইখন ৰাজ্যত আন একাংশই আকৌ কম দিনতে হৈছে কোটিপতি । এইবাৰ পোহৰলৈ এগৰাকী আইএএছ বিষয়াৰ সম্পত্তিৰ তালিকা । নাম-বেনামে সম্পত্তিৰ পাহাৰ গঢ়া আবকাৰী বিভাগৰ সচিব ইন্দ্রেশ্বৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু ।

How IAS officer Indreshwar Kalita built a mountain of property in Guwahati
আইএ এছ বিষয়া ইন্দ্রেশ্বৰ কলিতাৰ পাহাৰ

গুৱাহাটী,২৫ এপ্ৰিল: এজন সাধাৰণ বিষয়াৰ কিমান ধন সম্পত্তি থাকিব পাৰে । এজন সাধাৰণ বিষয়াই কিমান দিনৰ ভিতৰত কোটিপতি হ'ব পাৰে তাৰে এক উদাহৰণ হৈছে আৰকাৰী বিভাগৰ সচিব তথা জ্যেষ্ঠ আইএএছ বিষয়া ইন্দ্রেশ্বৰ কলিতা । কলিতাই অতি কম সময়ৰ ভিতৰতে এজন সাধাৰণ বিষয়াৰ পৰা কোটিপতি ধনাঢ্য বিষয়ালৈ পৰিৱৰ্তন হৈছিল । এজন সাধাৰণ বিষয়াৰ পৰা কোটিপতি ধনাঢ্য বিষয়ালৈ পৰিৱৰ্তনৰ আঁৰত আছে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি ।

পদ, মর্যদাৰ অপব্যৱহাৰ কৰি নামে-বেনামে অগাধ ধন-সম্পত্তিৰ গৰাকী হৈছে আৰকাৰী বিভাগৰ সচিব ইন্দ্রেশ্বৰ কলিতা । আয় বহির্ভূত সম্পত্তিৰ বিৰুদ্ধে মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে ৰুজু কৰা গোচৰৰ তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে ইন্দ্ৰেশ্বৰ কলিতাৰ কোটিপতি হোৱাৰ বহু কাহিনী । মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে দুদিনকৈ জেৰা চলায় ইন্দ্ৰেশ্বৰ কলিতাক । জেৰাত কন্যাৰ বিয়া উপলক্ষে আয়োজন কৰা দীঘলীয়া অভ্যর্থনাত কিমান টকা ব্যয় কৰিছিল সেই প্রশ্নৰো উত্তৰ দিব লগা হয় ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অতি কম সময়ৰ ভিতৰতে কোটি টকাৰ সম্পত্তিৰ মালিক হৈছিল ইন্দ্ৰেশ্বৰ কলিতা । সাধাৰণ দৃষ্টিত তেওঁ প্রশাসনৰ এগৰাকী শীর্ষ আমোলা যদিও তেওঁৰ আয় অনুপাতে ইমান সম্পত্তি থকাৰ কথাটো কল্পনাও কৰিব পৰা নাছিল তদন্তকাৰী বিষয়াই । আয়তকৈ ২০০ গুণ সম্পত্তিৰ অধিকাৰী কলিতা । মহানগৰীৰ কেইবাস্থানতো বিষয়াজনৰ নামে-বেনামে ভূমি-সম্পত্তি থকাৰ কথা প্রাৰম্ভিক তদন্তত আৰক্ষীয়ে অবগত হৈছে যদিও শেহতীয়াকৈ ভূমি-সম্পত্তিৰ লগতে ৰাজ্যৰ কেইবা স্থানতো বহুসংখ্যক ব্যৱসায়িক প্রতিষ্ঠান বিষয়াজনৰ নামত থকাৰ সম্ভেদ তদন্তকাৰী দলে লাভ কৰিছে ।

জানিব পৰা মতে, দুর্নীতিৰ আশ্রয় লৈ ধন ঘটা বিষয়াজনে এই সকলো ব্যৱসায়িক প্রতিষ্ঠান ক'লা টকাৰে গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে । চি এম ভিজিলেঞ্চৰ তদন্তকাৰী দলে বিষয়াজনৰ সম্পত্তিৰ এক দীঘলীয়া তালিকা ইতিমধ্যে প্রস্তুত কৰিছে । চি এম ভিজিলেঞ্চে চিহ্নিত কৰা সম্পত্তিসমূহৰ অধিকাংশই বিষয়া কলিতাৰ পৰিয়ালৰ বিভিন্ন লোকৰ নামত আছে বুলি জানিব পৰা গৈছে ।

সম্পত্তিৰ তালিকাৰ পৰীক্ষা কৰাৰ সময়ত বহুবাৰ কেইবাটাও সম্পত্তিৰ বিষয়ে অৱগত কৰাত কিছু বিভ্রান্তিৰো সৃষ্টি হৈছিল বিষয়া কলিতাৰ । চি এম ভিজিলেঞ্চে বিষয়া কলিতাৰ কেইবাটাও বেংক একাউণ্টৰ সবিশেষ বর্তমান পৰীক্ষা কৰি আছে । বিভিন্ন সময়ত এই বেংক একাউন্টবোৰত বহু পৰিমাণৰ ধনৰ আদান-প্রদান হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে ।

এই ধনসমূহ বৈধ নে অবৈধভাৱে বিষয়াজনৰ একাউণ্টত আদান-প্রদান হৈছিল সেয়াও পৰীক্ষা কৰি আছে তদন্তকাৰী দলে । সূত্রটোৱে জনোৱা মতে, বর্তমানলৈকে বিষয়াজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই । বিষয়াজনৰ বিৰুদ্ধে বিচৰাধৰণৰ সকলোখিনি তথ্য-প্রমাণ তদন্তকাৰী দলে লাভ কৰিছে । বিষয়াজনক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনাও নথকা নহয় বুলি সূত্রটোৱে লগতে উল্লেখ কৰে ।

উল্লেখ্য যে ১৯৯২ চনত নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে চাকৰিত যোগদান কৰা ইন্দ্ৰেশ্বৰ কলিতাই গুৱাহাটীৰ দিছপুৰ, সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে কার্যনির্বাহ কৰাৰ সময়ত নামে-বেনামে বহু মাটি-সম্পত্তি গোটোৱাৰ অভিযোগ আছে । এনে অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ থানাত আবকাৰী সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে ২/২০২৪ নম্বৰত ৰুজু হৈছে গোচৰ ।

লগতে পঢ়ক: বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাক ৰিজাৰ্ভ ক্ল'জ - Suicide In Police Station

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.