ETV Bharat / state

আৰক্ষী বিষয়াৰ ভুৱা চহীৰে বেংকৰ পৰা সৰকালে টকা: গ্ৰেপ্তাৰ 5 - Bank Forgery in Tinsukia - BANK FORGERY IN TINSUKIA

Bank Forgery in Tinsukia: প্ৰাক্তন আৰক্ষী অধীক্ষকৰ চহী জাল কৰি গৃহৰক্ষী জোৱানে সৰকালে বেংকৰ ঋণ ৷ ঘটনাত জড়িত পাঁচগৰাকীক আটক ৷

Bank Forgery in Tinsukia
আৰক্ষী বিষয়াৰ ভুৱা চহীৰে বেংকৰ পৰা সৰকালে টকা
author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:51 PM IST

আৰক্ষী বিষয়াৰ ভুৱা চহীৰে বেংকৰ পৰা সৰকালে টকা

তিনিচুকীয়া, ১০ এপ্ৰিল : তিনিচুকীয়া জিলাৰ শদিয়াত পোহৰলৈ আহিছে ৰাজ্যত চলি থকা বেংক জালিয়াতিৰ এক ভয়ংকৰ তথ্য ৷ উন্মোচিত হোৱা যি তথ্যই সচকিত কৰি তুলিছে সকলোকে ৷ এই বেংক জালিয়াতিৰ আওতাৰ পৰা সাৰি নগ'ল খোদ আৰক্ষী বিষয়াও ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তথ্য অনুসৰি, শদিয়া আৰক্ষী জিলাৰ এগৰাকী পূৰ্ব আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি চন্দ্ৰ বৰগোহাঁই নামৰ এজন গৃহৰক্ষী জোৱানে জালিয়াতিৰে ঋণ আবেদন কৰি এছ বি আইৰ পৰা সৰকাইছিল প্ৰায় ছয় লাখ টকা ৷ কিন্তু শেহতীয়াকৈ এছ বি আইৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ অহাৰ পিচতে শদিয়াৰ পূৰ্ব আৰক্ষী অধীক্ষকগৰাকীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে ৷ উক্ত গোচৰৰ ভিত্তিত চলিছে তদন্ত প্ৰক্ৰিয়া ।

উল্লেখ্য এই ঘটনা পোহৰলৈ অহাৰ পিচতে শদিয়া আৰক্ষীৰ হাতলৈ আহি পৰিছে বহু চাঞ্চল্যকৰ তথ্য ৷ পোহৰলৈ আহিছে এই কাণ্ডৰ লগত জড়িত ডিগবৈৰ ৰুণু হাজৰিকা নামৰ এগৰাকী ভুৱা সাংবাদিকৰ নাম ৷ ভুৱা সাংবাদিকগৰাকীয়ে নিজকে এছ বি আই ৰিক'ভাৰী এজেন্ট বুলিও চিনাকি দিয়ে ৷ ৰুণু হাজৰিকাৰ তত্বাৱধানতে নেক্সাচ চলি থকা বুলি আৰক্ষীয়ে সদৰী কৰিছে ।

ইতিমধ্যে শদিয়া আৰক্ষীয়ে ঘটনাৰ লগত জড়িত শদিয়াৰ দুজনকৈ গৃহৰক্ষী জোৱান ক্ৰমে চন্দ্ৰ বৰগোহাঁই (৩৮) , অজিত দলে (৩৭)ৰ লগতে ডিগবৈৰ পৰা 1 নং আৰক্ষী এ পি বি এনৰ ভদ্ৰেশ্বৰ দাস (৩৪) আৰু ডিগবৈৰ এখন কম্পিউটাৰ কেন্দ্ৰৰ গৰাকী আব্দুল ৰহমান (৪৫ )ক আটক কৰি নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই জালিয়াতিৰ লগত জড়িত সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰিক'ভাৰী এজেন্টৰূপী ৰুণু হাজৰিকাক বশিষ্ট আৰক্ষীয়ে গুৱাহাটীত আটক কৰিছে ৷

উল্লেখযোগ্য যে চন্দ্ৰ বৰগোহাঁই নামৰ শদিয়াৰ হোমগাৰ্ডজনে এটা ঋণ প্ৰয়োজন হোৱাৰ কথা পোনপ্ৰথমে শদিয়াৰ অজিত দলে নামৰ হোমগাৰ্ডজনক অৱগত কৰাইছিল ৷ ইয়াৰ পিচতে তেওঁ ডিগবৈৰ 1 নং আৰক্ষী বেটেলিয়নত কর্মৰত ভদ্ৰেশ্বৰ দাসৰ সৈতে পৰিচয় কৰাই দিয়াত দাসে এছ বি আই এজেণ্টৰ লগতে ভুৱা সাংবাদিক ডিগবৈৰ ৰুণু হাজৰিকা(৪৩)ৰ সৈতে যোগসূত্ৰ স্থাপন কৰাই দিয়ে ৷

এই সমগ্ৰ কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ নেতৃত্বত ডিগবৈৰ এখন কম্পিউটাৰ দোকানৰ গৰাকী আব্দুৰ ৰহমানৰ দোকানত হোমগাৰ্ড চন্দ্ৰ বুঢ়াগোহাঁয়ে আৰক্ষী কনিষ্টবলৰ ভুৱা আইকাৰ্ড বনাই বেংকত নিজকে কনিষ্টবলৰ পৰিচয় দেখুৱাই আৰক্ষী অধীক্ষকৰ জালিয়াতিৰে স্বাক্ষৰ গ্ৰহণ কৰি এছ বি আইৰ পৰা ঋণৰ আবেদন কৰিছিল ।

ইতিমধ্যে বশিষ্ট আৰক্ষীয়ে ৰুণু হাজৰিকাক শদিয়া আৰক্ষীৰ হাতত গটাই দিছে বুলি জানিব পৰা গৈছে । ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৮/২৪ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আটাইকেইগৰাকী অভিযুক্তক অধিক তদন্তৰ বাবে শদিয়া আৰক্ষীয়ে নিজ জিম্মাত ৰাখিছে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ নাম লৈ ১ কোটি টকাৰ প্ৰৱঞ্চনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.