ETV Bharat / state

অসমৰ চুবুৰীয়া ৰাজ্য়ৰ নামঘৰত চলিছে ভাদ মহীয়া নাম - Holy Bhada month

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 7:12 PM IST

Srimanta Sankardeva Krishti Kendra : অসমৰ এখন চুবুৰীয়া ৰাজ্য়ত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ উদ্য়োগত আয়োজন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি আৰু আবিৰ্ভাৱ মহোৎসৱ । কেন্দ্ৰটোৱে ৭৫ বছৰত পদাৰ্পণ কৰা উপলক্ষে চলাইছে মহাৰজত জয়ন্তী বৰ্ষ পালনৰ প্ৰস্তুতি ।

Srimanta Sankardeva Krishti Kendra
শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰ (ETV Bharat Assam)

গুৱাহাটী, ১ ছেপ্টেম্বৰ : অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ উদ্য়োগত পালন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি আৰু জন্মাষ্টমী । এই কেন্দ্ৰটোৱে জন্মলগ্নৰে পৰা বৃহত্তৰ শ্বিলং চহৰত মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি, আদৰ্শ-কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে । ৭৫ বছৰত পদাৰ্পণ কৰা উপলক্ষে এইবেলি মহাৰজত জয়ন্তী বৰ্ষ পালন কৰিব শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই ।

শঙ্কৰদেৱৰ তিৰোভাৱ তিথিৰ আয়োজন :

শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামীসকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হোৱা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই যোৱা ২৪ আগষ্টত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাৱ তিথি আৰু ২৬ আগষ্টত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰে । ইপিনে,অহা ৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি আৰু অহা ১২ অক্টোবৰত আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছে ।

কৃষ্টি কেন্দ্ৰৰ সভাপতি শোণিত কুমাৰ ফুকন আৰু সাধাৰণ সম্পাদক হৰেন্দ্ৰ তালুকদাৰে এই প্ৰসংগত কয়, "অহা ৪ ছেপ্টেম্বৰত দিবা-নৈশ কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হ'ব । তেনেদৰে অহা ১২ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ উদযাপন কৰা হ'ব ।"

সাংস্কৃতিক শাখা সমিতি গঠন :

এই কাৰ্যসূচীসমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ ড৹ পৰাগ নাথক সভাপতি, যুগল শৰ্মাক সম্পাদক আৰু বিকাশ বৰাক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । তদুপৰি জ্যোতি মজুমদাৰক সভানেত্ৰী, কেশৱ চন্দ্ৰ শইকীয়াক সম্পাদক আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন কৰা হয় ।

শ্বিলঙত হৰিনামৰ ধ্বনিৰে মুখৰিত নামঘৰ :

উল্লেখ্য় যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ, লাবানস্থিত লাবান অসমীয়া নামঘৰ আৰু বিষ্ণুপুৰস্থিত কৃষ্টি কেন্দ্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰতো চলি আছে ভাদ মহীয়া নাম । তিনি কিলোমিটাৰ ব্যাসাৰ্ধত থকা শ্বিলঙত তিনিটাকৈ নামঘৰ চৌহদ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকা দৃশ্যই তাত থকা অসমীয়া লোকসকলক গৰ্বিত কৰি আহিছে বুলি কয় বৰ্ণালী হাজৰিকা,সঞ্জিমা চলিহা ওজা, দ্বিজেন মহন্ত , উত্তৰ পূৱ পৰিষদৰ জ্যেষ্ঠ অভিযন্তা মনেশ্বৰ কলিতাই ।

লগতে পঢ়ক:উখল-মাখল বেংগালুৰুৰ নামঘৰ, আৰম্ভ ভাদমহীয়া নাম-কীৰ্তন - Holy Bhada month

পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.