নিউজ ডেস্ক, 25 মাৰ্চ : আবিৰৰ ৰঙত ডুব গৈছে সমগ্র অসম । ৰঙৰ উৎসৱ হোলী উপলক্ষে সোমবাৰে ৰাজ্যজুৰি ৰঙীন পৰিৱেশ । বিজনীৰ ইউ পিপিএল কাৰ্যালয়ত সোমবাৰে উপস্থিত হয় চিদলী সমষ্টিৰ বিধায়ক তথা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় । দুয়োজনে দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এজনে আনজনক ফাকুৱাৰ ৰং সানি আনন্দ উপভোগ কৰে ।
![HOLI festival is being celebrated in different parts of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-03-2024/as-chg-01-chirangholyof2mlaatbijni-vis-10012_25032024123820_2503f_1711350500_885.jpg)
ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰতো একেই পৰিৱেশ । জিলাখনৰ বিভিন্ন স্থানত ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে হোলী পালন কৰাৰ উপৰি বিভিন্ন স্থানত নৃত্য-গীতৰ আয়োজন কৰে । নৃত্য-গীতৰ তালে তালে সকলোৱে নাচি বাগি আনন্দত মতলীয়া হৈ পৰে । লখিমপুৰৰ বিভিন্ন স্থানৰ দৰে ঠাকুৰবাৰী মন্দিৰৰ সমীপত এক সংগীতানুষ্ঠান আয়োজন কৰি সকলোৱে নাচি বাগি আনন্দ উপভোগ কৰে । সমান্তৰালভাৱে, লখিমপুৰৰ মাৰোৱাৰী সমাজৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে হোলী উৎসৱ পালন কৰা হয় ।
![HOLI festival is being celebrated in different parts of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-03-2024/as-chg-01-chirangholyof2mlaatbijni-vis-10012_25032024123820_2503f_1711350500_939.jpg)
আনহাতে, পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ মন্দিৰ প্ৰাংগনত সোমবাৰৰে পৰা ন দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ ৷ ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচী হিচাপে প্ৰভূৰ বিগ্ৰহ লৈ ধৰ্মীয় শোভাযাত্ৰা কৰে ভক্তসকলে ৷ শোভাযাত্ৰাৰ অন্তত নিৰ্দিষ্ট স্থানত বিগ্ৰহ স্থাপন হোৱাৰ পিছৰে পৰা আৰম্ভ হয় পূজা-পাতলৰ ।
![HOLI festival is being celebrated in different parts of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-03-2024/as-lakhimpur-25march-02-vislbytpix-holi-jibangoswami-10046_25032024123909_2503f_1711350549_720.jpg)
চিৰাঙৰ বিজনী 2 নং ফাগুনাগাঁও শ্ৰী শ্ৰী কৃষ্ণ ৰাস দৌল যাত্ৰা উৎসৱত সোমবাৰে উপস্থিত হৈ গণেশ মন্দিৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সেৱা জনাই সকলোকে পৱিত্ৰ হোলীৰ শুভেচ্ছা জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও হোলীৰ শুভেচ্ছা জনায় । উক্ত কাৰ্যসূচীত উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী জয়ন্ত বসমুতাৰী, বিটিআৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসমুতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ লগতে প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ চেত্ৰী ।
![HOLI festival is being celebrated in different parts of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-03-2024/holicelebrationbongaigaon_25032024124442_2503f_1711350882_603.jpg)
দৌল উৎসৱৰ এই বৰ্ণিল আনন্দময় সময়চোৱাত সকলো পথ-যানবাহন ব্যৱহাৰকাৰীকে পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনা সঠিকভাৱে মানি চলাৰ আহ্বান জনাইছে ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ হেঁপাহৰ ৰঙেৰে ৰঙীয়াল পৱিত্ৰ দৌল উৎসৱৰ সময়চোৱাত সকলোকে পৱিত্ৰতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই পথ-সুৰক্ষাৰ বাবে মানি চলিবলগীয়া নীতি-নিৰ্দেশনাসমূহ উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে উল্লেখ কৰে ৷
![HOLI festival is being celebrated in different parts of Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-03-2024/holicelebrationbongaigaon_25032024124442_2503f_1711350882_1011.jpg)
"পথ-সুৰক্ষাই জীৱন ৰক্ষা” বুলি উল্লেখ কৰি উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে দৌল উৎসৱৰ সময়চোৱাত ৰাজ্যৰ ৰাজপথত পথ সুৰক্ষা নিশ্চিত কৰাত সকলোৰে আন্তৰিক সহযোগিতা, সজাগতা আৰু সুৰক্ষা কামনা কৰে ৷
লগতে পঢ়ক: বটদ্ৰৱাৰ দৌল উৎসৱত কেইবা লক্ষাধিক তীৰ্থযাত্ৰীক আদৰাৰ ব্যাপক প্ৰস্তুতি - doul utsav 2024