ETV Bharat / state

শিলচৰত সুৰামত্ত চালকে মহতিয়াই নিলে ১০ জনৰো অধিক লোকক - Hit and run incident in Silchar

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 8:43 AM IST

Updated : Jul 13, 2024, 10:17 AM IST

Hit-and-run incident in Silchar: নিশা শিলচৰত ভয়ংকৰ হিট এণ্ড ৰাণৰ ঘটনা । সুৰামত্ত চালকে ব'লেৰ' বাহনেৰে চহৰৰ মাজত খুন্দিয়ালে ইজনৰ পিচত সিজনকৈ লোকক । ঘটনাত আহত ১০ জনৰ অধিক লোক । ঘাটক বাহনৰ পৰা উদ্ধাৰ কেইবা কাৰ্টুন সুৰাৰ বটল । উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰে বাহনখন । সুৰামত্ত চালকক আটক কৰে আৰক্ষীয়ে ।

Hit-and-run incident in Silchar, many people injured
নিশা শিলচৰত ভয়ংকৰ হিট এণ্ড ৰাণৰ ঘটনা (ETV Bharat Assam)

শিলচৰ, ১৩ জুলাই: শুকুৰবাৰে নিশা শিলচৰ চহৰত সংঘটিত হয় এক ভয়ংকৰ হিট এণ্ড ৰাণৰ ঘটনা । সুৰাৰ ৰাগীত মাতাল হৈ এগৰাকী মিজো চালকে নিশা চহৰখনত চলাই তাণ্ডৱ । সুৰামত্ত চালকে ব'লেৰ' বাহনেৰে মহতিয়াই নিয়ে কেইবাখনো বাহনসহ এজন এজনকৈ প্ৰায় ১০ জনক পথচাৰীক । ঘটনাত গুৰুতৰভাৱে আহত এজন । উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰে ব'লেৰ' বাহনখন ।

জানিব পৰা মতে, নিশা চহৰৰ চদৰঘাট অঞ্চলত এগৰাকী মিজো চালকে সুৰা ৰাগীত মাতাল হৈ ব'লেৰ' বাহনখনেৰে প্ৰথমে তিনিগৰাকী পথচাৰীক মহতিয়াই নিয়ে ৷ ঘটনা সংঘটিত কৰিয়ে চহৰৰ মাজেৰে পলায়নৰ চেষ্টা কৰোতেই বাহনখনে ৰাজপথত থকা কেইবাখনো বাহনসহ ইজনৰ পাচত সিজনকৈ লোকক খুন্দিয়াই দ্ৰুতগতিত আগবাঢ়ি যায় । ঘটনা প্ৰত্যক্ষ কৰি একাংশ যুবকে ঘাটক বাহনখনৰ পিছে পিছে খেদি যায় ৷ এটা সময়ত বাহনখন চহৰৰ পাৰ্কৰোডৰ ৰাজপথত থকা প্ৰকাণ্ড গাঁতৰ বাবে ৰাজপথতে আৱদ্ধ হৈ পৰে ।

লগে লগে উত্তেজিত ৰাইজে বাহনখন ভাঙি চূৰমাৰ কৰে । লগতে উপস্থিত ৰাইজে বাহনখনৰ পৰা উদ্ধাৰ কৰে কেইবা কাৰ্টন সুৰাৰ বটল । আনহাতে ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাহনখনৰ চালকক আটক কৰি থানালৈ লৈ যায় । ধৃত চালকজন মিজোৰামৰ আইজলৰ বাসিন্দা বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, বাহনখনত চালকজনৰ লগত থকা আন এজন লোকে পৰিস্থিতি বিষম দেখি পলায়ন কৰে ।

এই ভয়ংকৰ এই ঘটনাত ১০ জনৰো অধিক লোক আহত হোৱাৰ লগতে এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে । আহত আটাইকে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ । চহৰখনত সুৰামত্ত চালকক নাকী লগাবলৈ প্ৰশাসনক দাবী জনাই সচেতন ৰাইজে ।

লগতে পঢ়ক: সুৰাপান কৰি গাড়ী চলাই জৰিমনা ভৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ গাড়ীৰ চালকে - Drink and drive

৩ টা চকাৰে স্কৰপিঅ' চলাই ডিব্ৰুগড়ত সন্ত্ৰাস সুৰামত্ত চালকৰ - Drunk Driver In Dibrugarh

Last Updated : Jul 13, 2024, 10:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.