তিনিচুকীয়া: ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ লংভী নামৰ অঞ্চলটোৰ গভীৰ অৰণ্যৰ মাজত এচটা শিলক লৈ এতিয়া চৰ্চা হৈছে । কিয়নো এটা অনুসন্ধানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা কিছু ঐতিহাসিক সমলে বুৰঞ্জী অধ্যয়নৰ এক নতুন বাট মুকলি কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ।
পর্যটনৰ মেটমৰা সম্ভাৰেৰে ভৰপূৰ অৰুণাচল প্ৰদেশৰ চৰকাৰ তথা বিশেষকৈ ৰাজ্যখনৰ নামপুং বিধানসভা সমষ্টিৰ বিধায়ক লাইচাম চিমাইৰ লগতে যুৱনেতা জেমছ যুগলীৰ একান্ত প্রচেষ্টা আৰু উদ্যোগত বুৰঞ্জীবিদ প্রবীণ শর্মা, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, সাংবাদিক প্ৰাঞ্জল ভূঞা আৰু অৰুণাচলৰ বহু কেইগৰাকী স্থানীয় আৱাসীয়ে চাৰি ঘণ্টাজোৰা দুর্গম পাহাৰীয়া পথ অতিক্রম কৰি লংভীত উপস্থিত হোৱাৰ পাছত শিলত খোদিত টাই ভাষাৰ বহুকেইটা শব্দ আৰু কড়িখেলৰ ঢালৰ চানেকি প্রত্যক্ষ কৰি আচৰিত হৈ পৰে ।
যোৱা ১৩ ডিচেম্বৰত লংভীলৈ যাত্রা কৰা বিধায়ক লাইচাম চিমাইয়ে শিলত খোদিত চানেকি আৰু টাই ভাষাৰ শব্দ প্রত্যক্ষ কৰি উৎসাহিত হৈ পৰে ৷ লগতে এই ঐতিহাসিক সমল সম্পর্কত সঠিক আৰু বিজ্ঞানসম্মত অধ্যয়নৰ প্রয়োজনীয়তা থকা বুলি মত প্রকাশ কৰি অসম বুৰঞ্জীৰ অলিখিত অধ্যায় উন্মোচনৰ বাবে যাৱতীয় সকলো প্রচেষ্টাই আন্তৰিকতাৰে কৰা হ'ব বুলি কয় ।
অসমৰ দাঁতি কাষৰীয়া তথা বৰঅসমৰ গুৰুত্বপূর্ণ অংশ অৰুণাচল প্ৰদেশৰ নামপুং সমষ্টিৰ বিধায়কগৰাকীৰ লগতে যুৱ নেতা জেমছ যোগলীয়ে পাঁচ বছৰ পূর্বেই প্রদেশখনৰ ভাৰত-ম্যানমাৰ সীমান্তৰ লংভীত এচটা শিলত কটা অপৰিচিত কিছু আখৰ আৰু সাংকেতিক চিহ্নৰ সম্ভেদ লাভ কৰিছিল ।
৭০-৮০ দশকলৈকে লংভীৰ নামনি অঞ্চলৰ বস্তিত বাস কৰা তথা পৰৱৰ্তী সময়ত সেই অঞ্চলৰপৰা আঁতৰি অহা একাংশ স্থানীয় লোকৰপৰা শিলত খোদিত আখৰ আৰু চিহ্নৰ উপৰি খেতি কৰোতে উদ্ধাৰ হোৱা মাটিৰ পাত্ৰৰ ভগ্নাৱশেষ সম্পর্কত জানিব পাৰি বিধায়ক লাইচাম চিমাই আৰু জেমছ যোগলীয়ে উক্ত সমলৰ লগত আহোম ৰাজ শাসনৰ সম্পৰ্কৰ সম্ভাৱনীয়তা উপলব্ধি কৰি আটাছুৰ নেতা মিলন বুঢ়াগোহাঁইক অৱগত কৰিছিল । অৱশ্য়ে অত্যন্ত দুর্গম আৰু বিপদসংকুল যাত্ৰাৰ বাবে উক্ত অঞ্চললৈ যোৱাটো সম্ভৱ হৈ উঠা নাছিল । প্রায় চাৰি ঘণ্টাজোৰা পাহাৰীয়া পথ আৰু পদে পদে বিপদৰ সম্ভাৱনা থকা ঘন জংঘলৰ মাজত অৱস্থিত শিলচটা থকা স্থানলৈ যাত্রা সম্ভৱপৰ নোহোৱাৰ অন্য এক কাৰণ আছিল শিলচটা অৱস্থিত স্থানৰপৰা মাত্র এক কিল'মিটাৰ নিলগতে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চল ।
দুর্গম পাহাৰীয়া পথ :
উত্তৰ-পূবৰ বহুকেইটা বিপ্লৱী সংগঠনৰ বিচৰণ ক্ষেত্ৰৰূপে পৰিচিত হৈ অহা সীমান্ত অঞ্চলটোত সেয়ে প্রৱেশ কৰাটো সুবিধাজনক নহয় বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়াৰ উপৰি ভয়ংকৰ ৰূপত থকা বিপদসংকুল পথৰ বাবেও উক্ত অঞ্চললৈ যোৱাটো একপ্ৰকাৰ অসম্ভৱ আছিল । কিন্তু অৱশেষত উক্ত ঐতিহাসিক সমলৰ সন্ধানত সাংবাদিকসহ দলটোৱে শনিবাৰে চাৰি ঘণ্টাজোৰা পাহাৰীয়া পথ অতিক্রমি লংভীত উপস্থিত হয় । এচটা ঘূৰণীয়া আকৃতিৰ প্রায় পাঁচ মিটাৰ ব্যাসার্ধৰ তথা গ্রেনাইট পাথৰ বুলি ঠাৱৰ কৰা শিলত খোদিত শব্দসমূহ টাই শব্দৰ আৰ্হিৰ বুলি অভিযানকাৰী দলটোত থকা বুৰঞ্জীবিদ প্রবীণ শর্মাই জানিবলৈ দিয়াত উৎফুল্ল হৈ পৰে দলটো । অৱশ্যে বুৰঞ্জীবিদগৰাকীয়ে শিলচটা আদিপ্রস্তৰ যুগৰো হ'ব পাৰে বুলি মন্তব্য কৰে ।
শিলৰ ওপৰত লিখিত আখৰসমূহ মান্দুৰীন আৰু টাইৰ সৈতে সাদৃশ্য থকা বুলি ব্যক্ত কৰি প্রবীণ শর্মাই কয়, "স্থানীয় লোকে উক্ত অঞ্চলত সময়ে সময়ে উদ্ধাৰ হোৱা বুলি কোৱা মাটিৰ তলত লাভ কৰা কলহৰ খোলাকটি জাতীয় সামগ্রীৰ ভগ্নাৱশেষ বহু যুগৰ পূৰ্বৰ হোৱাৰ সম্ভাৱনা আছে ।" অৱশ্যে আখৰ আৰু চিহ্ন থকা শিলচটাৰ ৰেডিঅ' কার্বন ডেটিং আৰু থার্ম' নিউক্লিয়াৰ পদ্ধটিত পৰীক্ষণ কৰিলে প্রকৃত সত্য উন্মোচিত হ'ব বুলি মন্তব্য কৰি বুৰঞ্জীবিদগৰাকীয়ে এই ক্ষেত্রত বিজ্ঞজনে মনোনিৱেশ কৰাৰ প্ৰাসংগিকতা আছে বুলিও কয় । বিজ্ঞানসম্মত অধ্যয়নৰ জৰিয়তে শিলচটাত লিখিত শব্দ আৰু চিহ্নৰপৰা অসম বুৰঞ্জীৰ এক নব্য অধ্যায়ৰ সূচনা হোৱাৰো সম্ভাৱনা আছে বুলি কয় প্রবীণ শর্মাই ।
লিপি টাই ভাষাৰ বুলি নিশ্চিত :
ইফালে, লংভীত উদ্ধাৰ হোৱা তথা শিলচটাত খোদিত চিহ্ন আৰু আখৰৰ প্ৰতিচ্ছবি আৰু ভিডিঅ' সংগ্ৰহ কৰি পুনৰ চাৰি ঘণ্টাজোৰা ওভতনি যাত্ৰা কৰে ৷ উক্ত ফটো আৰু ভিডিঅ' সম্পর্কত বিভিন্নজন বুৰঞ্জীবিদ তথা বিশেষজ্ঞৰ লগত আলোচনা কৰাত উক্ত লিপি টাই ভাষাৰ বুলি নিশ্চিত হৈছে । এই সম্পর্কত শিক্ষাবিদ তথা পণ্ডিত ড৹ দয়ানন্দ বৰগোহাঁয়ে মন্তব্য প্রকাশ কৰি কয় যে লংভীত উদ্ধাৰকৃত শিলত খোদিত আখৰ টাই ভাষাৰ হোৱাটো নিশ্চিত । ইয়াৰে এটা শব্দ লাক-নি বুলি স্পষ্ট ৰূপত প্রত্যক্ষ কৰাৰ উপৰি শিলচটাত এখন কড়িখেলৰ ঢালৰ চানেকি থকাটোও নিশ্চিত হৈছে । টাই বর্ষ গণনাত লাক-নি শব্দটো ব্যৱহাৰ হোৱালৈ চাই উক্ত স্থান যে আহোম ৰাজ শাসনেৰে সম্পর্কিত সেয়া স্পষ্ট ।
বিশিষ্ট শিক্ষাবিদগৰাকীয়ে লগতে কয় যে আহোম ৰাজশাসন তথা অসমীয়া জাতিৰ প্রতিষ্ঠাতা চাওলুং চ্যুকাফাই মুংমাওৰপৰা ১২১৪ খ্ৰীষ্টাব্দৰপৰা যাত্ৰা আৰম্ভ কৰি তেৰ বছৰৰ পাছত ডয়কাউৰং পাৰ হৈ সৌমাৰপীঠত ১২২৮ খ্রীষ্টাব্দৰ ১৬ আঘোণত উপস্থিত হোৱাৰ পূর্বে শিলচটা অৱস্থিত স্থানত কিছুদিন অতিবাহিত কৰাটো মুঠেও অস্বাভাবিক নহয় । পূর্বে উক্ত অঞ্চলত সিঁচা পদ্ধতিৰে চলি থকা কৃষি কার্যত চাওলুং চ্যুকাফাই নতুনত্ব আনি খেতি-পথাৰত শইচ ৰোৱা আৰু আলি দিয়া পদ্ধতিৰে কৃষিক নিজৰ আয়ত্তলৈ নিছিল । যিহেতু মুংমাওৰপৰা উক্ত পথেৰেই চাওলুং চ্যুকাফাই যাত্রা কৰিছিল সেয়ে উক্ত স্থানত অতিবাহিত কৰাটো স্বাভাৱিক বুলিও শিক্ষাবিদগৰাকীয়ে মত পোষণ কৰে ।
দয়ানন্দ বৰগোহাঁয়ে এই সম্পর্কত আন এটা দিশৰো সম্ভাৱনা আছে বুলি মন্তব্য কৰাৰ লগতে কয় যে শিলচটা উদ্ধাৰ হোৱাৰ তললৈ পূর্বে নৰা ৰাজ্য আছিল । আহোম আৰু নৰা ৰজাৰ মাজত সৃষ্টি হোৱা সংঘাত নির্মূলৰ বাবে ১৪০১ খ্রীষ্টাব্দত চুডাংফাৰ দিনত নৰা আৰু আহোমৰ মাজত এক সন্ধি হৈছিল । উক্ত সন্ধিৰ জৰিয়তে দুয়োখন ৰাজ্যই সীমাকেন্দ্রিক সংঘাতত লিপ্ত নহওঁ বুলি এটা কুকুৰা কাটি শপত খাইছিল বুলি বুৰঞ্জীত উল্লেখ আছে । সন্ধিৰ সময়ত ভোজ-ভাত খাই কড়ি খেলি বং-স্ফুর্তি কৰাটো স্বাভাৱিক বুলি কৈ শিক্ষাবিদগৰাকীয়ে কয় যে, শিল চটাত খোদিত কড়ি খেলৰ ঢালৰ চানেকিয়ে সেই সন্ধিৰ সময়ৰো আভাস দিয়াৰ সম্ভাৱনা আছে । দয়ানন্দ বৰগোহাঁয়ে এই ক্ষেত্রত অধিক অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজনীয়তা আছে বুলি কৈ উক্ত স্থানলৈ পুনৰ যোৱাৰ প্ৰাসংগিকতাকো দোহাৰে ।
আনহাতে, ভাৰত-ম্যানমাৰ সীমান্তৰ লংভীত উদ্ধাৰ হোৱা ঐতিহাসিক সমলৰ প্রত্নতাত্ত্বিক অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে বুৰঞ্জীৰ অলিখিত পৃষ্ঠাটো উন্মোচনৰ ব্যৱস্থা কৰিবলেও ইতিহাসবিদ আৰু চৰকাৰক আহ্বান জনাইছে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে ।