ETV Bharat / state

ধাৰণা কৰা ধৰণে বাংলাদেশত হিন্দুসকল অসুৰক্ষিত নহয় : গোবিন্দ চন্দ্ৰ প্ৰামাণিক - Bangladesh Crisis

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 7:17 PM IST

Bangladesh crisis: বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব । বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে বুলিও খবৰ ওলাইছে । কিন্তু এই কথা কিমান সঁচা ? সঁচাকৈয়ে বাংলাদেশত সংকটত পৰিছে নেকি হিন্দুসকল ? কি কয় বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ চন্দ্ৰ প্ৰামাণিকে ?

Bangladesh Crisis
ধাৰণা কৰা ধৰণে হিন্দুসকল অসুৰক্ষিত নহয় : গোবিন্দ চন্দ্ৰ প্ৰামাণিক (ETV Bharat)

গুৱাহাটী,১০ আগষ্ট : চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সময়ে সময়ে সংখ্যালঘু হিন্দুসকল নিৰ্যাতনৰ সন্মুখীন হৈ অহাটো নতুন কথা নহয় যদিও বৰ্তমানৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক । শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতো দেশখনৰ পৰিস্থিতি উত্তপ্ত হৈ আছে । ঠায়ে ঠায়ে সংঘটিত হৈ আছে হিংসাত্মক ঘটনা । চলিছে ব্যাপক হাৰত লুটপাতৰ ঘটনা । আক্ৰমণ চলিছে সংখ্যালঘু লোকসকলৰ ওপৰত । বহু লোকে প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ উপৰিও সীমান্তলৈ আহি ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা চলাইছে ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে সীমান্তৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে, যাতে কোনো লোকে অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে । ইফালে সামাজিক মাধ্যমতো বিভিন্ন ফটো, ভিডিঅ' আৰু বিষয় উত্থাপন কৰি বাংলাদেশৰ ভয়াৱহ পৰিস্থিতি দাঙি ধৰা হৈছে । বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক লৈ ভাৰততো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা থকা অসমত দেশখনৰ শেহতীয়া পৰিস্থিতিয়ে সকলোকে উদ্বিগ্ন কৰি তুলিছে । অসমত অনুপ্ৰৱেশৰ সমস্যা আৰু অধিক তীব্ৰতৰ হোৱাৰ আশংকা কৰা হৈছে । অৱশ্যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে এজনো লোক প্ৰৱেশ কৰিব নোৱৰাকৈ সীমান্ত সুৰক্ষিত কৰা হৈছে বুলি সদৰী কৰিছে । তথাপিও শংকাৰ এক বাতাবৰণে বিৰাজ কৰিছে । বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু সংখ্যালঘু লোকসকলৰ অৱস্থা সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ চন্দ্ৰ প্ৰামাণিকৰ সৈতে যোগাযোগ কৰা হৈছিল । প্ৰকৃততে বাংলাদেশত কি ঘটি আছে তাৰ বিষয়ে গোবিন্দ চন্দ্ৰ প্ৰামাণিকে এক ভিডিঅ' বাৰ্তাযোগে সবিশেষ প্ৰকাশ কৰে ।

বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে যদিও সামগ্ৰিকভাৱে বাংলাদেশত হিন্দুসকল সুৰক্ষিত :

গোবিন্দ চন্দ্ৰ প্ৰামাণিকে কয়, "শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত বাংলাদেশৰ হিন্দু সমাজে ভাবিছিল যে তেওঁলোকৰ ওপৰত আক্ৰমণ, লুটপাত, অগ্নি সংযোগৰ ঘটনা সংঘটিত হ'ব । কিন্তু হিন্দুসকলৰ ঘৰত যাতে কোনো আক্রমণ বা লুটপাত নহয় তথা মন্দিৰত যাতে পহৰা দিয়া হয় সেই সন্দৰ্ভত জামাত-ই-ইছলামী আৰু বি এন পিৰ নেতাসকলে তেওঁলোকৰ সকলো নেতা-কর্মীক নির্দেশ দিছে । তাৰ পৰিপ্ৰেক্ষিতত হিন্দুৰ মন্দিৰ আৰু আৱাসিক এলেকাত পহৰাৰ ব্যৱস্থা কৰা হৈছে ।

বিভিন্ন সময়ত লম্ফ-জম্ফ কৰা আৱামী লীগৰ কিছু হিন্দু নেতাৰ ঘৰত আক্ৰমণ, অগ্নিসংযোগ কৰা হৈছে । একেই ঘটনা আৱামী লীগৰ মুছলমান নেতাৰ ঘৰতো ঘটিছে । কিছু সুযোগসন্ধানী লোকে স্থানীয় মন্দিৰসমূহত আক্ৰমণ কৰিছে, কিন্তু কোনো ডাঙৰ ঘটনা হোৱা নাই । এলেকা অনুযায়ী হিংসা-প্ৰতিহিংসাৰ ঘটনা ঘটিছে যদিও সেয়া জাতীয় পৰ্যায়ৰ নহয় । সামগ্ৰিকভাৱে বাংলাদেশৰ হিন্দু সমাজ নিৰাপদে আছে । ধাৰণা কৰা ধৰণে হিন্দুৰ ওপৰত আক্ৰমণ হোৱা নাই । আশা কৰা হৈছে যে বাংলাদেশত হিন্দুসকল সুৰক্ষিত হৈ থাকিব ।"

ভাৰতত অপপ্ৰচাৰ :

প্ৰমাণিকে জনোৱা মতে বাংলাদেশৰ হিন্দু সমাজৰ ওপৰত ব্যাপক আক্ৰমণ আৰু নিৰ্যাতন চলোৱা বুলি ভাৰতত বহুল প্ৰচাৰ চলোৱা হৈছে । তেওঁ কয়, "বহুক্ষেত্রত মিথ্যাচাৰৰ আশ্ৰয় লোৱা হৈছে । ভাৰতৰ কিছু সংবাদ মাধ্যমে এই বিষয়টোক লৈ উৰাবাতৰি বিয়পাইছে । প্ৰকৃততে বাংলাদেশত তেনে ধৰণৰ ঘটনা সংঘটিত হোৱা নাই । ঠায়ে ঠায়ে হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা হৈছে যদিও তাক অন্য ৰূপ দিয়া হৈছে । আক্ৰমণ হ'ব পৰা সংগঠনেই হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস দিয়াৰ লগতে নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । কাৰণ বাংলাদেশত হিন্দুসকলৰ ওপৰত প্ৰায়ে অত্যাচাৰৰ ঘটনা সংঘটিত হয় । সেইটো কোনো নতুন কথা নহয় । সীমান্তত কিছু লোক নিৰ্যাতনৰ সন্মুখীন হোৱাৰ উপৰিও নিৰ্যাতনৰ শংকাত ওলাই অহা পৰিলক্ষিত হৈছে যদিও সেই ঘটনা সমগ্ৰ বাংলাদেশৰ ঘটনা নহয় । তদুপৰি সুযোগৰ সন্ধানত থকা কিছু লোকে হিন্দুৰ ওপৰত আক্ৰমণ চলাই লুটপাত কৰাৰ ঘটনা নোহোৱাকৈ থকা নাই ।"

কেৱল হিন্দু লোকেই নহয় মুছলমান লোকৰ ওপৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বুলি প্ৰামাণিকে জানিবলৈ দিয়ে ।

বাংলাদেশত হিন্দুৰ জনসংখ্যা হ্ৰাস :

বাংলাদেশ জাতীয় হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ চন্দ্ৰ প্ৰামাণিকে প্ৰকাশ কৰা অনুসৰি চৰকাৰী হিচাপত বাংলাদেশত হিন্দুৰ জনসংখ্যাৰ হাৰ হৈছে ৭.৯৫ শতাংশ । কিন্তু বাস্তৱত এই হাৰ আৰু বেছি হ'ব । ২০১৫ চনত এই হাৰ আছিল ১০.৭ শতাংশ । বাংলাদেশত হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ সন্দৰ্ভত ধৰ্মান্তৰকৰণৰ প্ৰভাৱ আছে যদিও সেই সংখ্যা বেছি নহয় । হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে দেশ ত্যাগ । প্ৰাণৰ মমতাত বাংলাদেশ ত্যাগ কৰা হিন্দুসকলে ভাৰতত আশ্ৰয় লোৱাটো সত্য বুলি তেওঁ উল্লেখ কৰে ।

ভাৰতত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ পিছত বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল । প্ৰমাণিকৰ মতে ১৯৭১ চনৰ পিছত বাংলাদেশৰ পৰা প্ৰায় চাৰে চাৰি কোটি হিন্দু লোকৰ ভাৰতত প্ৰৱেশ ঘটিছে । হিন্দু বাংলাদেশীৰ ভাৰতত প্ৰৱেশৰ প্ৰক্ৰিয়া বৰ্তমান সময়তো অব্যাহত আছে । বিগত ৬ বছৰত বাংলাদেশত হিন্দুৰ জনসংখ্যা ২.৮ শতাংশ হ্ৰাস পাইছে । ধৰ্মান্তৰকৰণৰ চিকাৰ হোৱাৰ উপৰিও বহু হিন্দু বাংলাদেশী লোকে পশ্চিমবংগৰ গাঁও অঞ্চলত আশ্ৰয় লোৱাৰ কথা প্ৰমাণিকে সদৰী কৰে । কোনেও নিজৰ পবিত্র মাতৃভূমি এৰি আন ঠাইলৈ যাব নিবিচাৰে যদিও নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত বহুতে যাবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক :বাংলাদেশৰ কাৰাগাৰত অস্থিৰতা : ১২ কয়েদীৰ মৃত্যু, ২০০ৰো অধিক পলাতক - Bangladesh Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.