ETV Bharat / state

বাংলাদেশৰ পৰা ভাৰতলৈ নাহিবলৈ বাংলাদেশত থকা হিন্দুসকলক আহ্বান হিন্দু ৰক্ষী দলৰ - Hindu rakshi dal protests

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 8:27 AM IST

Bangladesh crisis: কাছাৰৰ উধাৰবন্ধত হিন্দু ৰক্ষী দলৰ প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ অহাৰ বিপৰীতে দেশতে থাকি মৌলবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় বাংলাদেশত থকা হিন্দুসকলক ৷

Hindu rakshi dal protests in Silchar over alleged attack on hindus in bangladesh
বাংলাদেশৰ পৰা ভাৰতলৈ নাহিবলৈ বাংলাদেশত থকা হিন্দুসকলক আহ্বান হিন্দু ৰক্ষী দলৰ (ETV Bharat Assam)

শিলচৰ, 10 আগষ্ট: বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে বিশ্বজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ দেশখনত হোৱা হিংসাত্মক আন্দোলনৰ প্ৰভাৱ চুবুৰীয়া দেশ ভাৰতবৰ্ষতো পৰা পৰিলক্ষিত হৈছে ৷ বাংলাদেশত হোৱা হিংসাত্মক আন্দোলনত ইতিমধ্যে শ শ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু হিন্দু লোক নিৰ্যাতনৰ সন্মুখীন হৈছে বুলি একাংশ হিন্দুত্ববাদী দলে অভিযোগ তুলিছে ৷

বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকক অত্যাচাৰ কৰাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া/প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে কাছাৰৰ উধাৰবন্ধত বাংলাদেশত বহু হিন্দু লোক নিৰ্যাতনৰ সন্মুখীন হৈছে বুলি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু ৰক্ষী নামৰ এক হিন্দুত্ববাদী সংগঠনে । উধাৰবন্ধ কাচাঁকান্দি মন্দিৰৰ পৰা এক বিশাল সমদল উলিয়াই বাংলাদেশত হোৱা সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ তীব্ৰ প্ৰতিবাদ জনায় সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

প্ৰতিবাদী এই কাৰ্যসূচীৰ জৰিয়তে সংগঠনৰ নেতাসকলে বাংলাদেশী হিন্দুসকলক উদ্দেশ্যি কয়, "মুছলমানৰ ভয়ত বাংলাদেশৰ পৰা ভাৰতলৈ পলাই আহি লাভ নাই ৷ ভাৰতত আহিলে আপোনালোক সুৰক্ষিত থাকিব নোৱাৰিব । দেশত থাকি মুছলমান মৌলবাদীসকলৰ লগত যুঁজ কৰক ৷"

উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশত ছাত্ৰ আন্দোলন অধিক হিংসাত্মক হৈ পৰাৰ পাচতে পদ ত্যাগ কৰাৰ লগতে দেশ এৰি পলায়ন কৰে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । প্ৰধানমন্ত্ৰীগৰাকীয়ে পদ ত্যাগ কৰাৰ পাচত বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছে বুলি একাংশ মহলে সৰব প্ৰচাৰ চলাইছে ৷ দেশখনৰ বিভিন্ন স্থানত হিন্দু লোকক আক্ৰমণ কৰাৰ লগতে তেওঁলোকৰ ঘৰ- বাৰী, মন্দিৰ-উপসনা গৃহ আদিতো উগ্ৰ মৌলবাদীসকলে এফালৰ পৰা ধ্বংসযজ্ঞ চলাইছে বুলি অভিযোগ উছিছে ৷

লগতে পঢ়ক: বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলি থাকিলে অসমত বাংলাদেশীৰ ওপৰত হ'ব আক্ৰমণ : হুংকাৰ হিন্দু ক্ৰান্তি দলৰ - Protest in Dibrugarh

ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব নোৱৰাটো কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ অক্ষমণীয় অপৰাধ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - Bangladesh crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.