ETV Bharat / state

কিদৰে চলিছে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল ? সংবাদমেলে উদঙালে বহু বিস্ফোৰক দিশ - Hindu Kranti Dal press meet

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 8:13 AM IST

Sexual assault case in AMCH : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত সংঘটিত ধৰ্ষণকাণ্ডই উদঙাই দিছে মহাবিদ্যালয়ৰ ভিতৰ চ’ৰাৰ নিৰাপত্তা ব্যৱস্থা ৷ ভুৱা নথি-পত্ৰ দি কোটি কোটি টকাৰ ঠিকা লোৱাৰ অভিযোগ বহু ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৷ সংবাদমেল অনুষ্ঠিত কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ ভয়ংকৰ ৰূপ উদঙাই দিলে হিন্দু ক্ৰান্তি দলে ৷

Hindu Kranti Dal press meet in Dibrugarh regarding Sexual assault case of assam medical college hospital campus
হিন্দু ক্ৰান্তি দলৰ সংবাদমেল (ETV Bharat Assam)

মৰাণ, 4 আগষ্ট : ৰাজ্যখনৰ ভিতৰত এখন আগশাৰীৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হ'ল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় । কিন্তু বিৰ্তকই যেন লগ নেৰা হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়খনক । কিছুদিন পূৰ্বে চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত একাংশ দালালে ৰোগীক লৈ দালালী কৰাৰ অভিযোগ উত্থাপন হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই 26 জুলাইৰ দিনা অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । শনিবাৰে এই ঘটনা সন্দৰ্ভত হিন্দু ক্ৰান্তি দলে এক সংবাদমেলৰ আয়োজন কৰে ডিব্ৰুগড়ত ৷

চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদৰ ভিতৰত মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসা মহাবিদ্যালয়খনৰ অস্থায়ী চাফাই কৰ্মী মজিবুৰ ৰহমান নামৰ এজনৰ বিৰুদ্ধে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ সমান্তৰালভাৱে হিন্দু ক্ৰান্তি দলেও নিজাববীয়াকৈ অনুসন্ধান চলাইছিল ।

শনিবাৰে আয়োজন কৰা এক সংবাদমেলযোগে অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত চলি থকা ভয়ংকৰ অনিয়ম আৰু নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । দলটোৱে কয় চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত ধৰ্ষণকাণ্ড সংঘটিত কৰা মজিবুৰ ৰহমান আছিল চিকিৎসা মহাবিদ্যালয় চেনিটাইজ কৰিবলৈ ঠিকা লাভ কৰা BDM Enterprise নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মী ।

এই প্ৰতিষ্ঠানটোৱে ভুৱা নথি-পত্ৰ লৈ ঠিকা লাভ কৰি আহিছে বুলি সংবাদমেলত সদৰী কৰিছে সংগঠনটোৱে । অসম চিকিৎসা মহাবিদ্যালয়ত চেনিটাইজ কৰাৰ বাবে ঠিকা লাভৰ যি নিৰ্ধাৰিত যোগ্যতা আছে সেই যোগ্যতা নোহোৱাকৈয়ে BDM Enterprise নামৰ প্ৰতিষ্ঠানটোৱে কেনেকৈ কোটি টকাৰ ঠিকা লাভ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে বুলি সংবাদমেলত উল্লেখ কৰে হিন্দু ক্ৰান্তি দলে ।

আনকি এই প্ৰতিষ্ঠানটোৰ কোনো কৰ্মচাৰীৰ তথ্য-পাতিয়েই অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা কৰা নাই বুলি দলে অভিযোগ তুলিছে । আনকি প্ৰতিষ্ঠানটোৰ বহু কৰ্মচাৰী অপৰাধৰ সৈতেও জড়িত থকাৰ অভিযোগ আছে বুলি কয় ক্ৰান্তি দলে । এই সম্পৰ্কত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক আৰু অধ্যক্ষক অৱগত কৰিছে যদিও এই সম্পৰ্কত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে হিন্দু ক্ৰান্তি দলে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয় চৌহদত যুৱতীক যৌন নিৰ্যাতন চাফাই কৰ্মীৰ - Sexual assault case

মাজুলীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ নাৰী দেহ ব্যৱসায় চক্ৰ - Sex racket in Majuli

নগাঁৱত চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন : আৰক্ষীৰ জালত অভিযুক্ত - child sexual abuse in Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.