গুৱাহাটী : “মিডিয়াত কোনোধৰণৰ ৰাজনৈতিক মন্তব্য নিদিব, ৰাজনৈতিক সাক্ষাৎকাৰ নিদিব আৰু ৰাজনৈতিক ইছ্যুত প্ৰতিক্ৰিয়া, মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকক ।” মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীলৈ দিছে এই কঠোৰ নিৰ্দেশনা । মন্ত্ৰীসভাৰ 'সকলো মন্ত্ৰী পুতলা নাচৰ পুতলা মন্ত্ৰী' বুলি বিৰোধীয়ে কটাক্ষ কৰাৰ সময়তে এইবাৰ মন্ত্ৰীসকলক মুখত তলা লগাবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । এককথাত একাংশ মন্ত্ৰীৰ ৰাজহুৱা ভাষ্যত অস্বস্তিত পৰিছে, বিৰক্ত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
ৰাজহুৱা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক মুখ বন্ধ ৰাখিবলৈ দিয়া এখন পত্ৰ । যোৱা ১৫ ডিচেম্বৰৰ চিএমঅ’/০১/২০২৪/৫৩৯৪ নং পত্ৰখনত সকলো মন্ত্ৰীকে কোৱা হৈছে, “দেখা গৈছে যে কিছুমান অনুষ্ঠানত মন্ত্ৰীসকলে সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় কৰাৰ সময়ত ৰাজনৈতিক বক্তব্য আগবঢ়ায় আৰু ৰাজনৈতিক বিষয়ত অপ্ৰয়োজনীয় মন্তব্য কৰে, যি পৰিহাৰযোগ্য বিতৰ্কৰ সূত্ৰপাত ঘটায় ৷ উন্নয়নমূলক কাম-কাজৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই নিয়ে ।”
মিডিয়াইহে প্ৰৰোচিত আৰু জোৰ কৰে বিতৰ্কিত মন্তব্য কৰিবলৈ :
কেৱল সেয়ে নহয়, পত্ৰখনত একাংশ সংবাদ মাধ্য়মে মন্ত্ৰীসকলক বিতৰ্কিত মন্তব্য কৰিবলৈ প্ৰৰোচিত কৰাৰ লগতে জোৰ কৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে । মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকললৈ দিয়া পত্ৰখনত লিখিছে, “লগতে দেখা যায় যে সংবাদ মাধ্যমৰ একাংশই মন্ত্ৰীসকলক উচটনি দি বিতৰ্কিত মন্তব্য কৰোৱাই জোৰ দি চাঞ্চল্যৰ সৃষ্টি কৰি উন্নয়ন প্ৰক্ৰিয়াক পথচ্যুত কৰিবলৈ চেষ্টা কৰি আহিছে ।”
ৰাজনৈতিক মন্তব্য নকৰিব, ৰাজনৈতিক সাক্ষাৎকাৰ নিদিব :
মন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য কৰিলে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ধাৰাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰি যায় । সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে পত্ৰযোগে মন্ত্ৰীসকলক মুখ বন্ধৰ নিৰ্দেশ দি লিখিছে “ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি সকলো মন্ত্ৰীকে কোনো ৰাজনৈতিক মন্তব্য নকৰিবলৈ আৰু সকলো ৰাজনৈতিক সাক্ষাৎকাৰৰ পৰা আঁতৰি থাকিবলৈ, লগতে ৰাজনৈতিক বিষয়ত প্ৰতিক্ৰিয়া আৰু মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ'ল । সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত মন্ত্ৰীসকলে সাধাৰণতে তেওঁলোকৰ বিভাগসমূহৰ উন্নয়নৰ সৈতে জড়িত বিষয়সমূহ, বিশেষভাৱে চৰকাৰৰ উন্নয়নৰ কথা আলোচনা কৰা উচিত । ”
সমাজ-ৰাজনৈতিক বিষয়ত সংবাদমাধ্য়মত মুখ বন্ধ ৰখাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক চৰকাৰী আঁচনি, কাৰ্যসূচীৰ কাৰ্যকৰীকৰণতহে মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে এইদৰে, “আহক, আমি সামূহিকভাৱে ৰাজ্যবাসীৰ বৃহত্তৰ স্বাৰ্থৰ বাবে অসমৰ আৰ্থ-সামাজিক পৰিৱেশ পৰিবৰ্তনৰ বাবে চৰকাৰী নীতি, প্ৰকল্প আৰু কাৰ্যসূচীৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰো ।"
ইপিনে, এই পত্ৰখন প্ৰসংগত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই । আনহাতে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সকলো মন্ত্ৰী মাত্ৰ দবাখেলৰ মন্ত্ৰী, পুতলা নাচৰ পুতলা নাইবা মুখ্যমন্ত্ৰীৰ একনায়কত্ববাদী চৰকাৰ বুলি বিৰোধীয়ে কৰা সমালোচনা যে এই পত্ৰ ৰাজহুৱা হোৱাৰ পিছত অধিক তীব্ৰতৰ হ’ব সেয়া সহজেই অনুমেয় ।