ETV Bharat / state

ৰঞ্জন গগৈসহ ২২ গৰাকী ব্যক্তিক অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান - Ex CJI Ranjan Gogoi

Assam highest civilian awards: ২২ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ল অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ৷ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই প্ৰদান কৰিলে এই বঁটাসমূহ ৷

Assam gaurav award
Assam highest civilian awards
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 8:12 PM IST

Updated : Feb 13, 2024, 9:51 PM IST

অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

গুৱাহাটী, ১৩ জানুৱাৰী: ‘‘অসম নিশ্চিতভাৱে দেশৰ আগশাৰীৰ ৰাজ্যলৈ উন্নীত হ'ব ৷’’ এই‌ মন্তব্য উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ । 2023 বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান‌ অনুষ্ঠানত মঙলবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এই‌ মন্তব্য কৰে ।

তেওঁ কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উন্নয়নৰ দিশত আগুৱাই গৈ আছে । তেওঁৰ মতে এখন ৰাজ্য আগবাঢ়ি যোৱাৰ‌ ক্ষেত্ৰত যিধৰণৰ নেতৃত্ব দিব লাগে , সেয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মা নেতৃত্বৰ‌ মাজত আছে ।’’

ভাষণত তেওঁ সম্মানপ্ৰাপকসকলক শুভেচ্ছা জনায় কয়, ‘‘মই মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাক অনুৰোধ কৰো যে সম্মান প্ৰাপকসকলক দেশৰ‌ সংসদ ভ্ৰমণলৈ লৈ যায় । তেওঁলোকে তাত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হ'ব ।’’

ধনখড়ে আৰ্থিক ৰাষ্ট্ৰবাদৰ সন্দৰ্ভত ভাষণ দি কয়, ‘‘দেশ এখন আগবঢ়াই নিয়াৰ বাবে আৰ্থিক ৰাষ্ট্ৰবাদৰ চিন্তা আগত কৰা প্ৰয়োজন । কাৰণ আৰ্থিক ৰাষ্ট্ৰবাদৰ চিন্তাই দেশক উন্নয়নৰ শিখৰ আৰোহণ কৰাব পাৰে । সেয়েহে এতিয়া আৰ্থিক ৰাষ্ট্ৰবাদৰ চিন্তা কৰা সময় আহি পৰিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইবাবে আৰ্থিক ৰাষ্ট্ৰবাদৰ ওপৰত গুৰুত্ব দি আহিছে ।’’

তেওঁ লগতে কয়, ‘‘দেশৰ অৰ্থনীতি এতিয়া সবল হৈছে । ভাৰত‌ বিশ্বৰ তৃতীয় খন অৰ্থনীতিত সবল দেশ হোৱাৰ পথত আগুৱাই গৈ‌ আছে । এটা‌ সময় আছিল যেতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা পুতৌজনক আছিল । ১৯৮৯ চনত ভাৰতে ছুইজাৰলেণ্ডৰ বেংকত সোণ বন্ধকত থ’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল । এতিয়া‌ সেই পৰিৱেশ নাই ।’’

উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰদান কৰে 2023 বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ । অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰদান কৰা হয় উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । আনহাতে, অসম সৌৰভ সন্মান প্ৰদান কৰা হয় ক্ৰমে এলভিছ আলী হাজৰিকা, কিশণ চন্দ নৌৰিয়াল, হিমা দাস আৰু নাদিয়াল দেউৰীক ।

ইপিনে অসম গৌৰৱ বঁটা প্ৰদান কৰা‌ হয় বিহু নৃত্য বিশেষজ্ঞ ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ তথা মাউত পাৰ্বতী বৰুৱা, ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, ওজাপালি বিশেষজ্ঞ দ্ৰোণ ভূঞা, জৈৱিক কৃষি বিশেষজ্ঞ নিলম দত্ত, উদ্যোগী অনুপম ডেকা, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত, কৃষক বসন্ত চিৰিং ফুকন, বাঁহ উদ্যোগৰ বাবে মানেন্দ্ৰ ডেকা, আশা কৰ্মী মিনাক্ষী চেতীয়া, লোকশিল্পী পখিলা লেকথেপী, টেনজিং বদোচা, নিৰ্মল দে’, জেচিন কুম্বাং পাৱ, মেৰী হাঁছা, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তাক ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্মানৰ ভিতৰত অসম বৈভৱ বঁটাত ৫ লাখ টকা , অসম সৌৰভ বঁটাত ৪ লাখ টকা আৰু অসম গৌৰৱ বঁটাৰ বাবে ৩ লাখ টকা বঁটা প্ৰাপকসকলক আগবঢ়োৱা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে ।

লগতে পঢ়ক: কাজিনেমুক অসমৰ জাতীয় ফল ঘোষণা অসম চৰকাৰৰ

Last Updated : Feb 13, 2024, 9:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.