গুৱাহাটী,২৪ ছেপ্টেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ৰাজ্য চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বান বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি হয় । এই শুনানিত গুৱাহাটীৰ বান সমস্যা সমাধানৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আদালতত অৱগত কৰাৰ লগতে গুৱাহাটীৰ বান সমস্যা সমাধানৰ পাৱাৰ পইণ্ট উপস্থাপনো কৰা হয় ।
গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ পি আই এল
উল্লেখ্য যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাৰ লগতে নলা-নৰ্দমাৰ অব্যৱস্থা বিষয়ক লৈ 'নর্থ-ইষ্ট ইক' ডেভেলপমেণ্ট ছ'চাইটি' নামৰ এটা সংস্থাই এখন ৰাজহুৱা স্বার্থজড়িত আৱেদন দাখিল কৰিছিল । সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ ইউ কে নায়াৰৰ খণ্ড বিচাৰপীঠে সেই আৱেদনৰ শুনানি গ্ৰহণ কৰে ।
কি ব্যৱস্থা লৈছে চৰকাৰে ?
শুনানিত ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ ইউ কে নায়াৰৰ খণ্ড বিচাৰপীঠক এই কথা জনাই যে গুৱাহাটী মহানগৰীক কৃত্রিম বানমুক্ত কৰাৰ উদ্দেশ্যে মহানগৰখনৰ বাবে জি আই এছ তথ্য আধাৰিত এক সামগ্রিক নর্দমা প্রণালীৰ মাষ্টাৰপ্লেন তথা বিতং প্রকল্প প্রস্তুত কৰাৰ দায়িত্ব দিয়া নেদাৰলেণ্ডৰ প্ৰতিষ্ঠানটোৱে ৰাজ্য চৰকাৰৰ সৈতে কৰা চুক্তিৰ ৯ মাহৰ ভিতৰত এই কাম সম্পূর্ণ কৰিব । নেদাৰলেণ্ডৰ হেছকং ডি এইচ বি কনচালটেন্সি প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটোৱে সামৰিবলগীয়া সকলো দিশৰ আভাস দি ইতিমধ্যে ১২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰক প্ৰাৰম্ভিক অগ্ৰগতিৰ বিষয়ে অৱগত কৰিছে ।
মহাধিবক্তাই লগতে আদালতক জনাই যে গুৱাহাটীৰ বাবে এক সামগ্রিক নলা-নৰ্দমা মাষ্টাৰপ্লেন প্রস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অৰ্থাৎ গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই (জি এম ডি এ) নেদাৰলেণ্ডৰ প্ৰতিষ্ঠানটোৰ সৈতে যোৱা ২১ আগষ্টত চুক্তি সম্পাদন কৰিছিল । সেইদিনাই প্রতিষ্ঠানটোক ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল । ৱৰ্ক অৰ্ডাৰ দিয়াৰ পৰা ৯ মাহৰ ভিতৰত প্ৰতিষ্ঠানটোৱে প্রকল্প প্রস্তুত কৰাৰ কাম সম্পূৰ্ণ কৰিব ।
এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা এছ ইউ আহমেদে কয়,"আদালতে এই ৰাজহুৱা স্বার্থজড়িত আৱেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা ২৯ অক্টোবৰত প্রকল্প সম্পৰ্কীয় অগ্ৰগতিৰ প্রতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰ তথা মহাধিবক্তাক নির্দেশ দিছে ।"
তেওঁ কয়,"এই আৱেদনখনৰ শুনানিত আদালতক সহায় কৰাৰ কাৰণে 'এমিকাছ কিউৰি' হিচাপে নিয়োজিত কৰা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ লগতে তেওঁৰ উদ্যোগত আগবাঢ়ি অহা ভাৰতীয় বন সেৱাৰ প্ৰাক্তন বিষয়া আকাশদীপ বৰুৱাই গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ব্যৱস্থাৰ বিষয়ে আদালতত পৰামৰ্শ আগবঢ়ায় ।"
তেওঁ লগতে কয়,"প্রাক্তন বন বিষয়া বৰুৱাই উপগ্ৰহীয় তথ্য আৰু জি আই এছ তথ্যসহ আদালতত পাৱাৰ পইণ্টযোগে কৰা উপস্থাপনত বাহিনী নৈ পুনৰুদ্ধাৰ কৰা, শিলসাঁকোৰ পৰা ব্ৰহ্মপুত্ৰলৈ থকা বোন্দাজান মুকলি কৰা, গুৱাহাটীৰ নলা-নৰ্দমা আৰু পয়ঃপ্ৰণালীৰ বাবে একক সংস্থা গঠন কৰা, এক সামগ্রিক নলা-নর্দমা মানচিত্র প্রস্তুত কৰা, বাহিনী-ভৰলু-বশিষ্ঠ নদী প্ৰণালীৰ ধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে নদীকেইখনত হোৱা বেদখল উচ্ছেদ কৰা, সকলো নলা-নর্দমাক প্রাকৃতিক নৰ্দমাৰ (নদী প্রণালী) সৈতে সংযোগ কৰা, উপযুক্ত অধ্যয়নৰ পাছতহে নলা-নর্দমা নিৰ্মাণ কৰা, মেঘালয়ৰ পৰা নামি অহা পানী দীপৰ বিললৈ বোৱাই নিয়াৰ বাবে খানাপাৰাৰ পৰা আই এছ বি টি হৈ বিশাল নৰ্দমা নিৰ্মাণ কৰা আদি এলানি তাৎক্ষণিক, হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়ায় ।"
আদালতত এই সন্দৰ্ভত মহাধিবক্তা শইকীয়াই ৰাজ্য চৰকাৰে ইতিমধ্যে গ্রহণ কৰা আঁচনিত এই ব্যৱস্থালানি অন্তৰ্ভুক্ত কৰা বুলি আদালতক জনাই আৰু কয় যে প্রয়োজন সাপেক্ষে প্রাক্তন বন বিষয়া বৰুৱাৰ পৰা অধিক পৰামৰ্শ গ্ৰহণ কৰা হ'ব ।
এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিষ্ণৈয়ে গুৱাহাটীৰ কৃত্ৰিম বান আৰু নলা-নৰ্দমা সমস্যা সমাধানৰ বাবে চৰকাৰে গুৰুত্বসহকাৰে ব্যৱস্থা গ্ৰহণ কৰা সম্পৰ্কত আদালত পতিয়ন যোৱা বুলি পর্যবেক্ষণ আগবঢ়াই আৰু ভৱিষ্যতে অধিক ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰে । এই সন্দৰ্ভত ২৯ অক্টোবৰত আদালতে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ।
লগতে পঢ়ক :বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত সোণাপুৰৰ কচুতলীত পুনৰ আৰম্ভ উচ্ছেদ - Sonapur eviction drive