ETV Bharat / state

বানৰ তাণ্ডৱ : যোগাযোগ বিচ্ছিন্ন ডিমা হাছাও জিলাত - ASSAM FLOOD

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:30 PM IST

Assam Flood Situation : অভাৱনীয় বানৰ কবলত ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বহু অঞ্চল ৷ শিলচৰ-হাফলং, লামডিং-হাফলং স্থলপথ আৰু ৰে’লপথ সম্পূর্ণ বন্ধ হৈ আছে ৷ পশ্চিম কাৰ্বি আংলং আৰু হোজাইৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

HEAVY RAINS TRIGGER SEVERE FLOOD
বানৰ কবলত বহু অঞ্চল (ETV BHARAT ASSAM)

ডিফু, 30 মে’ : সাগৰীয় ঘূর্ণী ৰেমলৰ প্ৰভাৱ পাহাৰীয়া তিনিখন জিলাত এতিয়াও অব্যাহত আছে ৷ কাৰ্বি আংলং জিলাত ৰেমলৰ প্ৰভাৱ প্ৰশমিত হৈছে যদিও ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৰেমলৰ প্ৰভাৱত উদ্ভৱ হোৱা পৰিস্থিতিৰ ফলত অভাৱনীয় বানৰ কবলত পৰিছে বহু অঞ্চল ৷ নেৰানেপেৰা বৰষুণৰ বাবে উমৰাংচুস্থিত খানদাং বান্ধৰ 7খনকৈ গেট খুলি দিয়াৰ বাবে বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী নৈৰ পানী ৷ 275 মেগাৱট বিদ্যুৎ উৎপাদনক্ষম খানদাং ডেমৰ জলাশয়ৰ পৰা ক্ষমতাতকৈ 8.64 মিটাৰ উচ্চতাৰে পানী বৈছে ৷ ফলত কপিলী জলবিদ্যুৎ প্ৰকল্পলৈ ভাবুকি আহি পৰিছে ৷

বানৰ কবলত ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বহু অঞ্চল (ETV BHARAT ASSAM)

ইতিমধ্যে নিপকোৱে 7 খন গেট মুকলি কৰি দিছে আৰু প্ৰতি চেকেণ্ডত 4,284 কিউবিক মিটাৰ পানী এৰিছে ৷ যাৰ ফলত উমৰাংচুৰ লংকুট এ পি জি চি এলে নির্মাণ কৰি থকা 120 মেগাৱট ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ হৈ পৰিছে ৷ পানীৰ সোঁতে প্ৰকল্পটোৰ ব্যাপক ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে ৷ ইফালে লংকা-হাফলং পথ যোগাযোগ সম্পূর্ণ বিচ্ছিন্ন হৈ পৰিছে ৷ দিয়ুংমুখ থানাৰ অন্তর্গত থাইজোৱাৰিত লোৰ দলঙৰ ওপৰেৰে পানী বৈ যোৱা পৰিলক্ষিত হৈছে ৷ নিপকোৱে পানী এৰি দিয়াৰ বাবে দিয়ুং নৈৰ পানী বৃদ্ধি হৈছে, যাৰ ফলত লাংজিং নলাৰ পানী বাঢ়ি যোৱাৰ ফলত শতাধিক গৃহ পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে বানৰ কৱলত পৰা গৃহহীন লোকসকলৰ বাবে দিয়ুংবৰাত দুটাকৈ আশ্ৰয় শিবিৰ মুকলি কৰিছে ডিমা হাছাও জিলা প্ৰশাসনে ৷

শিলচৰ-হাফলং, লামডিং-হাফলং স্থলপথ আৰু ৰে’লপথ সম্পূর্ণ বন্ধ হৈ আছে ৷ 2022 চনৰ দৰে এইবাৰো হাৰাংগাজাওত বৰষুণে পথৰ এছোৱা ছিঙি নিয়াৰ ফলত বৰাকলৈ পথ যোগাযোগ ব্যাহত হৈ পৰিছে ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সতর্কবাণীৰ পিচতো জিলা প্ৰশাসনে সময়োপযোগী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ ইফালে পশ্চিম কাৰ্বি আংলং জিলাত খানদাং বান্ধৰ পানীয়ে বৃহৎ এলেকাত বানৰ সৃষ্টি কৰিছে ৷ কপিলীৰ বাঢ়নী পানী জিলাখনৰ মেনমিজি-ডেৰামুখ সংযোগী পথ, মেনগাঁও-শিলাডুবি সংযোগী পথৰ লগতে আন বহু কেইটা পথৰ ওপৰেৰে বাগৰাৰ ফলত যোগাযোগ ব্যাহত হৈ পৰিছে ৷ হোজাই-টুস্পৰেং সংযোগী পথৰ ওপৰেদি পানী বাগৰাৰ ফলত পশ্চিম কাৰ্বি আংলং আৰু হোজাইৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

বাঢ়নী পানীৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ বিশে, খেৰণিৰ দাসবস্তি, নেপানীবস্তি, খান্দাজান, বেবাব-আলি, চেংচেংবিল, হাতীমৰা গাৰো গাঁৱকে ধৰি প্ৰায় 15 খনতকৈ অধিক গাঁও সংহাৰী বানত প্লাবিত হৈছে ৷ বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ খাদ্য সামগ্ৰী, সম্পত্তি, পশুধন আদিক লৈ চিন্তিত বানাক্ৰান্ত ৷ নিশাৰে পৰা বহু পৰিয়ালে অনাহাৰে থাকিব লগা হৈছে ৷ জিলা প্ৰশাসন, জনপ্ৰতিনিধিয়ে বানাক্ৰান্তৰ খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী ৰাইজে ৷ নিশাৰ ভিতৰতে হাজাৰ হাজাৰ কৃষিভূমি প্লাৱিত হোৱাৰ বিপৰীতে তচনচ হৈছে বহু পৰিয়ালৰ সপোনৰ ঘৰখন ৷ ইতিমধ্যে গৃহহাৰা হোৱা বহু পৰিয়ালে গাঁও অথবা সপোনৰ ঘৰ এৰি প্ৰাণৰ মমতাত সন্তান, বৃদ্ধ পিতৃ-মাতৃক লৈ ওখ স্থানলৈ ঢাপলি মেলিছে ৷ কোনোৱে যদি বিদ্যালয়ত, কোনোৱে আকৌ মথাউৰিত আৰু আন কোনোবাই আকৌ ৰাজপথতে অস্থায়ী শিৱিৰ পাতি আশ্ৰয় লৈছে ৷

লগতে পঢ়ক : লখিমপুৰত অব্যাহত ৰেমলৰ প্ৰভাৱ: ব্যাহত যাতায়াত, বিপদসীমাৰ ওপৰত নদীৰ জলপৃষ্ঠ - Remal Effects In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.