ETV Bharat / state

ছাত্ৰীৰ মৃতদেহ লৈ প্ৰতিবাদত নামিল হাজাৰ হাজাৰ ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 7:45 PM IST

Protest in Bongaigaon: এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি বঙাইগাঁও চহৰৰ নতুনপাৰাত উত্তপ্ত পৰিস্থিতি । ছাত্ৰীৰ মৃতদেহ লৈ প্ৰতিবাদত নামিল কেইবাহাজাৰ ৰাইজ । আৰক্ষী অধীক্ষক উপস্থিত হৈ ৭ দিনৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰাত শাম কাটে পৰিস্থিতি ।

Heated situation in Bongaigaon over students death
ছাত্ৰীৰ মৃতদেহ লৈ প্ৰতিবাদত নামিল কেইবাহাজাৰ ৰাইজ
ছাত্ৰীৰ মৃতদেহ লৈ প্ৰতিবাদত নামিল হাজাৰ হাজাৰ ৰাইজ

বঙাইগাঁও,৯ মাৰ্চ: বঙাইগাঁও চহৰৰ নতুনপাৰাত এগৰাকী ১৬ বছৰীয়া ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । শুকুৰবাৰে বঙাইগাঁও জিলাৰ দাংতলৰ ৰে'লেৱে মাৰ্কেটৰ সমীপত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰীগৰাকীৰ মৃতদেহ । শনিবাৰে এই ঘটনাক কেন্দ্ৰ কৰি ওলাই আহে বঙাইগাঁৱৰ কেইবাহেজাৰ ৰাইজ । দোষীক ফাঁচীৰ শাস্তি প্ৰদানৰ দাবী কৰি ৰাইজে উত্তপ্ত কৰি তোলে পৰিস্থিতি ।

চহৰখনৰ ৰাজপথত বহি দিনৰ প্ৰায় ১২ বজাৰ পৰা ৰাইজে আৰম্ভ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । জানিবলৈ দিয়া মতে ছৰফৰাজ নামৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ । কিন্তু পৰিয়ালৰ লোকে মানি লোৱা নাছিল এই সম্পৰ্ক । পিছে যোৱা ৬ মাৰ্চ তাৰিখৰ পৰা ছাত্ৰগৰাকী সন্ধানহীন হৈ পৰে । পৰিয়ালৰ লোকে লগে লগে ছাত্ৰীগৰাকীৰ নিৰুদ্দেশৰ ঘটনা সম্পৰ্কত আৰক্ষীৰ ওচৰত দাখিল কৰিছিল এজাহাৰ । কিন্তু শুকুৰবাৰে ৰহস্যজনকভাৱে উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ ।

ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে ছাত্ৰীগৰাকীৰ মৃতদেহ লৈ শনিবাৰে কেইবাহেজাৰ লোক নামিল প্ৰতিবাদত । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে উপযুক্ত সময়ত আৰক্ষীয়ে বিহিত ব্যবস্থা নোলোৱাৰ ফলতে সংঘটিত হ'ল এই ঘটনা । কেইবাঘণ্টা ধৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে নতুনপাৰা অঞ্চলত । ৰাইজে বিদ্যুতৰ খুঁটা ৰে'লপথত পেলাই ৰে'লপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক আৰু জিলাৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা । আৰক্ষী অধীক্ষকগৰাকীয়ে ৭ দিনৰ ভিতৰত ঘটনাৰ সৈতে জড়িত সকলোকে আটক কৰাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শাম কাটে । ইফালে আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ উপস্থিতিত যুৱতীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া নিউ বঙাইগাঁও শ্মশানত সম্পন্ন কৰা হয় । জানিব পৰা মতে বঙাইগাঁও আৰক্ষীয়ে ছৰফৰাজ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: কিহক লৈ গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ দুটা ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.