ETV Bharat / state

সৰ্প দংশন : বেজৰ ওচৰলৈ যোৱাতকৈ চিকিৎসকৰ কাষলৈ যাওক - Dhemaji Snakebite Case

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 9:36 PM IST

Awareness of snake bite : সৰ্প দংশনৰ চিকিৎসাৰ বাবে সাজু ধেমাজি অসামৰিক চিকিৎসালয়ৰ ২০ খন বিচনাযুক্ত আই চি ইউ । চিকিৎসাধীন দুজন । সৰ্প দংশনৰ পাচত বেজৰ ওচৰলৈ যোৱাতকৈ চিকিৎসকৰ কাষ চপাৰ পৰামৰ্শ ।

Health department advises to take snake bite people to Hospital in Dhemaji
সৰ্প দংশনক লৈ সাজু ধেমাজি অসামৰিক চিকিৎসালয়ৰ ICU (ETV Bharat Assam)

ধেমাজি,২৫ জুলাই: বাৰিষা বানপানীৰ সময়ত নিৰাপদ আশ্ৰয় বিচাৰি অথবা খাদ্যৰ সন্ধানত বিভিন্ন প্ৰজাতিৰ সৰ্প আৰু সৰীসৃপজাতীয় প্ৰাণীকূলে মানুহৰ ঘৰৰ আশে পাশে বিচৰণ কৰাৰ লগতে ঘৰৰ ভিতৰতো প্ৰৱেশ কৰা দেখা যায় । যাৰ ফলত মানুহ আৰু সৰীসৃপ প্ৰাণীৰ মাজত সংঘাত আহি পৰে । বিভিন্ন বিষধৰ আৰু বিষহীন সাপ মানুহৰ হাতত নিধন হোৱাৰ সমান্তৰালভাৱে সৰ্পৰ দংশনৰ ফলতো বহুলোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

ইফালে সৰ্প দংশনক লৈ সম্পূৰ্ণ সাজু আছে ধেমাজি স্বাস্থ্য বিভাগ । চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ৰ ২০ খন বিচনাযুক্ত ICU, গোগামুখ চিকিৎসালয়, চিলাপথাৰ মডেল চিকিৎসালয়ৰ আৰু জোনাই চিকিৎসালয়ত প্ৰয়োজনীয় এন্টিভেনম চিৰাম পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰিছে । এইক্ষেত্ৰত ধেমাজি জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাসে ধেমাজি অসামৰিক চিকিৎসালয়ৰ সম্প্ৰতি ICU ত চিকিৎসাধীন হৈ থকা সাপে কামোৰা দুজন ৰোগীক পৰীক্ষা কৰি বিপদমুক্ত বুলি জানিবলৈ দিয়ে ৷ বিষধৰ সাপে কামোৰাৰ লক্ষণসমূহ আৰু সাপে কামুৰিলে ততালিকে ওচৰৰ চিকিৎসালয়ত নিয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই ডাঃ যোগেন দাসে ৷

উল্লেখ্য যে স্বাস্থ্য বিভাগৰ তথ্যমতে চলিত বছৰত জিলাখনত এপ্ৰিল মাহত ২০জনক, মে' মাহত ৩৭ জনক আৰু জুন মাহত ১০১ জনক সাপে দংশন কৰে যদিও ইয়াৰে ভিতৰত এজনক বিষাক্ত সাপে দংশন কৰে আৰু আটাইকেইজনে চিকিৎসাৰ অন্তত সুস্থ হয় । এই মাহত এতিয়ালৈকে চিকিৎসালয়ত অহা কেইবাজনো সাপে কামোৰা ৰোগীৰ ভিতৰত এজনক বিষধৰ সাপে দংশন কৰা বুলি জনাই ডাঃ যোগেন দাসে । জিলাখনৰ ৯০% সাপ বিষহীন বুলি ডাঃ দাসে উল্লেখ কৰে ।

লগতে পঢ়ক: সাপে খুঁটিলে বেজৰ ওচৰলৈ নিয়াতকৈ চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ স্বাস্থ্য বিভাগৰ - Dhemaji Snakebite Case

বৰ্ধিত সৰ্পদংশনৰ ঘটনা : ভয় নে সজাগতাৰ অভাৱ ? সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কি কয় ? - INTERVIEW WITH SAURAV BORKATAKI

অবিশ্বাস্য : এজন যুৱকক এমাহতে পাঁচবাৰকৈ দংশন কৰিলে সাপে - Snake Deadly Enemy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.