ETV Bharat / state

প্ৰমোদ বড়োক ৰাইজে প্ৰত্যুত্তৰ দিব: হাগ্ৰামা মহিলাৰী - Lok Sabha Election 2024

Lok Sabha Election 2024: চিৰাঙৰ বিজনী জিলা বিপিএফৰ প্ৰতিটো ব্লকৰ বুথ কমিটীৰে হাগ্ৰামা মহিলাৰীৰ মত বিনিময় । কংগ্ৰেছ বা আন কোনো দলৰে আলোচনা হোৱা নাই বুলি স্পষ্ট কৰে হাগ্ৰামা মহিলাৰীয়ে । প্ৰমোদ বড়োক ৰাইজে প্ৰত্যুত্তৰ দিব বুলি মন্তব্য হাগ্ৰামাৰ ।

Hagrama Mohilari slams Pramod Bodo
বুথ কমিটীৰে হাগ্ৰামা মহিলাৰীৰ মত বিনিময়
author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:23 PM IST

বুথ কমিটীৰে হাগ্ৰামা মহিলাৰীৰ মত বিনিময়

চিৰাং,৭ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনক লৈ সাজু হৈছে ৰাজনৈতিক দলসমূহ । ইতিমধ্যে শাসকীয় দল বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা । আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ । বহি থকা নাই বিপিএফ । বৃহস্পতিবাৰে চিৰাঙৰ বিজনীৰ পাণবাৰীত মানাস সেৰফাং ব্লকত অনুষ্ঠিত হয় বিপিএফৰ এখন বুথ কৰ্মী সভা । উক্ত কৰ্মী সভাত অংশগ্ৰহণ কৰি বিপিএফে কোনো দলৰ লগত মিত্ৰতা নকৰে, এই কথা পুনৰ স্পষ্ট কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

আগন্তক লোকসভা নিৰ্বাচনত বিপিএফে অকলে প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে কোনোবাই কাৰোবাৰ লগত বহিছে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা । এই ক্ষেত্ৰত তেওঁ বা দলে কাকো দ্বায়িত্ব দিয়া নাই বুলি স্পষ্ট ভাৱে জনায় বিপিএফ প্ৰধানগৰাকীয়ে । তেওঁ লগতে কয় যে যদি কোনোবাই কাৰো সৈতে বহিছে সেয়া তেওঁলোকে কিবা বেলেগ কাৰণত বহিব পাৰে । কোনো দলৰে আলোচনাত বহিলে তেওঁ বহিব কিয়নো দলৰ সভাপতি তেওঁ বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে গুৱাহাটীত কংগ্ৰেছ নেতৃত্বৰে বিপিএফৰ সভা অনুষ্টিত হোৱা বুলি ওলোৱা খবৰৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে এইদৰে নিজৰ স্থিতি স্পষ্ট কৰে । ইফালে প্ৰমোদ বড়োক ৰাইজে প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে মহিলাৰীয়ে । লগতে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ দুদিন পিছত বিপিএফ দলে প্ৰাৰ্থী ঘোষণা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে । কোকৰাঝাৰ লোকসভা সমষ্টিত BPF জয়ী হ'ব বুলিও দাবী কৰে মহিলাৰীয়ে ।

ইফালে কৰ্মী সভাত অংশগ্ৰহণ কৰি বিজনী জিলা বিপিএফৰ অন্তৰ্গত প্ৰতিটো ব্লক সমিতিৰ অধিনস্থ বুথ কমিটীৰে মত বিনিময় কৰে হাগ্ৰামা মহিলাৰীয়ে । এই মত বিনিময় অনুষ্ঠানত বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মসহ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ কেবাজনো নেতাৰ লগতে বিজনী জিলা বিপিএফ নেতৃত্বও উপস্থিত থাকে ।

লগতে পঢ়ক: চৰাঞ্চলত কংগ্ৰেছে বহুৱাইছিল অবৈধ মানুহ: বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.