গুৱাহাটী : গুৱাহাটী মহানগৰীত বিদ্যুৎ ৰাহি কৰা আৰু প্ৰদূষণ হ্রাস কৰাৰ উদ্দেশ্যে ‘‘সৌৰ নগৰী’’ নামৰ এখন অভিলাষী আঁচনি ১২ বছৰ পূৰ্বে গ্ৰহণ কৰা হৈছিল । গুৱাহাটী পৌৰ নিগমে ২০১১ চনতে পৰিকল্পনা কৰা এই আঁচনি এতিয়াও চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে । পুনৰ নৱীকৰণ শক্তি মন্ত্ৰণালয়ে ২০১১ চনত গুৱাহাটীৰ লগতে দেশৰ ৪৬ খন নগৰত সৌৰ নগৰী আঁচনি ৰূপায়ণ কৰাৰ বাবে কাৰ্যব্যৱস্থা হাতত লৈছিল ।
দেশৰ অন্য ৰাজ্যত এই আঁচনিখন ৰূপায়ণ হৈছে যদিও অসমত এই আঁচনিখন পৌৰ নিগমৰ ফাইলতে আবদ্ধ হৈ আছে । আঁচনিখনৰ প্ৰাৰম্ভিক কাম হিচাপে মাষ্টাৰ প্লেন প্রস্তুত কৰা, বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰাৰ বাবে মন্ত্রণালয়ে পৌৰ নিগমক ৪৫.৪৫ লাখ টকা সেই সময়তে অনুমোদন দিছিল । পৌৰ নিগমে ২০১২ চনৰ শেষভাগত ৫.৪০ লাখ টকা ব্যয় সাপেক্ষে ‘‘গুৱাহাটী সৌৰ নগৰী’’ৰ মাষ্টাৰ প্লেনখন প্রস্তুত কৰিছিল ।
এই মাষ্টাৰ প্লেনখনৰ ভিত্তিতে পৌৰ নিগমে সৌৰ নগৰী আঁচনিৰ বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুত কৰিছিল । মন্ত্রণালয়ে মুম্বাইৰ কোম্পানী ডাৰশ্ব'ৰ (Darashow) আঁচনিখনৰ মাষ্টাৰ প্লেন আৰু বিস্তৃত প্রকল্প প্রতিবেদনখন অনুমোদন দিছিল । সৌৰ নগৰী আঁচনিৰ ভিত্তিত নৱীকৰণ শক্তি মন্ত্ৰণালয়ে দিয়া নির্দেশনা অনুসৰি পুনৰ নৱীকৰণ শক্তি ব্যৱহাৰ কৰি গুৱাহাটীত ১০ শতাংশ বিদ্যুৎ ৰাহি কৰাৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্য আগত ৰাখি ডাৰশ্ব'ৱে মাষ্টাৰ প্লেনখন প্ৰস্তুত কৰিছিল ।
মাষ্টাৰ প্লেনখনত উল্লেখ থকা মতে, গুৱাহাটীত জলবিদ্যুৎ আৰু খনিজ ইন্ধনৰ বিদ্যুৎ শক্তিৰ ব্যবহাৰ দিনক দিনে বৃদ্ধি পাইছে । মন কৰিবলগীয়া যে গুৱাহাটীত বিদ্যুতৰ ঘাটি ক্রমাগতভাৱে বৃদ্ধি পাইছে । জল তথা তাপ বিদ্যুতে গুৱাহাটীত বিদ্যুতৰ চাহিদা পূৰণ কৰিব পৰা নাই । ২০১৩-১৪ চনত প্রয়োজন হোৱা ৩,৮১৯ নিযুত ইউনিট বিদ্যুৎ শক্তিৰ ২,৭৪৯ নিযুক্ত ইউনিট বিদ্যুৎ শক্তি খনিজ ইন্ধনে পূৰণ কৰিছিল ।
গুৱাহাটীত বিদ্যুৎ কৰ্তনৰ সময়ত পেট্র'ল-ডিজেলচালিত জেনেৰেটৰৰ সহায়ত এই অভাব পূৰণ কৰা হয় । গুৱাহাটীত খনিজ ইন্ধনৰ ভিতৰত ডিজেল ব্যৱহাৰ সর্বাধিক ।
মাষ্টাৰ প্লেনখনত উল্লেখ থকা মতে, ২০১২-১৩ চনত গুৱাহাটীত কেৰাচিন ১৫,২৭১ কিলোলিটাৰ, পেট্র'ল ৫৫,৯৬৩ কিলোলিটাৰ আৰু ডিজেল ১,৪৬,৩৯২ কিলোলিটাৰ ব্যৱহাৰ হৈছিল । এই পৰিমাণ বছৰি বৃদ্ধি পাই আহিছে । এইবোৰ খনিজ ইন্ধনৰ পৰা উৎপন্ন হোৱা গ্রীণ হাউছ গেছ যেনে- কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্র'জেন অক্সাইড গেছে পৰিৱেশ ভয়ংকৰভাৱে প্রদূষিত কৰে । এই ব্যৱস্থা চলি থাকিলে গুৱাহাটী উষ্ণতাৰ তাৰতম্যৰ কৱলত পৰিব ।
এই সন্দৰ্ভত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দ্বীপ বৰুৱাই কয়, "পুনৰ নৱীকৰণ শক্তি মন্ত্রণালয়ে মহানগৰীত পুনৰ নৱীকৰণ শক্তি যেনে সৌৰশক্তিৰ জৰিয়তে উৎপন্ন হোৱা বিদ্যুৎ শক্তি ব্যৱহাৰৰ জৰিয়তে খনিজ ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে গুৱাহাটী সৌৰ আঁচনিখন গ্ৰহণ কৰিছিল । এই অভিলাষী আঁচনিখন আজিও কার্যকৰী হোৱা নাই । এই আঁচনিখনৰ লক্ষ্য মহান আছিল । কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সফল হোৱা দেখা নগ'ল ।"
এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক প্ৰশ্ন সোধা হৈছিল যদিও তেওঁ এই সন্দৰ্ভত বিস্তৃত খবৰ লৈ পৰৱৰ্তী সময়ত ভালকৈ মন্তব্য দিব বুলি সদৰী কৰে । ইপিনে এই প্ৰকল্পটোৰ লগত এটা সময়ত জড়িত থকা তথা বৰ্তমান পৌৰ নিগমত কৰ্মৰত এগৰাকী উচ্চপদস্থ বিষয়াই (নাম প্ৰকাশত অনিচ্ছুক) জনাই যে চৰকাৰে সময়ত ধন মোকলাই নিদিয়াৰ বাবে আঁচনিখন সময়মতে ৰূপায়ণ কৰিব পৰা নগ'ল ।
তেওঁ কয়, "এতিয়া এই আঁচনিখন ৰূপায়ণ কৰিবলৈ হ'লে আঁচনিখনৰ বাবে প্রস্তুত কৰা মাষ্টাৰ প্লেন আৰু বিস্তৃত প্রকল্প প্ৰতিবেদনখনৰ পুনৰীক্ষণ কৰিব লাগিব । কাৰণ গুৱাহাটীত এতিয়া বিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ ছবিখন সলনি হৈছে ।"