গুৱাহাটী, ১৪ জুলাই : প্ৰতিটো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে শুকুৰবাৰে নিশা হাতীগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ন ন তথ্য ৷
তথ্য অনুসৰি, মৃত চৈয়দ আলীৰ আছিল দুগৰাকী পত্নী । প্ৰথমা পত্নীৰ সৈতে মহানগৰীৰ হাতীগাঁওস্থিত সুন্দৰবন নগৰৰ লাচিত বৰফুকন পথত বাস কৰিছিল চৈয়দে । আনহাতে, চৈয়দ আলীৰ দ্বিতীয় পত্নী থাকে হাতীগাঁও হাউচফেডত । কিছুদিন পূৰ্বে চৈয়দ আলীৰ দ্বিতীয় পত্নী আহিছিল সুন্দৰবন নগৰস্থিত ভাৰাঘৰলৈ ।
তাৰ পিছতেই দুই পত্নীৰ মাজত হৈছিল বাক-বিতণ্ডা ৷ চৈয়দ আলীৰ দ্বিতীয় পত্নীয়ে শাৰীৰিকভাৱেও প্ৰহাৰ কৰিছিল প্ৰথমা পত্নীক । সেয়েহে এই হত্যাকাণ্ডৰ আঁৰত পাৰিবাৰিক কণ্ডল থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে । হাতীগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে নিশা চৈয়দ আলীৰ সৈতে থকা ভতিজাকক । কিন্তু ঘটনাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাচতো হাতীগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই হত্যাকাণ্ডৰ মূল অভিযুক্ত বুলি ধাৰণা কৰা চৈয়দৰ দুই বন্ধুক ।
আনকি বৰ্তমানলৈ খবৰ নাই চৈয়দৰ দুই পত্নীৰ । নিশা অহা দুই বন্ধুৰ আছে নেকি চৈয়দৰ দ্বিতীয় পত্নীৰ সৈতে কিবা সম্পৰ্ক ? নে আছে কিবা ব্যৱসায়িক সংঘাত ? নিশা চৈয়দৰ লগতে থকা ভতিজাকো জড়িত আছে নেকি এই হত্যাকাণ্ডৰ লগত ? এই সমগ্ৰ কথা এতিয়া ৰহস্যৰ আৱৰ্তত । আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য ।
উল্লেখ্য যে, শুক্ৰবাৰে নিশা মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছিল চাঞ্চলকৰ হত্যাকাণ্ড । হাতীগাঁৱৰ সুন্দৰবন নগৰত চৈয়দ আলী নামৰ এজন ব্যৱসায়ীক বন্ধুৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : ভাড়াঘৰতেই বন্ধুৱে হত্য়া কৰিলে ব্যৱসায়ীক ! - Sensational murder in Guwahati