ETV Bharat / state

অনলাইন ট্ৰেডিঙৰ নামত আত্মীয়কো এৰা নাছিল দীপাংকৰে; তথ্য বিচাৰি নলবাৰীত মহানগৰ আৰক্ষীৰ অভিযান - Online trading - ONLINE TRADING

Online trading scam: ট্ৰেডিঙৰ নামত নিজৰ খুড়াকৰ পৰিয়ালকো নেৰিলে দীপাংকৰ বৰ্মনে । নলবাৰীৰ জাপাৰকুছিৰ DB Stock Broking ৰ শাখাত মহানগৰ আৰক্ষীৰ অভিযান । অভিযানৰ পাছত শাখাটো ছীল কৰে মহানগৰ আৰক্ষীয়ে ।

Online trading scam
অনলাইন ট্ৰেডিঙৰ নামত আত্মীকো এৰা নাছিল দীপাংকৰে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 10:26 PM IST

Updated : Sep 23, 2024, 11:53 AM IST

নলবাৰী, ২২ ছেপ্টেম্বৰ: এদিন পূৰ্বে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযুক্ত দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত আজি নলবাৰীত মহানগৰ আৰক্ষীয়ে চলায় অভিযান । অভিযুক্ত দীপাংকৰ বৰ্মনৰ DB Stock Broking ৰ নলবাৰীৰ শাখাত মহানগৰ আৰক্ষীয়ে চলাই অভিযান । নলবাৰীৰ জাপাৰকুছিস্থিত আছিল DB Stock Broking এই শাখাটো । অভিযানৰ পাছত শাখাটো ছীল কৰে মহানগৰ আৰক্ষীয়ে ।

উল্লেখযোগ্য যে পলাতক দীপাংকৰ বৰ্মনে মহানগৰীৰ উপৰিও নলবাৰীতো এটি শাখা শুভাৰম্ভ কৰি মেলিছিল প্ৰৱঞ্চনাৰ জাল । এই জালত আনকি নিজৰ খুড়াকৰ পৰিয়ালকো এৰি দিয়া নাছিল পলাতক প্ৰৱঞ্চক দীপাংকৰে । আজি মহানগৰ আৰক্ষীয়ে DB Stock ৰ নলবাৰী শাখাত চলাই অভিযান ৷ অভিযানকালত আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ খুড়াক, খুড়াকৰ পুতেক তথা কৰ্মচাৰী বিশ্বজিৎ বৰ্মনক জেৰা চলায় ।

অনলাইন ট্ৰেডিঙৰ নামত আত্মীকো এৰা নাছিল দীপাংকৰে (ETV Bharat)

জানিব পৰা মতে নিজৰ খুড়াক তথা খুড়াকৰ পুতেককো ট্ৰেডিঙত ধন বিনিয়োগ কৰাইছিল দীপাংকৰে । তিনিমাহ নিয়মীয়াকৈ ধন দিছিল যদিও তাৰ পিছৰে পৰা বিনিয়োগৰ ধনবোৰ কাকোৱেই ওভতাই নিদি পলায়ন কৰে প্ৰৱঞ্চনাৰ অভিযুক্ত দীপাংকৰে । নিজ খুড়াকে যদি ৩ লাখ, খুড়াকৰ পুতেকে আকৌ ১৩.৫০ লাখ, আন কোনোৱে আকৌ ৯০ হাজাৰৰ পৰা ১ লাখলৈ টকা উক্ত ট্ৰেডিঙত বিনিয়োগ কৰিছিল ।

খুড়াকৰ বাহিৰে বাকী সকলোৰে পৰা ধনবোৰ লুটি নিয়াৰ পিছৰে পৰা বন্ধ হৈ পৰিছিল নলবাৰীৰ এই শাখাটো । তাৰ পিছতে হাহাকাৰ লাগিছিল নলবাৰীৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত । কোনোবাই নিজৰ জীয়েকৰ ভৱিষ্যতৰ বাবে দিন হাজিৰা কৰি গোটোৱা টকাও বিনিয়োগ কৰিছিল দীপাংকৰ বৰ্মনৰ এই ট্ৰেডিঙত । এতিয়া সকলো বন্ধ হোৱাৰ লগতে দীপাংকৰ বৰ্মন পলাতক হৈ থকাত চিন্তিত বিনিয়োগকাৰীসকল ।

দীপাংকৰৰ খুড়াকৰ পুতেক তথা কৰ্মচাৰী বিশ্বজিৎ বৰ্মনে সংবাদ মাধ্যমৰ আগত ৭ শতাংশ সুতৰ প্ৰলোভনেৰে নলবাৰীত বহু লোকৰ পৰা কেইবা কোটিৰো অধিক টকা এই শাখাটোত বিনিয়োগ কৰাৰ কথা জানিবলৈ দিয়ে ৷ আৰক্ষীৰ তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা স্বীকাৰ কৰি বিশ্বজিতে মোটা ধন বিনিয়োগ কৰি নিজকে আজি ভুক্তভোগী বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । পলাতক হৈ থকা প্ৰৱঞ্চনাৰ অভিযুক্ত দীপাংকৰ বৰ্মনক অতি সোনকালে আৰক্ষীক আটক কৰিবলৈ আহ্বান জনায় দীপাংকৰ বৰ্মনৰ ভাতৃ বিশ্বজিত বৰ্মনৰ লগতে বিনিয়োগকাৰীসকলে ।

লগতে পঢ়ক: ডি বি ষ্টক ব্ৰকিঙৰ খবৰ : দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক কাৰাগাৰলৈ - DB Stock Consultancy case

মহিলাৰ একাউন্টে একাউন্টে কোনে জমা দিলে ধন ? - Gramin Vikash Bank

Last Updated : Sep 23, 2024, 11:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.