ETV Bharat / state

সহায় কৰাৰ চলেৰে যাত্ৰীক লুটপাত: গুৱাহাটী আৰক্ষীৰ জালত পাঁচটাকৈ দুধৰ্ষ ডকাইত - Robber Gang Arrested in Guwahati - ROBBER GANG ARRESTED IN GUWAHATI

ROBBERS ARRESTED IN GUWAHATI : মহানগৰীত আৰক্ষীৰ জালত পাঁচটাকৈ দুধৰ্ষ ডকাইত ৷ জালুকবাৰী উৰণ সেতুত বাছৰ অপেক্ষাত থকা যাত্ৰীক টেক্সিৰে গন্তব্য স্থানলৈ নিয়াৰ টোপ দি লুটপাত চলাই আহিছিল এই ডকাইতকেইটাই ৷

ROBBERS ARRESTED IN GUWAHATI
আৰক্ষীৰ জালত পাঁচটা দুধৰ্ষ ডকাইত
author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 10:50 PM IST

গুৱাহাটী, 5 এপ্ৰিল : গুৱাহাটী মহানগৰীৰ জালুকবাৰী উৰণ সেতুত বাছৰ অপেক্ষাত থকা যাত্ৰীক টেক্সিৰে গন্তব্য স্থানলৈ নিয়াৰ টোপ দি লুটপাত চলোৱা পাঁচটা দুর্ধর্ষ ডকাইতৰ এটা দল গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ দুর্ধর্ষ অপৰাধীৰ দলটোৰ মজনুৰ আলী ওৰফে গৰিয়া ৷ মজনুৰ আলীৰ ঘৰ আজাৰাত ৷ এই অপৰাধত লিপ্ত আন চাৰিটা ডকাইত হ'ল ছয়গাঁৱৰ ৰহিম আলী, কলাইগাঁৱৰ আমিৰ হামজা, বাক্সা জিলাৰ গোৱর্ধনাৰ তাফাজুল আলী আৰু বৰপেটাৰোডৰ লুটফুৰ ৰহমান ৷ এই দলটোৱে জালুকবাৰী উৰণ সেতুত বাছৰ অপেক্ষাত থকা যাত্ৰীক টেক্সিৰে গন্তব্য স্থানলৈ নিয়াৰ টোপ দি আদবাটত নিচাযুক্ত দ্ৰব্য সেবন কৰোৱাই নগদ ধন, ম’বাইল, এটি এম কাৰ্ড আদি লুটি লৈ যায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিশেষকৈ সন্ধিয়াৰ ভাগত সক্ৰিয় হোৱা এই ডকাইতৰ দলটোৰ হাতত সৰ্বস্বান্ত হৈছে বহু লোক ৷ আনকি এই দলটোৰ কবলত পৰি প্ৰাণ হেৰুৱাব লগা হৈছে এজন যাত্ৰীয়ে ৷ জালুকবাৰীৰ পৰা বাছৰ অপেক্ষাত থকা যাত্ৰীক টেক্সিত তুলি নি লুটপাত চলোৱাৰ এই ঘটনা নৱেম্বৰৰ পৰা চাৰিটা সংঘটিত হৈছে ৷ শেহতীয়াকৈ জালুকবাৰী আৰক্ষীয়ে এই গোচৰৰ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰে ৷ জালুকবাৰী উৰণ সেতুৰ পৰা বাছৰ অপেক্ষাত থকা যাত্ৰীক তুলি নিয়া ডকাইতৰ দলৰ এখন অল্ট' বাহন চি চি টিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে কিছুদিন পূৰ্বে চিনাক্ত কৰিবলৈ সক্ষম হয় ৷

এ এছ 01 পি চি 0818 নম্বৰৰ অল্ট'খন জালুকবাৰী থানাৰ আৰক্ষীয়ে ফটাশিলত জব্দ কৰে ৷ গাড়ীখনৰ মালিকক থানালৈ আনি সোধা-পোছা কৰাত তদন্তকাৰী আৰক্ষীয়ে গোৱর্ধনাৰ তফাজুল আলী আৰু বৰপেটাৰোডৰ লুটফুৰ ৰহমানৰ সন্ধান লাভ কৰে ৷ সেইমৰ্মে আৰক্ষীয়ে প্ৰথমে বৰপেটাৰোডৰ পৰা দুয়োটা অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। এই দুই অভিযুক্তই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে যে জালুকবাৰীৰ পৰা যাত্ৰীক একপ্ৰকাৰ অপহৰণ কৰি লুটপাত চলোৱা এই অপৰাধৰ মাষ্টাৰমাইণ্ড বঙৰাৰ মজনুৰ আলী ওৰফে গৰিয়া ৷

বুধবাৰে সন্ধিয়া কুখ্যাত ডকাইত মজনুৰ আলী ওৰফে গৰিয়াক নিজ ঘৰৰ সম্মুখতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ গৰিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে যাত্ৰীক ডকাইতি কৰা ৰহিম আলী, আমিৰ হামজাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে এই অপৰাধত ব্যবহৃত এ এছ -01 জে চি 6033 নম্বৰৰ ছুইফট্ ডিজায়াৰ এখনো জব্দ কৰে ৷ এই ডকাইতৰ দলটোৱে জালুকবাৰী উৰণ সেতুত বাছৰ অপেক্ষাত থকা যাত্ৰীৰ ওচৰত ডকাইটকেইটাই ব্যৱহাৰ কৰা ছুইফট ডিজায়াৰ নাইবা অল্ট' আছে বুলি কৈ ক'লৈ যাব বুলি সোধে ৷ যাত্ৰীগৰাকীয়ে যি স্থানৰ নাম কয় ডকাইত কেইটাই সেইদিশেই যাব বুলি উল্লেখ কৰি ন্যূনতম ভাড়াৰ বিনিময়ত যাত্ৰীগৰাকীক গাড়ীত বহিবলৈ কয় ৷

ইয়াৰ পিচত আধাবাটত চাহ খাবলৈ গাড়ী ৰখায় ডকাইতকেইটাই ৷ তাতেই যাত্ৰী গৰাকীক চাহৰ লগত নিচাযুক্ত টেবলেট মিহলাই খোৱাই অচেতন কৰে ৷ এইদৰে অচেতন কৰা যাত্ৰীগৰাকীৰ টকা-পইচা, ম'বাইল ফোন আদি লুট কৰাৰ উপৰিও 'গুগল-পে', 'ফোন পে' আদিৰ পাছৱর্ড পর্যন্ত সংগ্ৰহ কৰে ৷ এইদৰে লুটপাত চলায় যাত্ৰীগৰাকীক কোনো আওঁহতীয়া অঞ্চল নাইবা পথৰ কাষত পেলাই দিয়ে ডকাইতকেইটাই ৷

লগতে পঢ়ক : নিলম্বিত অধ্যক্ষ গাম্বাৰু মুছাহাৰীৰ বিৰুদ্ধে ভুৱা ৱৰ্ক অৰ্ডাৰৰ অভিযোগ - Suspended Chairman Of BKWAC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.