ETV Bharat / state

গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ৰ খচৰা: গুৱাহাটীৰ পৰিসীমা ৩২৮ বৰ্গ কিলোমিটাৰ বৃদ্ধিৰ প্ৰস্তাৱ - Guwahati Master Plan 2045

Area of Guwahati : ২০৪৫ চনত গুৱাহাটীৰ পৰিসীমা আৰু জনসংখ্যা কিমান হ'ব ? কি কি নতুন অঞ্চল সামৰি লোৱা হৈছে গুৱাহাটী মাষ্টাৰ প্লেন,২০৪৫ ৰ খচৰাত ? এই বিষয়ে জানক সবিশেষ ।

Guwahati Master Plan 2045
গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ ৰ খচৰা (GMDA)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 7:22 PM IST

গুৱাহাটী, ২০ আগষ্ট: জনসংখ্য়া বৃদ্ধিৰ লগতে গ্ৰামাঞ্চলৰ পৰা মহানগৰমুখী হোৱাৰ প্ৰৱণতা তথা পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাবলৈ গুৱাহাটীৰ পৰিসৰ সময়ে সময়ে বৃদ্ধি কৰা হৈছে । তদুপৰি উন্নয়ৰ ধাৰাৰ প্ৰসাৰৰ বাবে প্ৰয়োজন হৈছে মহানগৰীৰ পৰিসীমা বৃদ্ধিৰ । গুৱাহাটীৰ আন্তঃগাথঁনিৰ বিজ্ঞানসন্মতভাৱে উন্নত কৰাৰ লগতে নগৰীয়া জীৱনশৈলীৰ উন্নয়নৰ বাবে সময়ে সময়ে পৰিকল্পনা গ্ৰহণ কৰিলেও সেয়া যেন পৰ্যাপ্ত নহয় । সেয়েহে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰিছে 'গুৱাহাটী মাষ্টাৰ প্লেন,২০৪৫'ৰ খচৰা ।

Guwahati Master Plan 2045
গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ ৰ খচৰা (GMDA)

চৰকাৰৰ অনুমোদনৰ বাবে সাজু খচৰা :

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে 'গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫' খচৰা ৰাজ্য চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি চলাইছে । ইতিমধ্যে এই খচৰাখনৰ সন্দৰ্ভত ওজৰ-আপত্তি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ৰাইজৰ পৰা গ্ৰহণ কৰা সম্পূৰ্ণ কৰিছে । শেহতীয়াকৈ এই খচৰাখন সন্দৰ্ভত গুৱাহাটীত ৱাৰ্ডে ৱাৰ্ডে ৰাইজৰ মতামত লোৱাৰ‌ বাবে ৰাজহুৱা শুনানী গ্ৰহণ কৰাৰ বাবে সচেতন নাগৰিক তথা গুৱাহাটীৰ একাংশ সচেতন সংগঠনে দাবী জনাইছে ।

গুৱাহাটীৰ পৰিসীমা বৃদ্ধি:

গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫ খচৰাত অহা‌ ২০ বছৰত গুৱাহাটীত অতিৰিক্ত ৬,৭৬,০০০ টা পৰিয়ালৰ বোজা গ্ৰহণ কৰাৰ বাবে গুৱাহাটীৰ পৰিকল্পনা কৰা‌ হ'ব । এই খচৰাত গুৱাহাটীৰ পৰিসীমা ৩২৮ বৰ্গ কিলোমিটাৰ নিৰ্দ্ধাৰণ কৰা হৈছে । ইয়াৰে গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ১৭৬.১৭ বৰ্গ কিলোমিটাৰ, ৮ খন (census town) চহৰৰ ৩৩.১৬ বৰ্গ কিলোমিটাৰ, উত্তৰ গুৱাহাটীৰ ৪ টা ৱাৰ্ডৰ ৩.৮৯ বৰ্গ কিলোমিটাৰ, ৭৯ খন গাঁৱৰ ১১৪.৭৮ বৰ্গ কিলোমিটাৰ সামৰি লোৱা হ'ব ।

সাতখন‌ ৰাজহ চক্ৰ :

গুৱাহাটী মাষ্টাৰ প্লেন,২০৪৫ এলেকাত সাতখন‌ ৰাজহ চক্ৰ ক্ৰমে উত্তৰ গুৱাহাটী, হাজো, আজৰা, পলাশবাৰী, চন্দ্ৰপুৰ, গুৱাহাটী, দিছপুৰ আৰু কমলপুৰ আৰু সোণাপুৰৰ একাংশ অন্তৰ্গত কৰা হৈছে । এই এলেকাই উত্তৰে আগিয়াঠুৰি আৰু দীৰ্ঘেশ্বৰী, দক্ষিণে ৰাণী সংৰক্ষিত বনাঞ্চল, পূবে পানীখাইটি, আমচাং আৰু পশ্চিমে সোণতলা সীমা থাকিব ।

জনসংখ্যা কিমান থাকিব ?

এই খচৰা‌ মতে, ২০৪৫ চনত উক্ত এলেকাত জনসংখ্যা ৩৮,৬৩,৮১২ গৰাকী নিৰ্ধাৰণ কৰা হৈছে । ইপিনে,খচৰা‌ মতে, ২০৪১ চনত গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫ এলেকাত জনসংখ্যা ২০,২৪,৫৬৫ গৰাকী নিৰ্ধাৰণ কৰা হৈছে । আনহাতে, উক্ত খচৰা‌ মতে, ২০৪১ চনত গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫ এলেকাত জনসংখ্যা ৩১,৫১, ৪৫০ গৰাকী নিৰ্ধাৰণ কৰা হৈছে ।

লক্ষ্য আৰু উদ্দেশ্য:

গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫ মূখ্যতঃ নটা লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰা‌ হৈছে । এইবোৰ হ'ল-জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশৰ ভাৰসাম্যতাক অগ্ৰাধিকাৰ দিয়া, চহৰৰ বৈশিষ্ট্য অটুট ৰাখি ভাৰসাম্য ৰক্ষা কৰি উন্নয়ন‌ কৰা, মহানগৰমুখী উন্নয়ন সাধন‌, সকলো ধৰণৰ উন্নয়নত গুৰুত্ব প্ৰদান, কাৰ্বণমুক্ত যাতায়ত ব্যৱস্থা গঢ়ি তোলা, নগৰীয়া যাতায়ত ব্যৱস্থা উন্নত কৰি গঢ়ি তোলা,পৰ্যটন,সাংস্কৃতিক আৰু ঐতিহ্য আৰু নগৰীয়া জীৱনশৈলীৰ উন্নয়ন, গৃহ আৰু সামাজিক আন্তঃগাথঁনিৰ উন্নয়ন, গুৱাহাটীৰ আন্তঃগাথঁনিৰ বিজ্ঞানসন্মতভাৱে উন্নত কৰা ।

লগতে পঢ়ক:নেদাৰলেণ্ডৰ কোম্পানীয়ে ল’ব গুৱাহাটীক বানমুক্ত কৰাৰ দায়িত্ব - Flood in Guwahati

স্মাৰ্ট চিটী গুৱাহাটীত জাবৰ নিষ্কাশনত সমস্যা ক’ত ? পৌৰ নিগমৰ পৰিকল্পনা কি গুৱাহাটীক লৈ ? - Garbage disposal problems

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.