ETV Bharat / state

হায়দৰাবাদৰ অভিযন্তাক ব্লেকমেইলিং কৰি আটক গুৱাহাটীৰ যুৱক - Multi Crore Extortion Case

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 3:42 PM IST

Cyber Criminal Arrested in Guwahati: গুৱাহাটীত হায়দৰাবাদ আৰক্ষীৰ অভিযান । হায়দৰাবাদৰ এগৰাকী অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তাৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি ব্লেকমেইলিং কৰাৰ অভিযোগ মহানগৰীৰ সাতগাঁৱৰ বাঘৰবৰীৰ এজন যুৱকৰ বিৰুদ্ধে ৷ নিজকে মুম্বাইৰ ক্রাইম ব্রাঞ্চৰ বিষয়া বুলি পৰিচয় দি অভিযন্তাজনৰ পৰা ৪.৮২ কোটি টকা লুট কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ৷

Cyber Criminal Arrested in Guwahati
হাইদৰাবাদৰ অভিযন্তাক ব্লেকমেইলিং কৰি আটক গুৱাহাটীৰ যুৱক (ETV Bharat Assam)

গুৱাহাটী, ৩ আগষ্ট: সমগ্র দেশৰ লগতে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । বিভিন্ন প্রলোভন আৰু উপায়েৰে চাইবাৰ অপৰাধীয়ে সৰ্বসাধাৰণ নাগৰিকক লক্ষ্য কৰি ধন লুট কৰি আহিছে । এইবাৰ হায়দৰাবাদৰ টি এছ বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তাৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি ব্লেকমেইলিং কৰি ৪.৮২ কোটি টকা লুট কৰা চাইবাৰ অপৰাধীক বিচাৰি হায়দৰাবাদৰ আৰক্ষীয়ে শুকুৰবাৰে গুৱাহাটীত অভিযান চলায় ।

লগতে পঢ়ক: চাইবাৰ অপৰাধত জড়িত নগাঁৱৰ তিনি যুৱকক আটক দিল্লী আৰক্ষীৰ - cyber crime

অপৰাধীৰ মোবাইল ফোন ট্রেক কৰি হায়দৰাবাদ আৰক্ষীয়ে মহানগৰীৰ সাতগাঁৱৰ বাঘৰবৰীত অভিযান চলাই অপৰাধীজনক গ্ৰেপ্তাৰ কৰে । ধৃত চাইবাৰ অপৰাধীটো সাতগাঁৱৰ বাঘৰবৰীৰ এলাহী বক্সো (৩৬) । উল্লেখ্য যে, হায়দৰবাদৰ টি এছ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা জে দক্ষিণামুৰ্ত্তিক ৩ জুলাইৰ সন্ধিয়া ৫.৩০ বজাত অজ্ঞাত লোকে ফোন কৰি নিজকে মুম্বাইৰ ক্রাইম ব্রাঞ্চৰ বিষয়া বুলি পৰিচয় দি তেওঁৰ বিৰুদ্ধে থানাত অভিযোগ অহা বুলি কয় । প্রমাণ-সাক্ষ্য হিচাপে অজ্ঞাত লোকজনে অভিযন্তাজনৰ এটা অশ্লীল ভিডিঅ' জে দক্ষিণামুৰ্ত্তিক দেখুৱাই গ্ৰেপ্তাৰৰ ভাবুকি দিয়ে ।

সন্মানৰ খাতিৰত প্রাক্তন মুখ্য অভিযন্তাজনে কিছু ধন অজ্ঞাত লোকজনৰ এছ বি আই বেংকৰ একাউণ্টত আদায় দিয়ে । পৰৱৰ্তী সময়ত অজ্ঞাত লোকজনে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তাজনৰ একাউণ্টৰ পৰা ৪.৮২ কোটি টকা লুট কৰি নিয়ে । এই বিষয়ে জানিব পাৰি অভিযন্তাজনে হায়দৰাবাদৰ চাইবাৰৰ চেলৰ থানাত গোচৰ তৰে । চাইবাৰ চেলৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩৮২/৪১৯/৪০২/৫০৬ আৰু ১২০ (বি) নং ধাৰাৰ অধীনত থানাত ১৬/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত কৰি গুৱাহাটীৰ পৰা চাইবাৰ অপৰাধীয়ে ধনলুট কৰা বুলি নিশ্চিত তথ্য লাভ কৰে ।

লগতে পঢ়ক: নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল; গ্ৰেপ্তাৰ 5 চাইবাৰ অপৰাধী - Cyber criminal arrested

এই তথ্যৰ ভিত্তিত হায়দৰাবাদৰ আৰক্ষীয়ে গুৱাহাটীৰ বাঘৰবৰীত সাতগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে । ধৃত চাইবাৰ অপৰাধীটোক লগত লৈ আৰক্ষীৰ দলটো শনিবাৰে হায়দৰাবাদ অভিমুখে ৰাওনা হয় । উল্লেখ্য যে, চাইবাৰ অপৰাধী এলাহী বক্সো পেচাত এজন দর্জী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.