ETV Bharat / state

ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ লগত জড়িত নাই কোনো বাহ্যিক শক্তি - Ramen Baruah missing

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 6:35 PM IST

Guwahati CP on Raman Baruah missing case : পৰিয়ালকেন্দ্ৰিক অশান্তিৰ বাবেই ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই যোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে ৷ ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈকে শিল্পীগৰাকী যোৱাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে, কিন্তু লাভ কৰা নাই তাৰ পৰা ঘূৰি অহাৰ কোনো তথ্য ৷

Guwahati CP on Raman Baruah missing case
মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুলাই : ব্যক্তিগত আৰু পৰিয়ালকেন্দ্ৰিক অশান্তিত ভুগি আছিল যশস্বী শিল্পী ৰমেন বৰুৱা ৷ এই কথা বুধবাৰে সংবাদমেল সম্বোধন কৰি সদৰী কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে সমগ্ৰ ঘটনাটোৰ প্ৰথম পৰ্যায়ৰ তদন্তৰ শেষত এটা কথাই স্পষ্ট হৈছে যে শিল্পী ৰমেন বৰুৱা ব্যক্তিগত আৰু পৰিয়ালকেন্দ্ৰিক অশান্তিত ভুগি আছিলে ৷

সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা সংগীতশিল্পীগৰাকী সেই সময়ত ভাবুক হৈ আছিল বুলি মন্তব্য কৰে দিগন্ত বৰাই ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে এই কথাও লগতে জানিবলৈ দিয়ে যে ঘটনাটোৰ লগত কোনো বাহ্যিক শক্তি জড়িত নহয় ৷ সোমবাৰে ৰমেন বৰুৱা স্ব-ইচ্ছাই ঘৰৰ পৰা ওলাই গৈছিল ।

আৰক্ষীয়ে কি সন্দেহ কৰিছে ?

সোমবাৰে পুৱাৰে পৰা ৰমেন বৰুৱা নিৰুদ্দেশ হোৱা ঘটনাৰ খবৰ পোৱাৰ পিচৰে পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ সোমবাৰে পুৱা ১০ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষৰ এটা পথেদি হাতত এটা পলিথিনৰ বেগ লৈ গৈছিল শিল্পীগৰাকীয়ে । সেই দৃশ্য CCTV কেমেৰাত বন্দী হৈছিল । সেই পথেৰে গৈ তেওঁ কাছাৰী বজাৰত সোমাইছিল । আকৌ বজাৰৰ পৰা ওলাই আহিছিল । ওলাই আহি ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । কিয়নো ব্ৰহ্মপুত্ৰৰ পাৰতে তেওঁৰ ফোনৰ শেষৰটো লোকেশ্যন দেখা গৈছে ৷

আনকি মঙলবাৰে নিশা স্নিফাৰ ডগৰ জৰিয়তে চলোৱা অভিযানত কুকুৰটোৱে প্ৰমাণ কৰিছিল যে ৰমেন বৰুৱা নদীৰ ঘাটলৈকে গৈছে । নদীৰ ঘাটৰ পৰা ঘূৰি অহা কোনো তথ্য পোৱা নাই । ব্ৰহ্মপুত্ৰৰ পাৰতো তেওঁৰ কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাই ৷ শিল্পীগৰাকী ভাবুক হৈ থকাৰ ফলত ব্ৰহ্মপুত্ৰত পৰি যাব পাৰে বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে । যাৰ বাবে ব্ৰহ্মপুত্ৰ পাৰ হৈ যোৱা প্ৰতিখন জিলাতে অভিযান অব্যাহত ৰাখিছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফে ৷

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়, ‘‘তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত বাহিৰৰ কোনো ব্যক্তি জড়িত নাই ৷ তেখেত স্ব-ইচ্ছাই ঘৰৰ পৰা ওলাই গৈছে ৷ চিচি টিভিৰ ফুটেজ অনুসৰিও তেখেত স্ব-ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ থকা দেখা গৈছে ৷ স্নিফাৰ ডগৰ পৰা লাভ কৰা সিদ্ধান্ত অনুসৰি নদীৰ পাৰলৈকে তেওঁ যোৱাটো হয় ৷ তেখেত ব্যক্তিগত কাৰণত অসন্তুষ্ট আছিল ৷ কোনো কাৰণত তেওঁ আঘাত পাইছিল ৷ তাৰ পিচতে তেওঁ নদীৰ পানীৰ কাষলৈকে যোৱাটো ঠিৰাং হৈছে ৷ তাৰ পৰা ঘূৰি অহাৰ কোনো তথ্য আমি পোৱা নাই ৷ ’’

উল্লেখ্য যে শিল্পীগৰাকী নিৰুদ্দেশ হোৱাৰ ঘটনাৰ সন্দৰ্ভত বুধবাৰে তেওঁৰ কন্যা বৰ্ণিকা বৰুৱাক লতাশিল আৰক্ষীয়ে জেৰা কৰে ৷ প্ৰতিবেশীৰ লগতে বিভিন্নজনে অভিযোগ উত্থাপন কৰিছিল যে পিতৃক তেওঁ প্ৰায়েই দুৰ্ব্যৱহাৰ কৰি আহিছিল ৷ ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাৰ আগনিশাও তেনে ঘটনা সংঘটিত হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল ৷ তাৰ পিচতে সোমবাৰে পুৱা প্ৰায় 10 বজাত শিল্পীগৰাকী ভাবুক হৈ ওলাই গৈছিল ঘৰৰ পৰা ৷

লগতে পঢ়ক : খবৰ ওলোৱা নাই ৰমেন বৰুৱাৰ: কন্যা বৰ্ণিকাক তলব লতাশিল আৰক্ষীৰ, চলাব জেৰা

লগতে পঢ়ক : এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ: স্নিফাৰ ডগৰ সহায়ত যশস্বী শিল্পীগৰাকীৰ সন্ধানত অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.