ETV Bharat / state

হঠাৎ অন্ধকাৰে গ্ৰাস কৰিলে উজনি অসম; মুখ্যমন্ত্ৰীৰ ওচৰ পালেহি অভিযোগ; তাৰ পিচত... - Power supply disrupt in Upper Assam

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 1:55 PM IST

Irregular supply of electricity: যান্ত্ৰিক বিজুতি ঘটিল মৰিয়নী পাৱাৰ গ্ৰীডত ৷ উজনি অসমত অনিয়মীয়া বিদ্যুৎ যোগান, অতিষ্ঠ ৰাইজ । মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পিচতহে কেবাঘণ্টাৰ অন্তত আহিল বিদ্যুৎ ৷

Grid collapse' causes power outage in upper Assam
অসমৰ মুখ্যমন্ত্ৰী (ETV Bharat Assam)

যোৰহাট, 16 জুলাই: এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকাভাকু । শক্তি বিভাগে বিৰক্ত কৰিছে ৰাজ্যবাসীক । নিয়মীয়া বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া অতিষ্ঠ ৰাজ্যবাসী । 'ঘৰে ঘৰে বিজুলী যোগান'ৰ শ্ল'গান দিয়া বিজেপি চৰকাৰখনে 24 ঘন্টাৰ ভিতৰত 8 ঘন্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷ সোমবাৰে ঘন্টাৰ পাচত ঘন্টা ধৰি উজনি অসমত বিদ্যুত যোগানক কেন্দ্ৰ কৰি সৰ্বসাধাৰণৰ মাজত সৃষ্টি হ’ল হাহাকাৰময় পৰিৱেশৰ ।

মৰিয়নী পাৱাৰ গ্ৰীডৰ বাবে উজনিত সোমবাৰে সৃষ্টি হয় অন্ধকাৰময় পৰিৱেশৰ । যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী পাৱাৰ গ্ৰীডত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে সোমবাৰে নিশা একপ্ৰকাৰ অন্ধকাময় হৈ পৰিল সমগ্ৰ উজনি অসম ৷ লখিমপুৰ আৰু ধেমাজি জিলাৰ বাদে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া আৰু গোলাঘাট জিলাত ঘন্টাৰ পিচত ঘন্টা ধৰি বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰা ফলত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ৷

ভুক্তভোগীয়ে প্ৰথমাৱস্থাত এয়া লোডশ্বেডিং বুলি ধাৰণা কৰিছিল যদিও বহু সময় ধৰি বিদ্যুৎ নহাত অতীষ্ঠ হৈ পৰে সাধাৰণ ৰাইজ ৷ ইয়াৰ পাচতেই কোনোৱে এই অসুবিধা সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰে আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত শক্তি বিভাগে নিৰৱচ্ছিন্নভাবে কাম কৰি নিশাৰ ভিতৰতে বিকল হোৱা বিদ্যুৎ ব্যৱস্থাক কাৰ্যক্ষম কৰি বিদ্যুত যোগানৰ ব্যৱস্থা কৰিলে ।

জানিব পৰা মতে, এতিয়াও উজনিৰ বিভিন্ন অংশত ব্যাহত হৈ আছে বিদ্যুৎ যোগান ৷ 24x7 বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনৰ দিনত অনিয়মীয়া বিদ্যুৎ যোগানে অতিষ্ঠ কৰিছে ৰাইজক ।

লগতে পঢ়ক: বিদ্যুৎ সংযোগ নহ’লেও কথা নাই, শক্তি বিভাগে ঘৰে ঘৰে বিলাইছে স্মাৰ্ট মিটাৰ - ELECTRICITY BILL FROM APDCL

চৰকাৰে মূল্যবৃদ্ধিৰে জনসাধাৰণক কেঁকোৰা চেপা দি আহিছে : ৰিপুণ বৰা - TMC PROTEST AGAINST TARIFF HIKE

চলি আছে অমৃতকাল; তথাপিও গাঁওবাসী বঞ্চিত সকলো সা-সুবিধা লাভৰ পৰা ! - Deprived of all facilities

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.