ETV Bharat / state

গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণত ব্ৰতী এগৰাকী শিক্ষক - Great work by a teacher IN KALIABOR

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 3:29 PM IST

Great work by a teacher : প্ৰকৃতি আমাৰ আইৰ সমান । পৰিৱেশ সংৰক্ষণেৰে ৰাখিবা আইৰ মান । গছ ৰোৱা সহজ কথা, প্ৰতিপালনহে কঠিন, এনে সহজ কথাটোৱে নুবুজো কোনো দিন ।

Plantation of teacher
গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণ (ETV BHARAT ASSAM)

কলিয়াবৰ, ৫ জুন: চৰকাৰী বিভিন্ন আঁচনি, উপলক্ষত গছপুলি ৰোপণ কৰি প্ৰতিপালন নকৰাৰ ছবিখন সৰ্বত্ৰে জিলিকি আছে । ফলত যি উদ্দেশ্যেৰে বৃক্ষ ৰোপণ কৰা হয় সেই উদ্দেশ্য কেতিয়াও সফল নহয় । ইয়াৰ বিপৰীতে ব্যক্তিগত প্ৰচেষ্টাৰে গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণৰ নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰত এগৰাকী শিক্ষকে ।

গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণ আৰু উপাৰ্জনৰ লক্ষ্যৰে কলিয়াবৰত এগৰাকী শিক্ষকৰ কৰ্মই সকলোকে উৎসাহিত কৰিছে । বিগত বৰ্ষত কলিয়াবৰৰ এগৰাকী শিক্ষকে ৰোপণ কৰা ৬৫০ জোপা মূল্যবান মেহগণি আৰু চেগুণ গছ লহপহকৈ বাঢ়িছে । শিক্ষকতাৰ সমান্তৰালকৈ প্ৰকৃতি সংৰক্ষণ আৰু বৃক্ষৰোপণ, প্ৰতিপালনত গুৰুত্ব দি আহিছে কলিয়াবৰৰ শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই । যিসময়ত একাংশই গছপুলি ৰোপণ কৰি কেৱল ছেল্ফি‌ উঠি দায়িত্ব সামৰে, প্ৰতিপালন নকৰে তেনে সময়তে শিক্ষকগৰাকীৰ এই প্ৰকৃতিপ্ৰেমক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে ।

কেইবাবিঘা মাটিত বিগত বৰ্ষৰ জুনত শিক্ষকগৰাকীয়ে শাৰী-শাৰীকৈ ৰোপণ কৰিছিল মেহগণি আৰু চেগুণ গছৰ ৬৫০টা পুলি । প্ৰতিদিনে প্ৰতিপালন কৰি এখন সুন্দৰ উদ্যানলৈ ৰূপান্তৰ কৰিছে শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই । এই গছপুলি ৰোপণেৰে নিবনুৱাসকল উপাৰ্জনমুখী হোৱাৰ লগতে পৰিৱেশ সংৰক্ষণতো বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ কয় । বিশ্ব পৰিৱেশ দিৱসত সেই আশা প্ৰকাশ প্ৰকৃতিপ্ৰেমী শিক্ষক ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যৰ ।

উল্লেখ্য় যে ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলনৰ সময়ত ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে ৷ ইয়াৰ পিচত প্ৰতি বছৰে এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰে ৷ ১৯৭৩ চনত প্ৰথম বিশ্ব পৰিবেশ দিৱস “কেৱল এখন পৃথিৱী” শীৰ্ষক বিষয়বস্তুৰ আধাৰত পালন কৰা হৈছিল ৷

লগতে পঢ়ক:প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱস পালন কৰাৰ মূল উদ্দেশ্য কি জানেনে ? - World Environment Day 2024

World Environment Day: নগাঁৱত বিশ্ব পৰিৱেশ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.