ETV Bharat / state

ৰক্ষকে হ’ল ভক্ষক; নিজ ককাকৰ কামনাৰ বলি হ’ল নাতিনী - Attempt To Rape

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 8:37 AM IST

Minor girl sexually assaulted by her grandfather : ৰাজ্যত আকৌ ধৰ্ষণকাণ্ড ৷ এইবাৰ পাঞ্জাবাৰীত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি, নিজ ককাকৰ হাতত ধৰ্ষিতা হ’ল ৭ বছৰীয়া নাতিনী ৷ ইতিমধ্যে ৰঙাঘৰৰ আলহী হ’ল অভিযুক্ত ৷

Minor girl sexually assaulted by her grandfather
ৰাজ্যত আকৌ ধৰ্ষণকাণ্ড (ETV Bharat Assam)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ : কাক বিশ্বাস কৰিব ? নিজৰ তেজৰ সম্পৰ্কক নে আন কাৰোবাক ? বৰ্তমান সময়ত এনে পৰিস্থিতি আহি পৰিছে যে নিজৰ ছাঁটোৱেও কেতিয়াবা বিপদত পেলাব পাৰে ! ক্ৰমাৎ এই বিশ্বাস, তেজৰ সম্পৰ্ক, আন্তৰিকতা আদি শব্দবোৰ ভাতৰ লগত পানী খোৱাৰ দৰে হৈ পৰিছে ৷ কিয়নো এই বাতৰিত উল্লেখ কৰিব লৈছো এনে এক বাতৰিয়েই ৷

  • ককাকৰ কামনাৰ বলি হ’ল নাতিনী :

স্থান আভিজাত্য মহানগৰীৰ ৷ সভ্য সমাজক লজ্জিত কৰা আন এক জঘন্য ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত । এইবাৰ নিজ ককাকৰ কামনাৰ বলি হ’ল এগৰাকী ৭ বছৰীয়া নাবালিকা । মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ এই ঘটনা পোহৰলৈ আহাৰ পাচতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । নিজ নাতিনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত তফিল আলী শেখ (৫৫)ক ।

লগতে পঢ়ক : জঘন্য ! কিশোৰীক ধৰ্ষণ কৰি ধৰ্ষণকাণ্ডৰ ভিডিঅ' ভাইৰেল - Minor girl raped

  • ঘটনাৰ বিৱৰণ :

আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে, ধৃত তফিল আলী শেখে তেওঁৰ পত্নী ঘৰত নথকাৰ সুযোগ লৈ বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত নিজ নাতিনীক যৌন নিৰ্যাতন চলায় ৷ তাৰ পাচত ভুক্তভোগীগৰাকীয়ে কান্দি-কান্দি ওচৰ-চুবুৰীয়াৰ আগত এই কথা অৱগত কৰে ৷ তাৰ পাচত কাষৰীয়া ৰাইজে ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীক অৱগত কৰে ৷ এই খবৰ লাভ কৰাৰ পাচতে সাতগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ POCSO আইনৰ অধীনত অভিযুক্তটোক আটক কৰে ৷

লগতে পঢ়ক : নাবালিকা ধৰ্ষণৰ অপচেষ্টা: গ্ৰেপ্তাৰ দুই অভিযুক্ত - Attempt To Rape

ইফালে স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, আজিৰে পৰা কিছু বছৰৰ পূৰ্বে ভুক্তভোগী নাবালিকাগৰাকীৰ পিতৃ-মাতৃয়ে নিজ সন্তানক এৰি গৰৰ পৰা ওলাই গৈছিল ৷ তেতিয়াৰে পৰা নাবালিকাগৰাকীয়ে ককাক-আইতাকৰ সৈতে থাকিবলৈ লয় ৷ কিন্তু নাবালিকাগৰাকীৰ আইতাকে কোনো কামত গাঁৱৰ ঘৰলৈ গৈছিল ৷ তেতিয়াই সুযোগ বুলি অভিযুক্ত ককাকে নাতিনীয়েকক যৌন নিৰ্যাতন চলায় ৷ বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, নাবালিকাগৰাকীক শনিবাৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত শিশু গৃহত ৰখা হয় ।

লগতে পঢ়ক : ধিংকাণ্ডৰ আত্মসমৰ্পণকাৰী দুই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ হাতত আছে তথ্য-প্ৰমাণ - Dhing Minor rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.