ETV Bharat / state

বাৰেকুৰিক পৰ্যটনৰ ক্ষেত্ৰত অধিক আগুৱাই নিয়াৰ চেষ্টাৰে উদযাপন বিশ্ব হলৌ দিৱস

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰৰ ‘মন কী বাত’ অনুষ্ঠানত প্ৰশংসা কৰা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপন ।

WORLD HOOLOCK GIBBON DAY 2024
বাৰেকুৰিত বিশ্ব হলৌ দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

তিনিচুকীয়া: আজি ‘বিশ্ব হলৌ দিৱস’ ৷ ২০১৫ চনৰ পৰা ইংলেণ্ডৰ লাইচেষ্টাৰত ২৪ অক্টোবৰৰ দিনটোত পালন কৰি অহা হৈছে বিশ্ব হলৌ দিৱস । সেইমৰ্মে হলৌ উদ্যানখ্যাত বাৰেকুৰিটো ২০১৭ চনৰ পৰা পালন কৰি অহা হৈছে বিশ্ব হলৌ দিৱস ৷ এইবৰ্ষও বিশ্ব হলৌ দিৱস উপলক্ষে আজি বাৰেকুৰিৰ দীঘলসাঁকো গাঁৱত বাহিৰ কৰা হয় হলৌ সংৰক্ষণ আৰু সজাগতামূলক এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ ।

লগতে পঢ়ক: বাৰেকুৰিত পৰ্যটনৰ মেটমৰা সম্ভাৰ, তৎস্বত্বেও বিভাগীয় অৱহেলা কিয় ? - World Tourism Day 2024

বাৰেকুৰিত আয়োজিত বিশ্ব হলৌ দিৱসৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা গছপুলি ৰোপনেৰে আৰম্ভ কৰা হয় ৷ ইয়াৰ পাছতেই এই বিশাল শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত শদিয়া সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি বলীন চেতিয়া, জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈ, সাংস্কৃতিক কৰ্মী বিপুল ৰাভাকে ধৰি বহুকেইগৰাকী পৰিবেশকৰ্মী, অভিনেতা-অভিনেত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

বাৰেকুৰিত বিশ্ব হলৌ দিৱস (ETV Bharat Assam)

শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকে পৰম্পৰাগত গীত-নৃত্য পৰিবেশন কৰি চৌদিশে এক উখল-মাখল পৰিবেশৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিভিন্ন সাংস্কৃতিক দলে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক আলোকপাত কৰে । শোভাযাত্ৰা শেষ হোৱাৰ পাছতে এখন মুকলি সভা আয়োজন কৰা হয় ৷ এই মুকলি সভাত কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক, পৰিবেশকৰ্মী, চৰকাৰী বিষয়া, দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে । সন্ধিয়া অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান ৷

WORLD HOOLOCK GIBBON DAY 2024
বাৰেকুৰিত বিশ্ব হলৌ দিৱস (ETV Bharat Assam)

লগতে পঢ়ক: হলৌ বান্দৰক সুৰক্ষা দিবলৈ মাৰ বান্ধি থিয় দিলে অসমৰ এখন দুৰ্গম গাঁৱৰ গঞা

হলৌ উদ্যানখ্যাত বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাঁৱৰ ৰাজহুৱা খেলপথাৰত বাৰেকুৰিৰ পৰিৱেশ উন্নয়ন সমিতি আৰু বাৰেকুৰি হলৌ উদ্যান, দীঘলসাঁকো খণ্ড পৰিচালনা সমিতিৰ যৌথ উদ্যোগত আৰু অসম চৰকাৰৰ সৌজন্যত, বন বিভাগ আৰু তিনিচুকীয়া জিলা প্রশাসনৰ তত্বাৱধানত অসম মৰাণ সভাৰ দীঘলসাঁকো শাখা সমিতি, নৱজ্যোতি যুৱ সংঘ, দীঘলসাঁকো গাঁও, সূৰুজজ্যোতি যুৱ সংঘ, ন-মটাপুং গাঁও দীঘলসাঁকো মহিলা সমিতি আৰু বাৰেকুৰিবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছিল বিশ্ব হলৌ দিৱস ২০২৪ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.