ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ উজলাব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে চৰকাৰে : আছুৰ আহ্বান - AASU on Education system

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 7:30 PM IST

AASU on Govt scheme: শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিত ৰাজনৈতিক নেতাৰ পৰিৱৰ্তে অগ্ৰাধিকাৰ দিব লাগে শিক্ষাবিদক ৷ নতুন শিক্ষানীতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ চিন্তা কৰা উচিত চৰকাৰে ৷ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহায়ৰ বাবে জলপানি দিয়াৰ লগতে ডিগ্ৰী লাভৰ পিচত উপযুক্ত সংস্থাপনৰো ব্যৱস্থা কৰিব লাগে চৰকাৰে ৷ গোলাঘাটত এই আহ্বান আছু নেতৃত্বৰ ৷

AASU on Education system
AASU on Govt scheme (ETV Bharat Assam)

গোলাঘাট, 13 জুন: অসম চৰকাৰে শেহতীয়াভাৱে ৰূপায়ন কৰা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক সমৰ্থন কৰিলেও কেৱল চমকতে ইয়াক সীমাবদ্ধ নাৰাখিবলৈ চৰকাৰৰ প্ৰতি আহ্বান আছু নেতৃত্বৰ ৷ বৃহস্পতিবাৰে গোলাঘাট জিলা ছাত্ৰসন্থাৰ প্ৰতিনিধি সভাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈ এই আহ্বান জনালে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই ৷

গোলাঘাটত আছুৰ প্ৰতিনিধি সভা (ETV Bharat Assam)

ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘চৰকাৰী আঁচনিবোৰ আমি দেখি আছো আৰু শুনি আছো ৷ মূলতঃ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমাধান হ’ব লাগিব ৷ এতিয়া নতুন শিক্ষানীতি অনা হৈছে ৷ নতুন শিক্ষানীতিৰ যিবোৰ বিষয় ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল সেইবোৰ ৰাখি অদৰকাৰীবোৰ আঁতৰাই পেলাব লাগে ৷ নতুন শিক্ষানীতিৰ বাবে আন্তঃগাঁঠনিৰ প্ৰয়োজন, আন্তঃগাঁঠনি ন’হলে নতুন শিক্ষানীতি কাৰ্যকৰী কৰাটো অসাৰ হ’ব ৷ গতিকে চৰকাৰক ক’ব খোজো যে দিছপুৰত বহি চমক সৃষ্টি কৰা সিদ্ধান্ত গ্ৰহণ কৰাতকৈ অসমৰ প্ৰতিটো অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ চমকাব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰক ৷’’

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিকৰ পৰাই প্ৰতিমাহে ছাত্ৰীৰ একাউণ্টত সোমাব ধন, কিন্তু কেনেকৈ ? - Mukhya Mantri Nijut Moina Scheme

আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰিব খোজা হৈছে ৷ ইয়াৰ মুৰব্বীৰ দায়িত্ব এগৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পৰ্যায়ৰ ব্যক্তিক দিয়া উচিত ৷ লগতে শিক্ষাবিদসকলৰ দ্বাৰা এখন সমিতিও গঠন কৰিব লাগে ৷ শিক্ষানুষ্ঠানসমূহৰ পৰিচালনা সমিতিত ৰাজনৈতিক নেতাৰ পৰিৱৰ্তে শিক্ষাবিদক অগ্ৰাধিকাৰ দিব লাগে বুলিও তেওঁ লগতে কয় ৷

ইফালে আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে চৰকাৰৰ গোটেই স্বৰূপটোৱেই ফোঁপোলা হৈ আছে ৷ পৃথকে পৃথকে চালে চৰকাৰৰ কোনোটো বিভাগেই ৰাইজৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই ৷ শিক্ষা, স্বাস্থ্য আদি সকলো বিভাগতেই একেই স্বৰূপ ৷ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে ৷ চৰকাৰী চিকিৎসালয়লৈ গ’লে ভাল চিকিৎসা সুবিধা পোৱা নাযায় ৷ বেচৰকাৰী চিকিৎসালয়ত ৰোগীক ভৰ্তি কৰিলে গাঁৱৰ মানুহে মাটি বিক্ৰী কৰি ৰোগীক উলিয়াই আনিবলগীয়া হয় ৷

লগতে পঢ়ক: চাহ বাগিচাৰ ৰাস্তাৰ বাবে কেবিনেটৰ ৮০০ কোটি টকাৰ অনুমোদন - Assam Cabinet Key decisions

আছুৰ সভাপতিজনে আৰু কয় যে অসমৰ সমগ্ৰ জনতাক মূল্যবৃদ্ধিৰ মাধমাৰ শোধোৱা হৈছে ৷ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, ইন্ধনৰ মূল্যবৃদ্ধি, টোলকৰ বৃদ্ধি, স্মাৰ্ট মিটাৰ সংযোগৰ নামত বিজুলী মাচুল বৃদ্ধি কৰা হৈছে ৷ মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ নিদিয়া পৰ্যন্ত এই চৰকাৰখনক জনতাৰ চৰকাৰ বুলি ক’ব পৰা নাযায় ৷

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি সন্দৰ্ভত তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীয়ে সকাহ পোৱাটো ভাল কথা ৷ ছাত্ৰ-ছাত্ৰীক যিমান পাৰি বেছিকৈ জলপানি দিব লাগে ৷ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহায়ৰ বাবে জলপানি দিব লাগে ৷ ইয়াৰ সমান্তৰালভাৱে ডিগ্ৰী লাভৰ পিচত যাতে নিবনুৱা হ’ব নালাগে তাৰ বাবে নিয়োগৰ ব্যৱস্থাও কৰিব লাগে ৷

লগতে পঢ়ক: পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম - price hike in assam

উৎপল শৰ্মাই লগতে কয় যে নিৰ্বাচনী ভাষণত গণি গণি 24 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈ চৰকাৰ গঠনৰ পিচত এক লাখ নিবনুৱাক চাকৰি দিয়াৰ কথাহে কয় ৷ এই এক লাখ নিবনুৱাক চাকৰি দিবলৈ তিনি বছৰ সময় লাগে আৰু অসমৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিবছৰে 1 লাখ ছাত্ৰ-ছাত্ৰী ডিগ্ৰী গ্ৰহণ কৰি ওলায় ৷ সেইসকলৰ নিয়োগৰ ক্ষেত্ৰত চৰকাৰে চিন্তা কৰিব লাগে ৷

উল্লেখ্য যে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে শতাধিক আছু কৰ্মীয়ে ৷ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি এখন সুস্থ-সবল ৰাজ্য হিচাপে অসমক চিনাকী দিবলৈ সকলোকে আহ্বান আছু নেতৃত্বৰ ৷

লগতে পঢ়ক: কেতিয়াৰ পৰা আৰম্ভ হ’ব দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠদান ? ক’লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Assam Skill University

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.