বিশ্বনাথ, 13 মে’: চৰকাৰী অৱহেলাৰ বাবে ভূত বাংলাত পৰিণত হৈছে এটা গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচন ৷ উত্তৰ অসমৰ বিহালী বিধানসভা সমষ্টিৰ বেদেতীৰ অন্যতম এক ৰে’ল ষ্টেচনটো হ’ল বেদেতী ৰে’লৱে ষ্টেচন । দুৰ্ভাগ্যজনকভাবে প্ৰায় 20 খনৰো অধিক গাঁৱৰ 50 হাজাৰ জনসাধাৰণ উপকৃত হোৱা এই ৰে’ল ষ্টেচনটোত নাথাকে কোনো এজন কৰ্মচাৰী, যাৰ ফলত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।
উল্লেখযোগ্য যে উত্তৰ অসমৰ বিহালী সমষ্টিৰ বেদেতীৰ এই ৰে’লৱে ষ্টেচনটোত পূৰ্বে 3 খনৰো অধিক ৰে’ল ৰখা হৈছিল যদিও বৰ্তমান সময়ত মাত্ৰ এখন যাত্ৰীবাহী ৰে’ল কেৱল নিশাৰ ভাগত ৰাখে । অৱশ্যে ষ্টেচনটোত দেখিবলৈ পোৱা নাযায় কোনো এজন কৰ্মচাৰী । যাৰ ফলত দূৰ-দূৰণিৰ পৰা অহা যাত্ৰীসকলে কোনো টিকট লাভ নকৰাৰ ফলত হয়তো পুনৰ ঘৰলৈ উভতি যাবলগীয়া হয় অথবা বিকল্প পথৰ সন্ধান উলিয়াবলগীয়া হয় ।
এই সন্দৰ্ভত স্থানীয় সচেতন যুৱক সুৰজিত দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এই ৰে’লৱে ষ্টেচনটোৰ দ্বাৰা পূৰ্বে বহু যাত্ৰী উপকৃত হৈছিল যদিও এতিয়া এই ষ্টেচনটোত কোনো এজন কৰ্মচাৰী নথকাৰ ফলত ৰাইজ প্ৰাপ্য সুবিধা আদায়ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । আনকি এই সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হোৱা পল্লৱলোচন দাসক স্থানীয় ৰাইজে এখন যাত্ৰীবাহী ৰে’ল বাবে বিগত 5 টা বছৰে দাবী জনাই আহিছে যদিও সাংসদগৰাকীয়ে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই দিয়া ৷
দাসে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ সম্পদ লুণ্ঠন কৰিবলৈহে ৰে’লৰ ব্যৱহাৰ কৰিছে । সেয়ে সকলো ঠাইত সমান পৰিমাণৰ সা-সুবিধা প্ৰদান কৰা নাই । স্থানীয় বিধায়ক আৰু সাংসদসকলে উপযুক্ত ভূমিকা গ্ৰহণ নকৰাৰ ফলত সাধাৰণ ৰাইজৰ এই সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অথবা কেন্দ্ৰীয় চৰকাৰে বুজিবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে যুৱকজনে ।
সংশ্লিষ্ট সাংসদ আৰু বিধায়কসকলক উপযুক্ত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় সচেতন যুৱকজনে ।
লগতে পঢ়ক: গুৱাহাটী ৰে'ল ষ্টেচনত আৰম্ভ ডাইনেমিক QR ব্যৱস্থাৰ - UTS ticket through dynamic QR