ETV Bharat / state

গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: পুৱা উদ্ধাৰ গৌৰাংগ মালাকৰৰ মৃতদেহ; সন্ধান নাই উদয়ৰ - Boat Accident in Goalpara

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 11:10 AM IST

Goalpara Boat Accident update: গোৱালপাৰা শিমলীতোলাত সংগঠিত হোৱা নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা আৰু এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । উদ্ধাৰ হোৱা মৃতদেহটো গৌৰাংগ মালাকৰৰ বুলি জানিব পৰা গৈছে । বৰ্তমানেও সন্ধানহীন উদয় সৰকাৰ ।

one more body recovered after boat capsizes in Goalpara
নাও দুৰ্ঘটনা (ETV Bharat Assam)

গোৱালপাৰা, ১২ জুলাই : গোৱালপাৰাৰ জিলাৰ নৱাগত শিমলীতোলাৰ নয়াপাৰাত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ নাও দুৰ্ঘটনা ৷ এই নাও দুৰ্ঘটনাত পতিত হৈ নিৰুদ্দেশ হৈ থকা আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ উদ্ধাৰ হোৱা মৃতদেহটো গৌৰাংগ মালাকৰৰ বুলি চিনাক্ত কৰা হৈছে ।

গোৱালপাৰাত নাও দুৰ্ঘটনা (ETV Bharat Assam)

পূৰ্বেই লাভ কৰা তথ্য অনুসৰি, নয়াপাৰাত বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হৈছিল ৫ জনকৈ লোক ৷ ইয়াৰে তিনিগৰাকী লোকৰ মৃতদেহ বৃহস্পতিবাৰেই উদ্ধাৰ কৰা হৈছিল । নিৰুদ্দেশ হৈ আছিল আন দুজন ক্ৰমে গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰ ।

যোৱা নিশাই (বৃহস্পতিবাৰে নিশা) আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান চলায় ৷ কিন্তু নিৰুদ্দেশ হৈ থকা গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে উদ্ধাৰকাৰী বাহিনীৰ দলে ৷

লগতে পঢ়ক : নেপালত ভূমিস্খলন; ত্ৰিশূলী নদীত পৰিল দুখন যাত্ৰীবাহী বাছ; নিৰুদ্দেশ 60 গৰাকীৰো অধিক যাত্ৰী - LANDSLIDE IN CENTRAL NEPAL HIGHWAY

বৃহস্পতিবাৰে নিশা প্ৰায় ১১:৩০ বজালৈকে আৰক্ষী, এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলায় ৷ কিন্তু নিশাৰ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান স্থগিত ৰাখিবলৈ বাধ্য হয় দলটোৱে ৷ সেয়ে আজি (শুকুৰবাৰ) পুৱাৰে পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে এছ ডি আৰ এফৰ দলে ।

এই অভিযানত পানীত উপঙি থকা অৱস্থাত গৌৰাংগ মালাকৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷ কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে উদয় সৰকাৰ । নিৰুদ্দিষ্ট উদয় সৰকাৰক বিচাৰি এছ ডি আৰ এফে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ।

উল্লেখ্য যে, নাও দুৰ্ঘটনাত মৃত্যু হোৱা গৌৰাংগ মালাকাৰ, জীৎ কৰ্মকাৰ আৰু উদয় মালাকাৰ হৈছে একেটা পৰিয়ালৰে সদস্য । জানিব পৰা মতে, উদয় মালাকাৰৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰি শ্মশানৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হৈছিল এই মৰ্মান্তিক নাও দুৰ্ঘটনাটো ।

লগতে পঢ়ক : বানৰ মাজতে গোৱালপাৰাত মৰ্মান্তিক ঘটনা : নাও ডুবি নিহত কমেও ৩, সন্ধানহীন কেইবাজনো - Boat Accident at Goalpara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.