নলবাৰী, ১৪ জুলাই: নলবাৰী জিলাৰ আদাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত গলদীঘলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী ১৭ বছৰীয়া কিশোৰী শনিবাৰে বিয়লিৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । ঘটনাৰ বিৱৰণী অনুসৰি গলদীঘলা গাঁৱৰ ১৭ বছৰীয়া কিশোৰীগৰাকী শনিবাৰে বিয়লি বান্ধৱীৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ বুলি ওলাই অহাৰে পৰা সন্ধানহীন হৈ পৰে । সন্ধিয়া অন্ধকাৰ হৈ অহাৰ পিচতো কিশোৰীগৰাকী ঘৰ গৈ নোপোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে ।
পিচত ওচৰতে বিচাৰ খোচৰ কৰাত গলদীঘলাৰ কুৰুবৰী জানৰ ওপৰত থকা দলঙখনত কিশোৰীগৰাকীৰ চেন্দেলযোৰ উদ্ধাৰ হয় । কিশোৰীগৰাকীৰ চেন্দেলযোৰ উদ্ধাৰ হোৱাৰ পিচত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । আনহাতে, কিশোৰীগৰাকীৰ চেন্দেলযোৰ উদ্ধাৰ হোৱাত আত্মহত্যাৰ শংকা কৰি গোটেই নিশা প্ৰশাসনৰ লোকে উক্ত স্থানতেই তদন্ত অব্যাহত ৰাখে ।
ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ বান্ধৱীয়ে দলঙৰ ওপৰৰ পৰা কুৰুবৰী জানত জাঁপ মৰা বুলি অৱগত কৰে পৰিয়ালৰ লোকক । বান্ধৱীগৰাকীৰ ভাষ্যৰ ভিত্তিত নলবাৰী আৰক্ষীৰ শীৰ্ষ বিষয়া নিশা ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে দেওবাৰে পুৱা এন ডি আৰ এফ, এছ ডি আৰ এ অভিযান চলাই জানটোৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ । আনহাতে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে সম্প্ৰতি প্ৰশাসনে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে আত্মীয়ই প্ৰেমজনিত কাৰণত ঘৰৰ পৰা ওলাই আহি কিশোৰীগৰাকীয়ে এনে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰে ।
উল্লেখযোগ্য যে বান্ধৱীগৰাকীয়ে ভয়তে সকলো কথা নিশা আৰক্ষীক অৱগত কৰোৱাৰ পিচত আৰক্ষীয়ে উদ্ধাৰ অভিযানত নামি পৰিছিল । প্ৰেমজনিত কাৰণতেই এনেদৰে কিশোৰীগৰাকীয়ে চৰম সিদ্ধান্ত বাচি লয় বুলি স্থানীয় লোকসকলেও উল্লেখ কৰে । এই সমগ্ৰ ঘটনাক লৈ এতিয়া সমগ্ৰ আদাবাৰী গলদীঘলা অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।