ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে পৱন সিং ঘাটোৱাৰক বদনাম কৰিবলৈ চেষ্টা কৰি আছে : গৌৰৱ গগৈ - Gaurav Gogoi Slams Assam CM - GAURAV GOGOI SLAMS ASSAM CM

Gaurav Gogoi Slams Assam CM : মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভুল তথ্য পাইছে । কংগ্ৰেছে বিজেপিৰ ভিতৰৰ সঁচা তথ্য পাই থাকে । কংগ্ৰেছকো বিজেপিৰ ভিতৰুৱা খবৰ দিয়ে । কিন্তু সেয়া ৰাজহুৱা নকৰে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰক বদনাম কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে । এই মন্তব্য গৌৰৱ গগৈৰ ।

Gaurav Gogoi Slams Assam CM
মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 1:51 PM IST

গুৱাহাটী, ২০ জুলাই : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে সাংসদ গৌৰৱ গগৈ । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰৰ বিৰুদ্ধে কেতবোৰ ভিত্তিহীন অভিযোগ আনি তেওঁক বদনাম কৰিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ (ETV Bharat Assam)

আনহাতে, মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ভুল তথ্য পাইছে বুলি উল্লেখ কৰি তেওঁ দাবী কৰে যে কংগ্ৰেছে বিজেপিৰ ভিতৰৰ সঁচা তথ্য পাইছে । কংগ্ৰেছকো বিজেপিৰ ভিতৰুৱা খবৰ দিয়ে যদিও সেয়া ৰাজহুৱা নকৰে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত তেওঁৰ চোৰাংচোৱা থকা বুলি কৰা দাবী সন্দৰ্ভত এই মন্তব্য কৰে যোৰহাটৰ সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ তিনিদিনীয়া বৈঠকৰ পৰা আৰম্ভ কৰি আন সকলো তথ্য তেওঁ নিজৰ গুপ্তচৰৰ যোগেদি লাভ কৰা বুলি মন্তব্য কৰিছিল ৷ এইক্ষেত্ৰত তেওঁ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰকো সাঙুৰি লৈ বিভিন্ন মন্তব্য কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে ৷

গৌৰৱ গগৈয়ে লগতে কয়, "আগন্তুক ডেৰ বছৰৰ বাবে আমি আমাৰ কাম-কাজৰ যি ৰণকৌশলক গ্ৰহণ কৰিছো, তাক লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে । মই মন কৰিছোঁ তাৰ বাবে এতিয়া শংকিত হৈ মুখ্যমন্ত্ৰীয়ে আমাৰ দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰৰ কথা কৈ আছে । তেওঁৰ মান অৱনমিত কৰিবৰ বাবে মুখ্যমন্ত্ৰী উঠি-পৰি লাগিছে । তেওঁৰ প্ৰতিচ্ছবি জনমানসত বদনাম কৰিব বিচাৰে । এয়াই প্ৰথম নহয়, মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে আমাৰ ইজনৰ পিচত সিজন নেতাক এনেদৰে বদনাম কৰি আহিছে ।

তেওঁ লগতে কয় যে পৱন সিং ঘাটোৱাৰৰ ক্ষেত্ৰত তেওঁৰ গুপ্তচৰে তেওঁক ভুল তথ্য দিছে । মুখ্যমন্ত্ৰী যোৰহাটক লৈ চিন্তিত বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, মুখ্যমন্ত্ৰীয়ে যিকোনো কথাতে কেৱল হিন্দু-মুছলিম বুলি কৈ থাকে বুলি উল্লেখ কৰি কয় যে মোদীয়ে হিন্দু-মুছলিম কৰি কৰিয়ে এইবাৰ বিফল হ'ল । হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু-মুছলিমৰ ৰাজনীতি অসমৰ মানুহে আৰু নামানে বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এদিন ৰাইজে এলাগী কৰিব ।

ইফালে পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰিত্ব প্ৰদান কৰা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিজেপিয়ে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিক অৱহেলা কৰিছে । ৰামেশ্বৰ তেলীৰ দৰে বিজেপিৰ জ্যেষ্ঠ নেতাৰ টিকট কৰ্তন কৰিলে । পবিত্ৰ মাৰ্ঘেৰিটাক তুলনাত কামাখ্যা প্ৰসাদ তাছা জ্যেষ্ঠ নেতা আছিল । তেনে ক্ষেত্ৰত কামাখ্যা তাছা মন্ত্ৰী হ'ব লাগিছিল । কিন্তু তেওঁকো উপেক্ষা কৰা হ'ল । আনহাতে, পল্লৱলোচন দাসকো আজি ইফালে, কাইলৈ সিফালে কৰি গুৰুত্বহীন কৰা বুলিও সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰে ।

লগতে পঢ়ক :গুৱাহাটী-যোৰহাট চিটিৰ অস্তিত্বক লৈ চিন্তিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ - Gaurav Gogoi criticises Assam govt
লগতে পঢ়ক :ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ - Assam Politics

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.