ETV Bharat / state

৪২ বছৰত ভৰি দিলে সাংসদ গৌৰৱ গগৈয়ে: আশিস গ্ৰহণ শিৱদৌলত - MP Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 6:44 PM IST

Birthday of Gaurav Gogoi : যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত গৌৰৱ গগৈৰ জন্ম ১৯৮২ চনৰ আজিৰ দিনটোতে । নিজৰ বাকপটুতা, ৰাজনৈতিক বিচক্ষণতা আৰু জ্ঞান গভীৰ বক্তব্যৰ বাবে গৌৰৱ গগৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজনীতিত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । লোকসভাত বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ এই বিশেষ দিনটো শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত উদযাপন কৰা হয় ।

Birthday of Gaurav Gogoi
৪২ বছৰত ভৰি দিলে সাংসদ গৌৰৱ গগৈয়ে (ETV Bharat Assam)

শিৱসাগৰ, ৪ ছেপ্টেম্বৰ : বুধবাৰে জীৱনৰ ৪১ টা বসন্ত গৰকি ৪২ বছৰীয়া হ'ল ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ । এই উপলক্ষে শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত গৌৰৱ গগৈৰ জন্মদিন বিশেষভাৱে উদযাপন কৰা হয় । নিজৰ ওপজা দিনটোত শিৱসাগৰত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে এক বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

বুধবাৰে পুৱাতেই শিৱসাগৰ নগৰৰ ঐতিহাসিক শিৱদৌলত উপস্থিত হৈ পূজা-অৰ্চনা কৰাৰ লগতে শিৱদৌল প্ৰাংগণত চাফাই অভিযানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে । ইয়াৰ পিচতে শিৱসাগৰ আৱৰ্ত ভৱনত দলীয় কৰ্মীসকলৰ সৈতে কেক কাটি জন্মদিন উদযাপন কৰে যোৰহাটৰ সাংসদগৰাকীয়ে । ওপজা দিনটোত দলীয় কৰ্মীসকলে তেওঁক মৰম আৰু শুভেচ্ছাৰে উপচাই পেলায় ।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ গগৈয়ে কয়, "আজি মোৰ জন্মদিন উপলক্ষে শিৱসাগৰত উপস্থিত হৈছো । ইয়াৰে ঐতিহাসিক শিৱদৌলত আশিস গ্ৰহণ কৰিছো । মোৰ জন্মদিন উপলক্ষে ইয়াত এক চাফাই অভিযানত দলীয় কৰ্মীসকলৰ সৈতে অংশগ্ৰহণ কৰিছো । সকলোৱে মঠ-মন্দিৰ, গীৰ্জা, গুৰুদ্বাৰ, মছজিদ আদিৰ চৌহদবোৰ পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ব প্ৰদান কৰিব লাগে ।"

ইফালে ৰাইজক সামাজিক দায়বদ্ধতা পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা ল'বলৈও পৰামৰ্শ দিয়ে । তেওঁ কয়, "গুৱাহাটীৰ বানপানীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ বিফলতা ঢাকিবৰ বাবে মাত্ৰ এটাই কাৰণ দিয়ে । সেই কাৰণ কি অসমৰ ৰাইজে জানে । কিন্তু অসমৰ জনতা তেওঁতকৈ চতুৰ আৰু অভিজ্ঞ । সময় থাকোতেই মুখ্যমন্ত্ৰীয়ে শিক্ষা লওক ।"

উল্লেখ্য যে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীয়ে দিনৰ ১১ বজাত শিৱসাগৰ যুৱদলত যোৰহাট লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় ৷

১৯৮২ চনৰ ৪ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে । তেওঁ ২০০৮ চনৰ পৰা ২০১০ চনলৈ নিউয়ৰ্ক বিশ্ববিদ্যালয় আৰু ২০০৪ চনত গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰে । অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ উত্তৰসুৰী হৈচাপে ৰাজনীতিত প্ৰৱেশ কৰি অতি কম সময়ৰ ভিতৰতে তেওঁ দেশৰ এগৰাকী শ্ৰেষ্ঠ ৰাজনীতিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । বিশেষকৈ তেওঁৰ জ্ঞানগভীৰ বক্তব্য, ৰাজনৈতিক বিচক্ষণতা আৰু বাকপটুতাৰ বাবে লোকসভাত বিৰোধীৰ উপ-দলপতিৰ দায়িত্বও লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ - Gaurav Gogoi slams Assam CM
লগতে পঢ়ক :মুখ্যমন্ত্ৰী এতিয়া অস্ত্ৰহীন:গৌৰৱ গগৈ - MP Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.