ETV Bharat / state

ছফ্টৱেৰ দুৰ্বল হোৱা বাবেই ঘটিল বিয়াগোম মাৰ্কশ্বীট কেলেংকাৰী: মুখ্যমন্ত্ৰী - Gauhati university marksheet scam

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 8:01 PM IST

GU scam: গুৱাহাটী বিশ্ববিদ্য়ালয়ত সংঘটিত মার্কশ্বীট কেলেংকাৰীৰ কাৰণ বিশ্লেষণ মুখ্যমন্ত্ৰীৰ ৷ দুৰ্বল ছফ্টৱেৰৰ বাবেই এই কেলেংকাৰী সংঘটিত হোৱা বুলি জনালে মুখ্যমন্ত্ৰীয়ে ৷ তদন্ত অব্য়াহত ৷

CM HIMANTA BISWA SARMA
GAUHATI UNIVERSITY MARKSHEET SCAM (ETV Bharat Assam)

গুৱাহাটী, ১ জুলাই: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মার্কশ্বীট কেলেংকাৰী সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিশ্ববিদ্যালয়খনত সংঘটিত এই কেলেংকাৰীৰ অন্যতম কাৰণ হিচাপে মুখ্যমন্ত্ৰীয়ে আঙুলিয়াই দিছে এটা বিশেষ কাৰণ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা ছফ্টৱেৰটো দুৰ্বল আছিল, এয়াই বিয়াগোম মার্কশ্বীট কেলেংকাৰী সংঘটিত হোৱাৰ অন্যতম কাৰণ‌‌ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ।

দিছপুৰৰ লোকসেৱা ভৱনত সোমবাৰে অনুষ্ঠিত এখন‌‌ সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই টি আই নামৰ কোম্পানীটোৰ কৰ্মচাৰী তথা বিহাৰৰ সমস্তিপুৰৰ বাসিন্দা কৃষ্ণমূর্তিয়ে এই কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ।

লগতে পঢ়ক: মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

তেওঁ কয়, ‘‘কৃষ্ণমূর্তিয়ে আৰক্ষীক ভাষ্য দিয়া মতে বিশ্ববিদ্যালয়ৰ সকলো মানুহে এই ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰে । কোনো‌ গোপনীয় পাছৱৰ্ড নাই । কৃষ্ণমূর্তিয়ে এই কথা আৰক্ষীৰ আগত সদৰী কৰিছে । এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত কৰি আছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘বাকী বিশ্ববিদ্যালয়ৰ ছফ্টৱেৰবোৰ শক্তিশালী হয় নে নহয় সেই বিষয়টো চোৱাৰ বাবে এখন বিশেষজ্ঞ কমিটী গঠন কৰি বিশ্ববিদ্যালয়ৰ ছফ্টৱেৰবোৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত কাম কৰা হ'ব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে কৈ আছিল । কিন্তু গুৰুত্ব নিদিলে । বিশেষজ্ঞ কমিটী গঠন কৰি এইক্ষেত্ৰত ব্যক্তিগত বিশ্ববিদ্যালয়কো সামৰি লোৱা হ'ব ।’’

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিয়াগোম মার্কশ্বীট কেলেংকাৰীৰ বিৰুদ্ধে ছাত্ৰ সমাজে সোমবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল‌ প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোট আৰু বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ আছু গোটে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল‌ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীক বৃহৎ কেলেংকাৰী আখ্যা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - Minister Ranjeet Kumar Dass

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পিচতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিয়াগোম মার্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত গুৱাহাটী, বৰপেটা, কলগাছিয়া, ধুবুৰী, দৰং আদি ঠাইৰপৰা মুঠতে ৯ জন অভিযুক্তক বৰপেটা আৰক্ষী আৰু চি আই ডিয়ে যুটীয়া অভিযান চলায় গ্ৰেপ্তাৰ কৰিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত ধনৰ বিনিময়ত মার্কশ্বীটত নম্বৰ বৃদ্ধি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কালি আৰু এজন অভিযুক্তক গ্রেপ্তাৰ কৰিছে । চি আই ডিৰ সহযোগত এই কেলেংকাৰীৰ তদন্ত অব্যাহত ৰখা বৰপেটা
জিলা আৰক্ষীৰ এটা দলে দেওবাৰে দৰং জিলাৰ দলগাঁৱৰ পৰা জাভেদ আখতাৰ নামৰ এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অধিক জেৰাৰ বাবে তেওঁক বৰপেটালৈ লৈ যোৱা হৈছে । পেছাত অধিবক্তা ধৃত জাভেদ আখতাৰ মার্কশ্বীট কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত ।

লগতে পঢ়ক: চি আই ডি-আৰক্ষীৰ যুটীয়া অভিযান : মাৰ্কশ্বীট কেলেংকাৰীৰ 8 অভিযুক্তক গ্ৰেপ্তাৰ - marksheet scam

ইতিপূৰ্বে বৰপেটা আৰক্ষীৰ নেতৃত্বত বৰপেটাৰোড আৰু হাউলী আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত আই টি আই নামৰ কোম্পানীটোৰ কৰ্মচাৰী বিহাৰৰ সমস্তিপুৰৰ কে কৃষ্ণমূর্তি, বৰপেটা ৰোডৰ জি এল চি কলেজৰ ছাত্ৰ আজিজুল হক, বৰপেটা জিলাৰ কলগাছিয়াৰ ইছমাইল হুছেইন, বৰপেটা জিলাৰ কলগাছিয়া আমগুৰিৰ আলমগীৰ খান, কলগাছিয়া বৰদাৰ মইনুল হক, নগাঁৱৰ হামেজ উদ্দিন, লাংলা মহাবিদ্যালয়ৰ আমিনুল ইছলাম, ধুবুৰী আইন মহাবিদ্যালয়ৰ শিবতোষ মাহতো আৰু কলগাছিয়া লাংলাৰ আবুল বাচেৰ ।

এই ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । তদন্ত প্রক্রিয়া আগবঢ়াই নিয়াৰ স্বাৰ্থত এই মুহূৰ্তলৈকে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য দিয়া নাই ।

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী APSC কেলেংকাৰীৰ সমপৰ্যায়ৰ : আছু - GU Cash for marks Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.