ETV Bharat / state

দীঘলীপুখুৰীৰ পাৰৰ গছকেইজোপা থাকিবনে ! এসপ্তাহৰ ভিতৰত শপতনামা দিবই লাগিব চৰকাৰে - GAUHATI HIGH COURT

প্ৰতিবাদৰ মাজতে ভাল খবৰ । দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়ক লৈ চৰকাৰক ১১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

Gauhati High Court orders cutting of trees on Dighalipukhuri bank
শপতনামা দাখিল নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 4:57 PM IST

গুৱাহাটী: উৰণ সেতু নিৰ্মাণৰ বাৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছসমূহ কটাৰ প্ৰসংগক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতে আহিল এটা ভাল খবৰ । দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়ক লৈ চৰকাৰক ১১ নবেম্বৰৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছে । নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত উৰণ সেতুখন নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰৰ কেইবাজোপা শতবৰ্ষ পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

শপতনামা দাখিল নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (ETV Bharat Assam)

তাৰ পিছতে সচেতন ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল । এই আবেদনৰ ভিত্তিত মঙলবাৰে চৰকাৰলৈ জাননী জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । ১৩ নবেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ।

আবেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দৰ্শোৱা জেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে কয়,"দীঘলীপুখুৰীৰ গছ কটা সন্দৰ্ভত ১১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব চৰকাৰে । এই সময়ছোৱাৰ ভিতৰত চৰকাৰৰ বিকল্প পৰিকল্পনাৰ সবিশেষ জনাব লাগিব । ১৩ নবেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ।"

উল্লেখ্য, নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ উৰণ সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল কেইগৰাকীমান সচেতন নাগৰিকে । গোচৰটোত আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে যুক্তিৰ দৰ্শোৱাৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাই মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ।

লগতে পঢ়ক: দীঘলীপুখুৰী উৰণ সেতু বিতৰ্ক; চৰকাৰক পুনৰ সকীয়নি জুবিন গাৰ্গৰ

ভিডিঅ’বাৰ্তা যোগে চৰকাৰক কি নতুন আইডিয়া দিলে জুবিনে ?

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই বিকল্পৰ সন্ধানত নামিল দিছপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.