ETV Bharat / state

গণশক্তিৰ নেতা ৰাজু মেদকক আটক; জোনাই থানাত উত্তপ্ত পৰিস্থিতি

Raju Medok Arrested : দীৰ্ঘদিন ধৰি পলাতক, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা এমএচিৰ ইএম, মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকক অৰুণাচলত আটক । আনহাতে, প্ৰাক্তন ইএম তথা গণশক্তিৰ নেতা ৰাজু মেদকক আটক কৰাক লৈ জোনাই আৰক্ষী থানা ঘেৰাও সমৰ্থকৰ ৷

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 7:24 AM IST

প্ৰাক্তন ইএম তথা গণশক্তিৰ নেতা  ৰাজু মেদকক আটক

জোনাই, ১২ মাৰ্চ : আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ দুৰ্নীতিত লিপ্ত হোৱা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকক সোমবাৰে বিয়লি অৰুণাচল প্ৰদেশৰ য়িংকঙৰ সমীপত আটক কৰা হয় । মিচিং জনগোষ্ঠীক দীৰ্ঘদিন ধৰি সন্মুখৰ পৰা নেতৃত্ব দি অহা ৰাজু মেদকে আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ যোৱা ৮ জানুৱাৰীৰ পৰা ঘৰ এৰি পলাতক অৱস্থাত আছিল ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাই বজাৰ, তাৰি বিজয়পুৰ, মেচাকি, চুংক্ৰাং, ২ নং মিছামৰা, কপলং মহমৰা, ৰিগবি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে ২৫ লাখ টকাকৈ আৱণ্টন দিছিল । চৰকাৰী নিৰ্দেশনা অনুসৰি আঁচনিকেইখনৰ নিৰ্মাণ সমিতিৰ সভাপতিৰ দায়িত্বত আছিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য তথা মিচিং মহাসভাৰ (মিচিং বাঃনে কেবাং) সাধাৰণ সম্পাদক ৰাজু মেদক ।

পূৰ্বে কৰা পৰিকল্পনা অনুসৰি যোৱা বৰ্ষৰ ৬ এপ্ৰিলত মেচাৰ্চ কে কে এণ্টাৰপ্ৰাইজ নামৰ হাৰ্ডৱেৰ দোকানৰ নামত থকা জোনাই বজাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ ৪১৪৯৬৭৮৯০৪৮ একাউণ্টলৈ এই ৮ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ বেংক একাউণ্টৰ পৰা ৬ লাখ ৭৫ হেজাৰ টকাকৈ মুঠ ৫৪ লাখ টকা স্থানান্তৰিত কৰে ।

চৰকাৰী বেংক একাউণ্টৰ পৰা স্থানান্তৰিত হোৱাৰ একে দিনা কে কে এণ্টাৰপ্ৰাইজৰ পৰা ৰাজু মেদকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত থকা মেদক এণ্টাৰপ্ৰইজলৈ ৬ এপ্ৰিল তাৰিখে ২১ লাখ লাখ টকা স্থানান্তৰিত কৰে । আকৌ তাৰ দুদিন পিচত ১৮ এপ্ৰিল তাৰিখে পুনৰ ১৮ লাখ টকা স্থানান্তৰিত কৰে ।

৬ এপ্ৰিল তাৰিখে ৰাজু মেদকে টক্সম ইলেক্ট্ৰিক মটৰ্ছ প্ৰাইভেট লিমিটেডৰ নামত ২১ লাখ টকা, ১৮ এপ্ৰিল তাৰিখে আমাই পেগুৰ নামত ৩ লাখ টকা আৰু গুৱাহাটীৰ ব্যৱসায়ী কলিল দত্ত চৌধাৰীৰ লালগণেশ শাখাৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টলৈ ১২ লাখ টকা স্থানান্তৰ কৰে ।

নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চৰকাৰী ধন ব্যয় কৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ পুঁজি আত্মসাৎ কৰাৰ বিৰুদ্ধে ধেমাজি জিলা প্ৰশাসনে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দুৰ্নীতিৰ বিষয়টো অৱগত হয় । বিগত বৰ্ষৰ ৫ অক্টোবৰ তাৰিখে ধেমাজি জিলা উপায়ুক্ত কাৰ্যলয়ত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ধেমাজি জিলা প্ৰশাসনৰ সকলো বিভাগৰ বিষয়াসকলৰ মাজত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

এই পৰ্যালোচনা সভাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ টকা আত্মসাৎ কৰা বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ মন্ত্ৰী অজন্তা নেওগে নিৰ্দেশনা দিয়ে । ধেমাজি জিলা প্ৰশাসনে তদন্তৰ শেষত যোৱা ২৯ ডিচেম্বৰ তাৰিখে জিলা সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতিৰেখা গগৈয়ে জোনাই সদৰ থানাত এজাহাৰ দাখিল কৰে । জোনাই আৰক্ষী থানাত ৰাজু মেদকৰ বিৰুদ্ধে ১৫৯/২৩ নং ভাৰতীয় দণ্ড বিধি ৪০৬/৪২০/৪০৯/৩৪ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰে ।

ইপিনে ৮ জানুৱাৰীৰ পৰা আটক কৰাৰ ভয়ত নিৰাপদ স্থানত আত্মগোপন কৰি আছিল ৰাজু মেদক । যোৱা ১৩ জানুৱাৰী তাৰিখে মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতৃত্বত অনুষ্ঠিত ক'ৰ সমিতিৰ সভাত মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক, আদি- মিচিং বাঃনে কৌবাঙৰ সভাপতি, মিচিং মিমাগ কৌবাং চমুকৈ এমএমকেৰ উপ- সভাপতি, সন্মিলিত গণ শক্তি, অসমৰ জোনাই ব্লক সমিতিৰ সভাপতি আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ পদবী কৰ্তন কৰিব লাগে বুলি প্ৰস্তাৱ লয় ।

টিএমপিকে, এমএমকে, টিএমএমকেৰ ক'ৰ সমিতিৰ সিদ্ধান্তৰ পিচতে সকলো সৰ্ব্বোচ্চ পদবী হেৰুৱায় মিচিং জনগোষ্ঠীৰ শীৰ্ষ নেতাগৰাকীয়ে । আনহাতে, আৰক্ষীয়ে প্ৰাক্তন গণশক্তিৰ নেতা ৰাজু মেদকক আটক কৰাৰ পিচতে জোনাই থনাত সমৰ্থকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

শ শ সমৰ্থকে জোনাই আৰক্ষী থানা ঘেৰাও কৰি ৰাজু মেদকক উলিয়াই দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজু মেদক জিন্দাবাদ, ৰাজু মেদকক মুক্তি দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে থানা চৌহদ ৷ অৱশেষত দণ্ডাধীশ উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বুজনি দিয়াতহে পৰিস্থিতি কিছু শাম কাটে যদিও পৰৱৰ্তী সময়ত আৰু জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সমৰ্থকসকলে ৷

উল্লেখ্য যে, গোচৰটোত অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল যদিও নাকচ কৰাৰ বাবে আত্মগোপন কৰি আছিল ৰাজু মেদকে । এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে অৰুণাচল আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ য়িংকঙৰ সমীপত আটক কৰি জোনাইলৈ আনে । মঙলবাৰে আদালতত হাজিৰ কৰিব বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : আজিৰে পৰা দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন-2019

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.