ETV Bharat / state

সীমান্তৰ যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰাত গুৰুত্ব প্ৰদান: সেনাৰ গজৰাজ মন্থনত গুৰুত্বপূৰ্ণ আলোচনা - Gajaraj Manthan

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 9:51 PM IST

Gajaraj Manthan of Indian Army: ভাৰতক এতিয়া সকলোৱে সমীহ কৰি চলে ৷ এই মন্তব্য জ্যেষ্ঠ কুটনীতিবিদ আৰু প্ৰতিৰক্ষা বিশেষজ্ঞ লেঃ জেনেৰেল বিনোদ ভাটিয়াৰ ৷ তেজপুৰত গজৰাজ কৰ্পছৰ ‘গজৰাজ মন্থন’ শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰত অংশ লয় জ্যেষ্ঠ কুটনীতিবিদ আৰু প্ৰতিৰক্ষা বিশেষজ্ঞগৰাকীয়ে ৷

Gajaraj Manthan of Indian Army
তেজপুৰত ভাৰতীয় সেনাৰ গজৰাজ মন্থন (ETV Bharat Assam)

তেজপুৰ, ২৪ আগষ্ট : “ভাৰত এতিয়া বিশ্বৰ এক শক্তিশালী দেশ আৰু সকলোৱে এতিয়া আমাক সমীহ কৰে ৷ বাংলাদেশৰ সৈতে আমি আটাইতকৈ দীঘলীয়া সীমা ভাগ কৰিছোঁ ৷ এনে বৃহত্তৰ সীমান্ত এলেকা চীন, পাকিস্তান কাৰোৰে সৈতে নাই ৷ গতিকে বাংলাদেশত যিকোনো ৰাজনৈতিক উত্থান-পতন হ’লে তাৰ প্ৰভাৱ ভাৰতত পৰে৷ বাংলাদেশৰ সৈতে আমাৰ সাংস্কৃতিক, যোগাযোগ, ব্যৱসায় আদি বিভিন্ন সম্পৰ্ক আছে ৷ গতিকে অনাগত দিনত দেশখনত কেনে পৰিৱেশে বিৰাজ কৰে সেইবিষয়ে স্পষ্টৱে তথা সত্যতাৰ ভিত্তিতহে শান্তিপূৰ্ণভাৱে আগবাঢ়িব লাগিব ৷” এই মন্তব্য জ্যেষ্ঠ কুটনীতিবিদ আৰু প্ৰতিৰক্ষা বিশেষজ্ঞ লেঃ জেনেৰেল বিনোদ ভাটিয়াৰ ৷

উল্লেখ্য যে শুকুৰবাৰৰ পৰা তেজপুৰৰ গজৰাজ কৰ্পছত দুদিনীয়াকৈ আয়োজিত হয় ‘গজৰাজ মন্থন’ শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ ৷ উক্ত আলোচনাচক্ৰত অংশ লয় দেশৰ অন্যতম এগৰাকী জ্যেষ্ঠ কুটনীতিবিদ তথা প্ৰতিৰক্ষা বিশেষজ্ঞ লেঃ জেনেৰেল বিনোদ ভাটিয়াই ৷

গজৰাজ মন্থন :

দেশৰ সেনা বাহিনীৰ ভালেসংখ্যক অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া, প্ৰতিৰক্ষাৰে জড়িত বিভিন্ন সংস্থাৰ বিষয়া তথা সামৰিক বিশেষজ্ঞৰ লগতে শীৰ্ষ বিষয়াই অংশলোৱা এই আলোচনাচক্ৰৰ দ্বিতীয় দিনটো দিন তথা শনিবাৰে সত্ৰ আৰম্ভ হয় চতুৰ্থখন অধিৱেশনেৰে ৷

সামৰিক বিশেষজ্ঞৰ এটা দলে পৰিচালনা কৰা উক্ত অধিৱেশনত ‘টেংক আৰু গ্ৰে জ’ন যুদ্ধৰ বিৰুদ্ধে প্ৰতিৰক্ষা’ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । উল্লেখযোগ্য যে পাৰম্পৰিক যুদ্ধৰ সীমা অতিক্ৰমী চলা আধুনিক যুদ্ধক গ্ৰেজ’ন যুদ্ধ বুলি কোৱা হয় ৷ উক্ত আলোচনা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল দুষ্যন্ত সিঙে পৰিচালনা কৰে আৰু বিশেষজ্ঞসকলৰ সৈতে অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল মঞ্জিত সিং আৰু আলোক বিজয়ন্তকে ধৰি কেবাজন বিশেষজ্ঞই অংশ লয় ।

ইয়াত চাইবাৰ, সামৰিক অভিযানৰ কৌশলগত দিশৰ লগতে অস্ত্ৰ-শস্ত্ৰ, তথ্য আদি বিভিন্ন দিশ সামৰি লোৱা হয় ৷ আনহাতে, অধিৱেশনৰ পঞ্চম কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাজ শুক্লাৰ অধ্যক্ষতাত প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল অজয় ​​সিং আৰু অন্যান্যসকলে একাধিক বিষয়ত আলোচনা আগবঢ়ায়৷ উক্ত আলোচনাত জিঅ’-ষ্ট্ৰেটেজিক নিৰাপত্তাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহ প্ৰতিহত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷

আন্তঃগাঁথনি উন্নয়ন :

সেনা বাহিনীৰ সামৰিক আধুনিকীকৰণ আৰু ভাৰতীয় সেনাৰ বহু-বিষয়ৰ স্থিতি তথা অসামৰিক সামৰিক সংযোজনৰ দিশসমূহ কৌশলগত আৰু কাৰ্যকৰী দিশত কেনেদৰে এক সুদৃঢ় পৰিকাঠামো গঢ়ি তোলা হ’ব পাৰে সেই লৈয়ো চৰ্চা হোৱাৰ উপৰি সেনাৰ বাবে অপৰিহাৰ্য মূল গাঁথনিগত, প্ৰট’কল আৰু পদ্ধতিগত পৰিৱৰ্তনসমূহৰ ওপৰতো আলোকপাত কৰা হয় । উল্লেখযোগ্য যে তেজপুৰৰ চতুৰ্থ ক’ৰত আয়োজিত এই আলোচনাচক্ৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ভৱিষ্যতৰ দিশত গুৰুত্ব আৰোপ কৰে প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল অজয় ​​সিঙে ।

অনুষ্ঠানৰ মহত্বপূৰ্ণ আলোচনাত প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল ৰাজ শুক্লাই ‘ভাৰতৰ বাবে সমসাময়িক প্ৰত্যাহ্বান আৰু আগন্তুক পথ’ শীৰ্ষক গুৰুত্বপূৰ্ণ দিশটোৰ ওপৰত বক্তব্য আগবঢ়ায় । তেওঁ ভাৰতৰ সীমান্তত উদ্ভৱ হ’বপৰা যিকোনো আকস্মিক পৰিস্থিতিৰ বাবে ২৪ ঘণ্টাই কাৰ্যকৰীভাৱে প্ৰস্তুত হোৱাৰ প্ৰয়োজনীয়তা আৰু আত্মনিৰ্ভৰ ভাৰতৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷ আলোচনা চক্ৰখনত সমসাময়িক কৌশলগত, মতসাপেক্ষ, সামৰিক আধুনিকীকৰণ আৰু গ্ৰে জ’নৰ প্ৰত্যাহ্বানসমূহ নিৰ্মূল কৰাৰ বাবে পৰ্যালোচনা কৰাৰ লগতে একাধিক কাৰ্যক্ষেত্ৰ অতিক্ৰম কৰি এক যুক্তিযুক্ত আৰু পৰিস্থিতিসাপেক্ষ কৌশল প্ৰস্তুত কৰিবলৈ দেশৰ নিৰাপত্তা ব্যৱস্থাৰে জড়িত শক্তিটোৱে গ্ৰহণ কৰিবলগীয়া উপযুক্ত ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱা হয় ৷

আনহাতে তেজপুৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল অতুল শ্ৰীধৰণে জনায় যে এই আলোচনাৰ মাধ্যমেৰে সেনাৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে আৰু পুংখানুপুংখ পৰস্পৰে পৰস্পৰৰ মাজত থকা প্ৰসংগসমূহ বিস্তৃতভাৱে আলোচনা কৰা হয় ৷

লগতে পঢ়ক : ভাৰতৰ ভৌগোলিক কৌশলগত পৰিস্থিতি সন্দৰ্ভত সেনাৰ আলোচনাচক্ৰ

তেজপুৰত ভাৰতীয় সেনাৰ চীনৰ বিষয়ে আলোচনা চক্ৰ 'গজৰাজ মন্থন'

আইটিএমৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰিছে এআই ৰবট সেনা: ইয়াৰ বিশেষত্ব কি হ'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.