ETV Bharat / state

"ভাৰত মাতা কী জয়"; শেষকৃত্যৰ ক্ষণত হিয়াভগা আৰ্তনাদ ছহিদ গৌতম ৰাজবংশীৰ পত্নীৰ - Martyred Gautam Rajbanshi

Army jawan killed in Ladakh: নিৰুদ্দেশ হোৱাৰ 8 মাহৰ পিচত লাডাখত বৰফৰ মাজত উদ্ধাৰ হ’ল সেনা জোৱান গৌতম ৰাজবংশীৰ মৃতদেহ ৷ বুধবাৰে নিশা ধেমাজিত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে ছহিদ সেনা জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 1:17 PM IST

Updated : Jul 11, 2024, 2:02 PM IST

Army jawan killed in Ladakh
ছহিদ গৌতম ৰাজবংশীৰ শেষকৃত্য সম্পন্ন (ETV Bharat Assam)

ধেমাজি, 11 জুলাই: বুধবাৰে নিশা সেনাৰ পুষ্পসজ্জিত বাহনত ধেমাজি জিলাৰ গোগামুখৰ নিজা বাসগৃহলৈ অনা হয় ছহিদ সেনা জোৱান গৌতম ৰাজবংশীৰ নশ্বৰদেহ ৷ ইয়াৰ পিচতে ছহিদৰ বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । বীৰ ছহিদ গৌতম ৰাজবংশীৰ নিথৰ দেহ উন্মুক্ত কৰি গামোচা আৰু ফুলৰ মালাৰে অন্তিম শ্ৰদ্ধা জনায় পত্নী-পুত্ৰ, পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সকলোৱে ৷

অশ্ৰুসিক্ত নয়নেৰে আত্মীয়ই নিথৰ দেহৰ মুখত চামুচেৰে পানী যঁচা দেখি সকলোৰে বুকুত শোকে খুন্দা মাৰি ধৰে । ইপিনে নিশাই বীৰ ছহিদগৰাকীক অন্তিম শ্ৰদ্ধা জনাবলৈ উপস্থিত হয় ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিভিন্ন দল-সংগঠন আৰু স্থানীয় লোকসকল ৷

ছহিদ জোৱানৰ নিথৰ দেহ কঢ়িয়াই অনা ভাৰতীয় সেনা জোৱানসকলে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে অন্তিম চেল্যুট দি বিদায় জনায় গৌতম ৰাজবংশীক ৷ নিশায়েই ছহিদগৰাকীৰ অন্তিম সৎকাৰো সম্পন্ন কৰা হয় ৷

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ৭ অক্টোবৰত লাডাখৰ গুলমাৰ্গত ভাৰতীয় সেনাৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল অসমৰ ধেমাজি জিলাৰ গোগামুখৰ গৌতম ৰাজবংশী নামৰ সেনা জোৱানজন ৷ প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাতে হঠাত্‍ হোৱা হিমস্খলনৰ ফলত বৰফেৰে আবৃত্ত ওখ পৰ্বতৰ পৰা খহি আহে গোগামুখৰ গৌতম ৰাজবংশীৰ লগতে আন তিনিজন সেনা জোৱান ।

তাৰ পিচৰে পৰাই সন্ধানহীন হৈ আছিল চাৰিওজন জোৱান । যোৱা ৮ অক্টোবৰত এজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিচতেই ৪ জন জোৱানকে ছহিদ বুলি ঘোষণা কৰা হয় যদিও বাকী তিনিজনৰে মৃতদেহৰ সন্ধান পাবলৈ সক্ষম হোৱা নাছিল সেনা । ঘটনা সংঘটিত হোৱাৰ পিচদিনা গৌতম ৰাজবংশীৰ ঘৰলৈ খবৰ দিছিল সেনাৰ শীৰ্ষ পৰ্যায়ৰ পৰা । অৱশেষত বৰফৰ মাজত উদ্ধাৰ হ’ল গৌতমৰ নিথৰ দেহ ৷

লগতে পঢ়ক: লাডাখত ছহিদ অসমৰ সেনা জোৱান : আঠমাহৰ পিচত মৃতদেহ উদ্ধাৰ - Army personnel dead in Ladakh

লগতে পঢ়ক: লাডাখত হঠাৎ আহিল বান, নিমিষতে টি 72 টেংকসহ উটি গ’ল 5 ভাৰতীয় সেনা জোৱান

Last Updated : Jul 11, 2024, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.