ETV Bharat / state

চিকিৎসকৰ প্ৰতিবাদ: গৰ্ভৱতী মহিলাৰ পৰা আৰম্ভ কৰি বৃদ্ধ ৰোগীৰো আহুকাল - IMA calls for 24 hours strike

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:24 PM IST

Protest against rape and murder : কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত । কৰ্তব্যৰত মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ সমগ্র দেশৰ লগতে অসমতো চৰকাৰী, বেচৰকাৰী আৰু কৰ্পোৰেট হাস্পতালৰ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest against rape and murder
চিকিৎসকৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ১৭ আগষ্ট: চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিল ৰাজ্য়ৰ চিকিৎসা সেৱা । পশ্চিমবংগত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ বিৰুদ্ধে জনোৱা প্ৰতিবাদ আৰু চিকিৎসকৰ নিৰাপত্তাৰ দাবীত শনিবাৰে দেশৰ আন প্ৰান্তৰ লগতে ৰাজ্য়ৰ চিকিৎসা সেৱা স্তব্ধ হৈ পৰাত ৰোগীসকল আহুকালৰ সন্মুখীন হয় । আজিৰ দিনটোত ৰোগী তথা ৰোগীৰ অভিভাৱকে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে ই টিভি ভাৰতৰ আগত কৰিলে বৰ্ণনা ।

চিকিৎসকৰ প্ৰতিবাদ (ETV Bharat Assam)

জি এম চি এইচত চিকিৎসকৰ বাবে দীৰ্ঘ সময় অপেক্ষাত :

মহিলাগৰাকীৰ বয়স ৩২ বছৰ। তেওঁ স্বামীৰ লগত গুৱাহাটীৰ নাৰেঙ্গীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অহা প্ৰসূতি বিভাগৰ বহিঃবিভাগত বহুত সময় চিকিৎসকৰ অপেক্ষাত আছে । অন্তঃসত্বা মহিলাগৰাকীয়ে হঠাৎ হোৱা অসুস্থতাৰ বাবে হাস্পতালত আজি চিকিৎসকক দেখুৱাব আহিছিল । তেওঁলোক অবগত নাছিল যে আজি চিকিৎসকসকলে কৰ্মবিৰতি কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । যাৰ বাবে তেওঁলোকে চিকিৎসকক দেখুওৱাৰ ক্ষেত্ৰত বহুত আহুকালৰ সম্মুখীন হ'ব লগা হয় । নাম প্ৰকাশত অনিচ্ছুক মহিলাগৰাকীৰ স্বামীয়ে কয়," তেওঁ কালিৰে পৰা অসুস্থ হৈ আছিল । যাৰ বাবে আজি হাস্পতালত এবাৰ চিকিৎসকক দেখুৱাম বুলি আহিছিলো । আন্দোলনৰ কথা গম পোৱা নাছিলো । প্ৰথমে মেডিকেলৰ কৰ্মচাৰীয়ে অ' পি ডিত নাম পঞ্জীয়ন কৰিব বিচৰা নাছিল । কিন্তু জৰুৰী ৰোগীকহে অ' পি ডিত চোৱা‌ হ'ব বুলি ক'লে । প্ৰথমে আমাৰ নাম পঞ্জীয়ন কৰিব বিচৰা নাছিল যদিও পিছত কৰিলে। তাৰ পিছত চিকিৎসকক বহুত সময়‌ অপেক্ষা কৰি শেষত পালো । "

চিকিৎসকৰ অপেক্ষাত ৰোগীৰ বোন্দাপৰ:

এনেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে নহয়, গুৱাহাটীত থকা চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ৰোগীসকলে আজিৰ দিনটোত এনে আহুকালৰ সন্মুখীন হ'ব লগা হয় । সঞ্জীৱনী হাস্পতালতো বিভিন্ন চিকিৎসাৰ বাবে অহা একাংশ ৰোগী বহিঃবিভাগত চিকিৎসকৰ অপেক্ষাত বহুত সময় বোন্দাপৰ দি থকা দেখা যায় । নাম প্ৰকাশত অনিচ্ছুক এজন ৰোগীৰ অভিভিৱকে কয়," দেউতাৰ দুদিনমানৰ পৰা বাওভৰিখনৰ বিষ হৈ আছিল ।‌ ভালদৰে খোজকঢ়াত অসুবিধা হৈ আছিল ।‌ আজি সেইবাবে প্ৰতিবাদৰ কথা গম পায়ো চিকিৎসকক দেখুৱাম বুলি আনিছো । প্ৰতিবাদৰ বাবে বহুত অনুৰোধ কৰাৰ পিছত হাস্পতালত দেউতাৰ নাম পঞ্জীয়ন নকৰাকৈ চিকিৎসকক দেখুওৱাৰ অনুমতি দিছে । কিন্তু ডেৰ ঘন্টা হ'ল চিকিৎসক এতিয়াও অহা নাই । "

ভাৰতীয় চিকিৎসা সংস্থাই আহ্বান জনোৱা ২৪ ঘণ্টীয়া কৰ্মবিৰতি সকলো চিকিৎসালয়ত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ফলত আজি সকলো হাস্পতালতে বহিঃবিভাগ আৰু অস্ত্ৰোপচাৰ বিভাগ বন্ধ ৰখাৰ বাবে চিকিৎসাৰ অহা ৰোগীসকল সমস্যাৰ সম্মুখীন হয়। এই সন্দৰ্ভত ভাৰতীয় চিকিৎসা সংস্থাৰ নেচনেল কাউন্সিল সদস্য় ডাঃ ভৱেন চৌধুৰীয়ে কয়," আজি পুৱা ৬ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ চৰকাৰী, বেচৰকাৰী আৰু কৰ্পোৰেট চিকিৎসালয়ৰ বহিঃবিভাগ আৰু অস্ত্ৰোপচাৰ বিভাগ বন্ধ ৰখা হৈছে । মাত্ৰ জৰুৰী সেৱা আৰু জৰুৰী ৰোগীসকলক চিকিৎসালয়বোৰত পৰীক্ষা আৰু অস্ত্ৰোপচাৰ কৰা হৈছে । '

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাই ভিৰ :

উল্লেখ্য যে চিকিৎসকসকলৰ ধৰ্মঘটৰ বাবে সদায় মানুহেৰে ঠাহ খাই থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত শনিবাৰে মানুহৰ ভিৰ কম পৰিলক্ষিত হয় । গুৱাহাটীৰ বেচৰকাৰী চিকিৎসালয়বোৰতো মানুহৰ উপস্থিতি সেৰেঙা দেখা যায় ।

লগতে পঢ়ক:চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাৰ বিৰুদ্ধে অসমত চিকিৎসকৰ প্ৰতিবাদ, স্তব্ধ চিকিৎসা সেৱা - IMA calls for 24 hours strike

বিমান বন্দৰসমূহৰ দৰে চিকিৎসালয়তো হ’ব লাগে কটকটীয়া নিৰাপত্তা ব্যৱস্থা : আই এম এ - RG Kar Rape Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.