ETV Bharat / state

মহানগৰীত এইবাৰ ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ : জব্দ নকল পিষ্টল-পৰিচয়পত্ৰ - Fake Police Officer

Fake police officer arrested in Guwahati : ভুৱা আৰক্ষীয়ে বিষয়াই ভৰি পৰিছে ৰাজ্য ৷ দেওবাৰে মহানগৰীত এগৰাকী ভুৱা সহকাৰী আৰক্ষী আয়ুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল আন এটা প্ৰৱঞ্চকক ৷ যি বিভিন্ন সময়ত চি বি আই বিষয়াকে আদি কৰি বিভিন্ন পৰ্যায়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ বেশ ধৰি আহিছিল ৷

Fake police officer arrested in Guwahati
ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 6:19 PM IST

গুৱাহাটী, ১৯ আগষ্ট : ভুৱা আৰক্ষীৰে ভৰিছে গুৱাহাটী মহানগৰী ৷ ভুৱা ACPৰ পিচত এইবাৰ মহানগৰীত ওলাল ভুৱা আৰক্ষী বিষয়া ৷ জালুকবাৰী আৰক্ষীৰ জালত পৰা ভুৱা আৰক্ষী ফায়েজুল হাজৰিকা ওৰফে ডেনিছৰ অৱশ্যে বিভিন্ন সময়ত পৰিচয় সলনি হৈ থাকে ৷ বেশ ধৰে CBI বিষয়াপৰ্যন্ত ৷

ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ (ETV Bharat Assam)

জালুকবাৰীৰ শৰাইঘাট নগৰৰ পৰা আটক কৰা হয় ভুৱা CBI বিষয়াজনক । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আৰক্ষীৰ পোচাকত গুৱাহাটীৰ বিভিন্ন স্থানত টহল দি আছিল ফায়েজুলে । কেতিয়াবা উপ-আৰক্ষী অধীক্ষক, কেতিয়াবা CBI বিষয়া আকৌ কেতিয়াবা আৰক্ষীৰ উপ-পৰিদৰ্শকৰূপে ফায়েজুলে বিভিন্নজনক পৰিচয় দি আহিছে ৷ আনকি ১৫ আগষ্টত খানাপাৰাতো আৰক্ষীৰ পোচাক পিন্ধি কৰ্তব্য পালন কৰিছিল বুলিও প্ৰকাশ ।

বিগত বহুদিন ধৰি এনে কাৰুকাৰ্য কৰি আহিছিল প্ৰৱঞ্চকটোৱে । দীৰ্ঘদিন প্ৰৱঞ্চনা কৰি অৱশেষত জালুকবাৰী আৰক্ষীৰ জালত পৰিল ফাইজুল হাজৰিকা ওৰফে ডেনিছ ৷ ছিপাঝাৰৰ কবেইচুবাৰ ফায়েজুলে ছয়মাইলত ভাৰাতীয়া হিচাপে বাস কৰিছিল । আৰক্ষীয়ে ছয়মাইলস্থিত ভাৰাঘৰত তালাচী চলাই জব্দ কৰে দুটা নকল পিষ্টল, মোবাইল ফোন, কেবাখনো ভুৱা পৰিচয়পত্ৰ । যুৱকজনে ভুৱা পৰিচয়পত্ৰ আৰু নকল পিষ্টল লৈ বহুলোকক প্ৰৱঞ্চনা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে শনিবাৰে ৰঙা-নীলা লাইট লগোৱা বলেৰ’ত আৰক্ষীৰ পোচাক পিন্ধি ঘূৰি ফুৰা ভুৱা আৰক্ষী বিষয়াক অসম আৰক্ষীৰ অপৰাধ শাখাই ফটাশিল আমবাৰীত গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ বেশত মহানগৰ আৰক্ষীৰ এ চি পি হিচাপে বলেৰ’ত ঘূৰি বিভিন্ন স্থানত গোচৰৰ নামত টকা দাবী কৰি গ্ৰেপ্তাৰ হৈছিল ভুৱা আৰক্ষী বিষয়া ৰিংকু কলিতা ।

লগতে পঢ়ক : দেহত খাকী, গাড়ীত ৰঙা লাইট লগাই ভুৱা এচিপি পৰিল সঁচা আৰক্ষীৰ জালত

মৰিগাঁৱত ভুৱা শিক্ষক : গোচৰৰ তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ আদালতৰ

সোণাইত ব্লেকমেইল কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী ভুৱা সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.