লখিমপুৰ, ১৩ মে’ : খেলৰ দিশত আগবাঢ়িছে অসম ৷ শিক্ষাগত অৰ্হতাৰ লগতে খেলৰ দ্বাৰাও যে জীৱন যুদ্ধত আগবাঢ়ি যাব পাৰি, সেই কথা সকলোৱে উপলব্ধি কৰিব পাৰিছে ৷ আজিকালি ঠায়ে ঠায়ে বিভিন্ন খেলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ লগতে খেল সন্দৰ্ভত সজাগতা সভাও অনুষ্ঠিত হয় যে খেলে আমাৰ জীৱনক কিদৰে প্ৰভাৱিত কৰিব পাৰে ৷
![four youths from lakhimpur get medals at international karate Championship in kerala](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-05-2024/as-lakhimpur-13may-01-bytvislpix-karateechampion-jibangoswami-10046_13052024094747_1305f_1715573867_997.jpg)
আজিকালি অভিভাৱকসকলেও নিজ নিজ সন্তান খেলৰ দিশটোত আগবাঢ়ি যোৱাটো বিচাৰে ৷ পঢ়া-শুনাৰ সমান্তৰালকৈ খেল-ধেমালিৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিলে অসমৰ ল’ৰা-ছোৱালীয়ে এতিয়াতকৈয়ো আগলৈ আৰু সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব ৷
![four youths from lakhimpur get medals at international karate Championship in kerala](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-05-2024/as-lakhimpur-13may-01-bytvislpix-karateechampion-jibangoswami-10046_13052024094747_1305f_1715573867_567.jpg)
![four youths from lakhimpur get medals at international karate Championship in kerala](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-05-2024/as-lakhimpur-13may-01-bytvislpix-karateechampion-jibangoswami-10046_13052024094747_1305f_1715573867_293.jpg)
শেহতীয়াকৈ অসম সন্তানে বহিঃৰাজ্য কেৰালাত কাৰাটে খেলি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ পৰা যোৱা দলটোৱে সোণসহ চাৰিটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে । কেৰালাৰ কোৰিকতত অৱস্থিত ভি কে কৃষ্ণমেনন ইন্দোৰ ষ্টেডিয়ামত যোৱা ১১ আৰু ১২ মে’ তাৰিখে অনুষ্ঠিত হোৱা ৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত জাপান শতকান এছ’চিয়েশ্যন অসমৰ অধীনত ভাৰতীয় দলত অংশগ্ৰহণ কৰা লখিমপুৰ জিলা শটকান কাৰাটে এছ’চিয়েশ্যনৰ স্বীকৃতিপ্ৰাপ্ত মাৰ্ছিয়েল আর্টছ এণ্ড স্পর্টছ একাডেমীৰ চাৰিগৰাকী খেলুৱৈয়ে দুটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি লখিমপুৰ জিলা তথা অসম আৰু ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
![four youths from lakhimpur get medals at international karate Championship in kerala](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-05-2024/as-lakhimpur-13may-01-bytvislpix-karateechampion-jibangoswami-10046_13052024094747_1305f_1715573867_171.jpg)
![four youths from lakhimpur get medals at international karate Championship in kerala](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-05-2024/as-lakhimpur-13may-01-bytvislpix-karateechampion-jibangoswami-10046_13052024094747_1305f_1715573867_460.jpg)
কুমিত্তে শাখাত সোণৰ পদক প্ৰাপ্ত খেলুৱৈসকল হ’ল ক্ৰমে কুনাল ৰয় আৰু ৰীয়া ৰাণী শইকীয়া, ব্ৰঞ্জৰ পদক প্ৰাপ্ত খেলুৱৈসকল হল দুবৰী দত্ত আৰু খ্ৰীতম ভূঞা । খেলুৱৈসকলৰ এই সাফল্যত ৰাইজে শুভেচ্ছা জনাইছে ।
লগতে পঢ়ক : কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত দেওহাঁহ কাৰাটে চেম্পিয়নশ্বিপ - karate Championship