ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত সফলতাৰ খতিয়ান তুলিৰাম ৰংহাঙৰ - Karbi Anglong Autonomous Council

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:59 PM IST

Foundation day of KAAC : ১৯৫২ চনত গঠিত হৈছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ । আজি প্ৰতিষ্ঠা দিৱসত জিলাখনৰ স্ৰষ্টা ৰূপে পৰিচিত ছেমছনছিং ইংতিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিক স্মৰণ ।

Foundation day of KAAC
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (ETV BHARAT ASSAM)

ডিফু, ২৩ জুন: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে পালন কৰা হয় ৷ কাৰ্বি যুৱ মহোৎসৱস্থলী তাৰালাংচৰ ছেৰতালিন প্ৰেক্ষাগৃহত এই দিৱস পালন কৰা হয় ৷ এই উপলক্ষে পুৱা পুৱা ৮-৩০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পৰিষদৰ অধ্যক্ষ ৰাজু তিচ'ই ৷ ইয়াৰ পিছতেই জিলাখনৰ স্ৰষ্টা ৰূপে পৰিচিত ছেমছনছিং ইংতি, প্ৰথমগৰাকী মুখ্য কাৰ্যবাহ সদস্য তথা প্ৰথমগৰাকী বিধায়ক খৰছিং তেৰাং , ছাৰছিং তেৰন (লাংকুং হাবেৰ)ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ।

পুৱা ১১ বজাত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ', উপাধ্যক্ষ অজিত কুমাৰ দে', মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক বিদ্যাছিং ইংলেং, ৰূপছিং তেৰন, দৰছিং ৰংহাং উপস্থিত থাকে ৷ কাৰ্বি পৰাম্পৰাগত ৰজা লংছিং ৰংহাং, পৰিষদৰ সকলো কাৰ্যবাহী সদস্য আৰু এমএচি মুকলি সভাত উপস্থিত থাকে ৷ সভাত ডাঃ মমিনে পৰিষদ গঠনৰ জৰিয়তে জিলাখনৰ আৰ্থ-সামাজিক দিশত প্ৰভূত উন্নয়ন হোৱাৰ কথা উল্লেখ কৰে ৷

বিধায়ক বিদ্যাছিং ইংলেঙে ১৯৫২ চনত জিলা পৰিষদ গঠন হোৱাৰ পৰা বৰ্তমানৰ স্বায়ত্তশাসিত পৰিষদলৈ পৰিষদখন উন্নীত হোৱাৰ পৰিক্ৰমাৰ কথা উল্লেখ কৰি পূৰ্বে মাথো কেইটামান বিভাগ থকাৰ কথা সদৰী কৰে । ক্ৰমান্বয়ে শক্তিশালী হোৱা পৰিষদখনৰ জৰিয়তে বৰ্তমান সকলো ক্ষেত্ৰতে কাৰ্বি জাতি আগুৱাই যোৱা বুলি দাবী কৰে ৷ বৰ্তমান কাৰ্বি সমাজত চিকিৎসক, অভিযন্তা, শীৰ্ষ আৰক্ষী বিষয়া, অধিবক্তাকে ধৰি সকলো ক্ষেত্ৰতে কাৰ্বি যুৱক-যুৱতীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হেৱা বুলি কয় ৷

লগতে পঢ়ক: 30 দিনৰ ভিতৰত পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবী

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদখনে বৰ্তমান দুয়োখন পাৰ্বত্য জিলাৰ উন্নয়নত ক্ষিপ্ৰতাৰে আগুৱাই যোৱা বুলি দাবী কৰি দুয়োখন জিলাত চিকিৎসা মহাবিদ্যালয়,বিএড কলেজকে আদি কৰি শিক্ষা প্ৰতিষ্ঠান গঢ়লৈ উঠাৰ কথা উল্লেখ কৰে ৷ কাষৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ উদাহৰণ দি নাগালেণ্ডত চিকিৎসা মহাবিদ্যালয়, কেঞ্চাৰ প্ৰতিষ্ঠান নথকাৰ বিপৰীতে ডিফুত এই দুই প্ৰতিষ্ঠান হোৱাটো গৌৰৱৰ কথা বুলি তেওঁ কয় ৷ জিলাখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীক লগতলৈ উন্নয়নমূলক কাৰ্যসূচী আগুৱাই নিব বুলি ৰংহাঙে কয় ৷

অহা ১ জুলাইৰ পৰা নতুন আইন সমূহ প্ৰৱৰ্তন হ'লেও কাৰ্বি পৰাম্পৰাগত আইনী প্ৰক্ৰিয়াৰ কোনো ক্ষতি নহয় বুলি দাবী কৰে ৰংহাঙে ৷ ইপিনে,কেন্দ্ৰীয় চৰকাৰৰ আৱাস গৃহ, বিনামূলীয়া চাউল,আয়ুস্মান আঁচনিকে ধৰি অসম চৰকাৰ আৰু পৰিষদে গ্ৰহণ কৰা আঁচনি সমূহৰ সমাজৰ দুখীয়া-দৰিদ্ৰ শ্ৰেণীৰ লগতে দুয়োখন পাৰ্বত্য জিলাৰ চেুকে কোণে লাভ কৰিছে নে নাই তাৰ তদাৰক কৰিবলৈ পৰিষদে জুলাইৰ পৰা গাঁৱে-ভূঞে জনতাৰ কাষ চাপিব বুলি ৰংহাঙে মন্তব্য কৰে ৷

লগতে পঢ়ক:পঞ্চায়ত-গ্ৰাম্য উন্নয়নৰ ১৪ কোটি টকাৰে ভিয়েটনাম ভ্ৰমণ তুলিৰাম এণ্ড কোম্পানীৰ ! - Tuliram and Company visits Vietnam

KAAC Budget Session 2023-24 : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 246 সংখ্যক বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.