ETV Bharat / state

চাহ শ্ৰমিকৰ ক্ষেত্ৰত আটাইতকৈ বেছি নিয়ম ভংগ কৰিছে অসম চৰকাৰে : পৱন সিং ঘাটোৱাৰ - Assam Tea Corporation Limited

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 7:24 PM IST

Paban Singh Ghatowar on Assam tea gardens : চাহ শ্ৰমিকৰ সমস্যাক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ ৷ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে চাহ বাগিচাৰ শ্ৰমিকে সমস্যাৰ মাজত দিন কটাবলগীয়া হৈছে বুলি অভিযোগ ৷

Paban Singh Ghatowar on Assam tea gardens
অসম চাহ মজদুৰ সংঘৰ সংবাদমেল (ETV Bharat Assam)

ডিব্ৰুগড়, ২৭ জুলাই : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে ।

চাহ বাগিচাৰ সমস্যাৰ সন্দৰ্ভত অসম চাহ মজদুৰ সংঘৰ সংবাদমেল (ETV Bharat Assam)

কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিকৰ বাবে বহু অভিলাষী আঁচনি ৰূপায়ণ কৰিছে যদিও বাস্তৱত আজিও চৰকাৰৰ অভালাষী আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই চাহ শ্ৰমিকসকলক । চাহ শ্ৰমিকৰ সমস্যাক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰৰ সংবাদমেল ।

ডিব্ৰুগড়ৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । সংবাদমেলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘শেহতীয়াকৈ অসমৰ চাহ বাগিচাসমূহ অতি সংকটৰ দিশে আগবাঢ়িছে । ৰাজ্যৰ এখনৰ পিচত আন এখন বাগিচা বিক্ৰী হৈছে । চাহ বাগিচাৰ লগত কোনো সম্পৰ্ক নথকা, চাহ বাগিচাৰ জ্ঞান নথকা ব্যক্তিসকলে বাগিচা ক্ৰয় কৰিছে । যাৰ ফলত বাগিচাৰ শ্ৰমিকসকলৰ বিপৰ্যয় হৈছে । সেয়ে বাগিচা ক্ৰয় কৰাৰ আগত ক্ৰয় কৰিব বিচৰাজনৰ সৈতে চৰকাৰে চুক্তিবদ্ধ কৰিব লাগে ৷’’

আনহাতে অসম চাহ নিগমক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, ‘‘ চাহ নিগমৰ অধীনত থকা চাহ বাগিচাসমূহৰ অৱস্থা দিনক দিনে বেয়া হৈছে । জীৱন বীমা, শ্ৰমিকৰ দৰমহা আদি প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বাগিচাৰ মালিক । নূন্যতম ২৫০ টকা শ্ৰমিকৰ মজুৰি প্ৰদান কৰিব পৰা নাই চৰকাৰী চাহ বাগিচাসমূহত ৷ ইয়াৰ বিপৰীতে কোম্পানী বা ব্যক্তিগত ক্ষুদ্ৰ চাহ খেতিয়কসকলে ২৫০ টকা প্ৰদান কৰিছে ।’’

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত চলা এণ্ড্ৰিউ য়ুল কোম্পানীৰ বিৰুদ্ধেও সৰৱ হৈছে অসম চাহ মজদুৰ সংঘ ৷ সংঘৰ সভাপতিগৰাকীয়ে কয়, ‘‘এই কোম্পানীৰ তত্বাৱধানত চলা বাগিচাসমূহ গভীৰ অৰ্থ সংকটত ভুগিছে । এই কোম্পানীয়ে ৰাজ্যৰ ১০ খন চাহ বাগিচা‌ পৰিচালনা কৰিছে যদিও শ্ৰমিকক দিব পৰা নাই সময়ত মজুৰি আৰু আন সুবিধা । চৰকাৰৰ দুৰ্বলতাৰ বাবে এইদৰে চাহ কোম্পানী সমূহে চাহ শ্ৰমিকক শোষণ কৰিছে ৷’’

সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ চাহ বাগিচাত স্থাপন কৰা আদৰ্শ বিদ্যালয়সমূহত অন্য ঠাইৰ শিক্ষক নিযুক্তি দিয়াৰ সমান্তৰালভাৱে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা চাহ বাগিচাৰ যুৱক-যুৱতীক নিযুক্তিত দিব লাগে ৷ চৰকাৰে চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰিব নিবিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থকাৰ দৰে অসম কেতিয়াও ভাৰতবৰ্ষৰ ৫ নম্বৰত স্থান লাভ কৰিব নোৱাৰে ৷’’

লগতে পঢ়ক : কমি আহিছে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিৰ সংখ্যা

লগতে পঢ়ক : চাহ বাগিচাৰ ৰাস্তাৰ বাবে কেবিনেটৰ ৮০০ কোটি টকাৰ অনুমোদন

লগতে পঢ়ক : চাহ বাগিচাৰ ভোটাৰক লৈ চিন্তিত সৰ্বানন্দ সোণোৱাল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.